বালকৃষ্ণ দোশী | |
---|---|
জন্ম | ২৬ আগষ্ট, ১৯২৭ পুনে, মহাৰাষ্ট্ৰ |
মৃত্যু | ২৪ জানুৱাৰী, ২০২৩ (৯৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | জে. জে. স্কুল অফ আৰ্কিটেক্সাৰ, মুম্বাই |
পেচা | স্থাপত্যবিদ |
জনা যায় | ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আহমদাবাদ নি গোফা, আহমেদাবাদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ![]() ![]() ![]() প্ৰিট্জকাৰ বঁটা, ২০১৮ |
বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ।[1] তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।[2] তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত হ'ল, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আৰু ইন্দোৰৰ কম খৰচী গৃহ উন্নয়ন যাৰ বাবে তেওঁ আগা খান স্থাপত্যবিদ্যা বঁটা লাভ কৰিছিল।[3] ২০১৮ চনত তেওঁ স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ সন্মান প্ৰিট্জকাৰ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় নাগৰিক।[4]
১৯২৭ চনৰ ২৬ আগষ্টত মহাৰাষ্ট্ৰৰ পুনে চহৰত বালকৃষ্ণ দোশীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বিঠালদাস দোশী।[5] তাৰপিছত তেওঁ মুম্বাইৰ জে. জে. স্কুল অফ আৰ্কিটেক্সাৰত স্থাপত্যবিদ্যাৰ শিক্ষা গ্ৰহণ কৰে।
ড॰ বালকৃষ্ণ দোশীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।