নিৰক্ষৰতা (Illiteracy) : পিতৃ-মাতৃৰ নিৰক্ষৰতাৰ বাবে বহু সময়ত ল'ৰা বা ছোৱালীক উপযুক্ত বয়সতকৈ সোনকালে বিবাহ পাশত আৱদ্ধ কৰোৱা হয়। তেওঁলোকে ছোৱালীক শিক্ষা দিয়াটো টকাৰ অপচয় বুলিহে ভাবে। গতিকে তেওঁলোকে ছোৱালীজনীক সোনকালে বিয়া দিয়াৰ কথাহে ভাৱে। সেইদৰে ল'ৰাকো সোনকালে বিয়া পাতি দিব বিচাৰে যাতে ঘৰত এজন সদস্য বাঢ়ে আৰু কৃষিকৰ্মত সহায়ক হয়।[3]
যুটীয়া পৰিয়াল ব্যৱস্থা (Joint family system) : ভাৰতৰ পিতৃপ্ৰধান সমাজ-ব্যৱস্থাত মহিলাৰ কোনো কথাই বিশেষ গুৰুত্ব নাপায়। ছোৱালীক যুটীয়া পৰিয়ালৰ বোজা বুলি ভবা হয়। তদুপৰি কৃষিপ্ৰধান পৰিয়ালত ল'ৰাৰ সোনকালে বিয়া পাতি আৰু এজন সদস্য বৃদ্ধি কৰিব বিচাৰে। তদুপৰি যুটীয়া পৰিয়াল ব্যৱস্থাত ছোৱালীক সোনকালে বিয়া দি বোজা আঁতৰ কৰিব লাগে বুলি ভবা হয়। ইও বাল্য বিবাহৰ এটা প্ৰধান কাৰণ।[2]
ধৰ্মীয় বিশ্বাস (Religious belief) : ভাৰতীয় সমাজত প্ৰচলিত অপ্ৰাসংগিক ধৰ্মীয় বিশ্বাসো বাল্য বিবাহৰ অন্য এক কাৰণ। বহু সমাজত ছোৱালীক ঋতুমতী হোৱাৰ পূৰ্বেই বিয়া দিয়াৰ কথা বিশ্বাস কৰে।[3]
এই বছৰৰ অৰ্থাৎ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অসমত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে। এই অভিযানত অসমৰ বহু ঠাইত হৰতালৰ সৃষ্টি হয়। এই অভিযানত অসমৰ আৰক্ষীয়ে বহু হাজাৰ লোকক গ্ৰপ্তাৰ কৰে।
ভাৰত চৰকাৰে শিশুৰ বাবে ৰাষ্ট্ৰীয় কৰ্ম আঁচনি, ২০০৫-২০১০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল। ইউনিছেফ (UNICEF-United Nations International Children's Emergency Fund) ৰ এটা সমীক্ষাত প্ৰকাশ পাইছে যে বাল্য বিবাহ নিষিদ্ধকৰণ আইনৰ অধীনত সমগ্ৰ দেশতে এটা বছৰত ৮৯ জনতকৈ অধিক লোকক অভিযুক্ত কৰা হোৱা নাই। ২০০৬ চনৰ 'ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা'ত প্ৰকাশিত তথ্য অনুসৰি উত্তৰ প্ৰদেশত ৫৩% মহিলাৰে বিয়া ১৮ বছৰ বয়সতকৈ কম বয়সত হয়। 'বাল্য বিবাহ নিষেধ আইন, ২০০৬ চন' বলৱৎ কৰি চৰকাৰে আইনগতভাৱে বাল্য বিবাহ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে ১৯২৯ চনত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ (Child Marriage Restraint Act, 1929) বলৱৎ কৰি বাল্য বিবাহ বে-আইনী আখ্যা দিয়ে যদিও তেনে বিবাহ বাতিলৰ ব্যৱস্থা তাত ৰখা হোৱা নাছিল, সেয়ে পৰৱৰ্তী সময়ত এই আইনৰ সংশোধন ঘটাই ২০০৬ চনৰ আইনখন বলৱৎ কৰা হয়৷[2]
Gastón, Colleen Murray; Misunas, Christina; Cappa (2019). "Child marriage among boys: a global overview of available data". Vulnerable Children and Youth Studies খণ্ড 14 (3): 219–228. doi:10.1080/17450128.2019.1566584.