বাষ্টেট | |
---|---|
আঁখ (জীৱনৰ ছাবি) আৰু ছিষ্ট্ৰাম (জুনুকাসদৃশ বাদ্য) ধাৰণ কৰা অৱস্থাত বাষ্টেট | |
মুখ্য উপাসনাস্থল | বুবাষ্টিছ |
প্ৰতীক | সিংহিনী, মেকুৰী, মলমৰ কলচী, ছিষ্ট্ৰাম (জুনুকাসদৃশ বাদ্য), সূৰ্য্যচক্ৰ |
সঙ্গী | পিটাহ |
পিতৃ-মাতৃ | ৰা আৰু আইচিছ |
সহোদৰ | হ'ৰাছ আৰু আনহূৰ (সতীয়া ভ্ৰাতৃ) |
সন্তান | মাহেছ |
বাষ্টেট বা বাষ্ট্ প্ৰাচীন মিচৰ ধৰ্মৰ এগৰাকী দেৱী আছিল। দ্বিতীয় ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব ২৮৯০) সময়ৰ পৰাই তেওঁৰ পূজা কৰা হৈছিল। তেওঁৰ নামটো বষ্ট্ আৰু উবাষ্টে বুলিও অনুবাদ কৰা হৈছে।[1] প্ৰাচীন গ্ৰীক ধৰ্মত তেওঁক আইলুৰছ নামেৰে জনা গৈছিল।
মূলতঃ বাষ্টেটক নিম্ন ইজিপ্তৰ বুবাষ্টিছত সিংহিনী দেৱী হিচাপে পূজা কৰা হৈছিল। এই ভূমিকা ছেখমেটৰ দৰে আন দেৱ-দেৱীয়েও গ্ৰহণ কৰিছিল। অৱশেষত বাষ্টেট আৰু ছেখমেটক একেগৰাকী দেৱীৰ দুটা দিশ হিচাপে চিহ্নিত কৰা হ’ল। ছেখমেটে শক্তিশালী যোদ্ধা আৰু ৰক্ষক দিশটোক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বাষ্টেটক ক্ৰমান্বয়ে নমনীয় দিশটোক প্ৰতিনিধিত্ব কৰা মেকুৰী দেৱী হিচাপে চিত্ৰিত কৰা হৈছিল।[2] বাষ্টেটৰ প্ৰতিমূৰ্তি প্ৰায়ে এলাবাষ্টাৰৰ পৰা তৈয়াৰ কৰা হৈছিল। দেৱীগৰাকীক কেতিয়াবা এহাতত ছিষ্ট্ৰম নামৰ জুনুকাসদৃশ বাদ্যবিশেষ আৰু আনখন হাতত এজিছ বা জন্তুৰ চৰ্ম ধাৰণ কৰি থকা চিত্ৰিত কৰা হৈছিল।
আধুনিক কালৰ ইজিপ্ত'লজিষ্টসকলে সচৰাচৰ ব্যৱহাৰ কৰা বাষ্টেট নামটো পিছৰ ৰাজবংশসমূহত হোৱা এই নামৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ কৰা ৰূপ। প্ৰাথমিক মিচৰীয় চিত্ৰলিপিত তেওঁৰ নাম বষ্ট্ হোৱা যেন অনুমান হয়। ইজিপ্তোলজিষ্ট জেমছ পিটাৰ এলেনে নামটোৰ মূল ৰূপটোক বুইʔষ্টিট বা বুইʔষ্টিআট বুলি কৈছে, য'ত ʔ চিহ্নই এক শ্বাস বিৰতিক (ইংৰাজী: Glottal stop) প্ৰতিনিধিত্ব কৰে।[3] দেৱীগৰাকীৰ নামৰ অৰ্থ কি সেয়া অনিশ্চিত হৈয়েই আছে।[4]
প্ৰথমে বাষ্টেট আছিল সূৰ্য্যৰ এগৰাকী উগ্ৰ সিংহনী যোদ্ধা দেৱী, যাক প্ৰাচীন মিচৰৰ ইতিহাসৰ বেছিভাগ সময়তে পূজা কৰা হৈছিল। কালক্ৰমত তেওঁ বৰ্তমান পৰিচিত মেকুৰী দেৱীৰ ৰূপ লয়।[5] তাৰ পিছত তেওঁক ৰা আৰু আইছিছৰ কন্যা আৰু পিটাহৰ পত্নী হিচাপে চিত্ৰিত কৰা হয়। পিটাহৰ সৈতে মিলনৰ ফলত তেওঁৰ মাহেছ নামৰ এজন পুত্ৰৰ জন্ম হয়।[5]
নিম্ন মিচৰৰ ৰক্ষক হিচাপে তেওঁক ৰজাৰ ৰক্ষাকৰ্তা হিচাপে দেখা গৈছিল। ইয়াৰ লগতে তেওঁ সূৰ্য্য দেৱতা ৰাৰ ৰক্ষকৰ ভূমিকাও পালন কৰিছিল। হাথৰ, ছেখমেট আৰু আইচিছ আদি অন্যান্য দেৱ-দেৱীৰ সৈতে বাষ্টেটক ৰাৰ অক্ষিৰ সৈতে জড়িত কৰা হৈছিল।[6] ৰাৰ শত্ৰু আপেপ নামৰ দুষ্ট সৰ্পৰ সৈতে যুঁজি থকা অৱস্থাতো তেওঁক চিত্ৰিত কৰা হৈছে।[7] সূৰ্য্যৰ সৈতে থকা সংযোগৰ উপৰিও দক্ষিণ বদ্বীপৰ অন্যতম পুৰণি ইজিপ্তৰ দেৱী ৱাডজেটৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। ৱাডজেটক "চন্দ্ৰৰ চকু" বুলি অভিহিত কৰা হৈছিল।[8]
সম্ভৱতঃ ঘৰচীয়া মেকুৰীৰ উৰ্বৰতাৰ বাবে বাষ্টেট গৰ্ভাৱস্থা আৰু প্ৰসৱৰ দেৱীও আছিল।[9] তেওঁক সংক্ৰামক ৰোগ আৰু অশুভ আত্মাৰ পৰা সুৰক্ষাৰ দেৱী হিচাপেও চিত্ৰিত কৰা হৈছিল।[10]