বাসু চেটাৰ্জী | |
---|---|
![]() বাসু চেটাৰ্জী | |
জন্ম | ১০ জানুৱাৰী, ১৯৩০ আমেৰ, মেৰৱাৰা, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৪ জুন, ২০২০ (৯০ বছৰ) মুম্বাই, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ নিৰ্মাতা |
সন্তান | দুগৰাকী দুহিতা, সোণালী ভট্টাচাৰ্য আৰু ৰূপালী গুহ |
বাসু চেটাৰ্জী (১০ জানুৱাৰী, ১৯৩০ - ৪ জুন, ২০২০)[1] এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চিত্ৰনিৰ্মাতা হৃষিকেশ মুখাৰ্জী আৰু বাসু ভট্টাচাৰ্যৰ দৰে বাসু চেটাৰ্জীও আছিল ১৯৭০ৰ পৰা ১৯৮০ৰ দশকৰ মধ্যম চিনেমা বা মধ্যম ৰাস্তাৰ চিনেমাৰ অগ্ৰদূত।[2] হৃষিকেশ মুখাৰ্জী আৰু বাসু ভট্টাচাৰ্যৰ চিনেমাৰ দৰে চেটাৰ্জীৰ চিনেমাসমূহো মধ্যবিত্ত পৰিয়ালৰ প্ৰেম আৰু বিবাহ সম্পৰ্কীয়।[3]১৯৮৬ চনত নিৰ্মিত এক ৰুকা হুৱা ফেইচলা আৰু ১৯৮৯ত নিৰ্মিত কমলা কী মৌত এনেধৰণৰ চিনেমা। তেওঁক উচ পাৰ, ছোটি চি বাত (১৯৭৫), চিটচোৰ(১৯৭৬) ৰজনীগন্ধা(১৯৭৪), পিয়া কা ঘৰ (১৯৭২), খট্টা মিঠা(১৯৭৮), চক্ৰব্যূহ (১৯৭৮), বাতৌ বাতৌ ম্যে (১৯৭৯), প্ৰিয়তমা (১৯৭৭), মন পচন্দ, হমাৰি বহু অল্কা, চৌকিন (১৯৮২)[4] আৰু চামেলী কী চাদি (১৯৮৬) আদি ব্যৱসায়িক ভাবে সফল চিনেমাৰ বাবে জনা যায়। বাসু চেটাৰ্জী পৰিচালিত ব্যৌমকেশ বক্সি দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক। ২০২০ চনৰ ৪ জুন তাৰিখে মুম্বাইস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।[2][5]
আজমেৰ, ৰাজস্থানত বাসু চেটাৰ্জীৰ জন্ম হৈছিল।
মুম্বাইৰপৰা প্ৰকাশিত সাপ্তাহিক ট্যেবলয়েড Blitz-ৰ ইলাচট্ৰেটৰ আৰু কাৰ্টুনিষ্ট হিচাপে বাসু চেটাৰ্জীয়ে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে তেওঁ Blitz-ত ১৮বছৰ কাম কৰিছিল। তেওঁ ৰাজ কাপুৰ আৰু ৱাহিদা ৰহমান অভিনীত “তিচৰি কসম” চলচ্চিত্ৰত পৰিচালক বাসু ভট্টাচাৰ্যৰ সহযোগী ৰূপে কাম কৰিছিল, যিখন চিনেমাই ১৯৬৬ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৬৯ চনত নিৰ্মিত “চাৰা আকাশ” বাসু চেটাৰ্জীৰ প্ৰথম চলচ্চিত্ৰ। এইখন চিনেমাৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[6]
মিঠুন চক্ৰৱৰ্তী, অমিতাভ বচ্চন, বিনোদ মেহৰা, ৰতি অগ্নিহোত্ৰী, মুন মুন সেন, মৌচুমী চেট্টাৰ্জী, নিতু সিং, জিতেন্দ্ৰ, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, হেমা মালিনী, অনিল কাপুৰ, অমৃতা সিং আদি বহু নামী-দামী অভিনেতা-অভিনেত্ৰীয়ে তেওঁৰ ছবিত কাম কৰিছে।
হঠাৎ বৃষ্টি, হঠাৎ সেই দিন আদি বহুতো সফল বঙালী ছবিও তেওঁ নিমাৰ্ণ কৰিছে। বাসু চেটাৰ্জী ব্যোমকেশ বক্সি, ৰজনী আদিৰ দৰে জনপ্ৰিয় আৰু বহুল প্ৰচলিত দূৰদৰ্শন ধাৰাবাহিকৰো নিৰ্মাতা আৰু নিৰ্দেশক।
১৯৭৭ চনৰ দশম মস্কো ফিল্ম ফেষ্টিভেলত তেওঁ জুৰীৰ সদস্য আছিল।[7] এচিয়ান একাডেমি অৱ ফিল্ম এণ্ড টেলিভিছনৰ ইণ্টাৰনেচনেল ফিল্ম এণ্ড টেলিভিছন ক্লাৱৰ বাসু চেটাৰ্জী এগৰাকী সদস্য।
তেওঁৰ জীয়ৰী ৰূপালী গুহও এগৰাকী চিত্ৰ পৰিচালক।
Multi roles | |||||
---|---|---|---|---|---|
বৰ্ষ | চিনেমা | পৰিচালক | চিত্ৰনাট্য | প্ৰযোজক | টোকা |
১৯৬৯ | চাৰা আকাশ | হয় | হয় | [9] | |
১৯৭২ | পিয়া কী ঘৰ | হয় | তাৰাচণ্ড বৰজ্যাত্যা | ||
১৯৭৪ | ৰজনীগন্ধা | হয় | হয় | সুৰেশ জিন্দাল, কমল চাইগল | |
১৯৭৪ | উচ পাৰ | হয় | হয় | হয় | |
১৯৭৬ | চিটচোৰ | হয় | তাৰাচণ্ড বৰজ্যাত্যা | ||
১৯৭৬ | ছোটি চি বাত | হয় | বি আৰ চোপ্ৰা | ||
১৯৭৭ | চফেদ জুঁথ | হয় | হয় | অসীম কুমাৰ | |
১৯৭৭ | স্বামী | হয় | জয়া চক্ৰবৰ্তী | ||
১৯৭৭ | প্ৰিয়তমা | হয় | টি চি ডিৱান | ||
১৯৭৮ | খট্টা মিঠা | হয় | হয় | গুল আনন্দ, ৰমু চিপ্পি | |
১৯৭৮ | দিল্লেগী | হয় | হয় | বিক্ৰম সিং দেহাল, কোঁৱৰ অজিত সিং | |
১৯৭৮ | তুম্হাৰে লিয়ে | হয় | হয় | ৰাজ তিলক | |
১৯৭৯ | দৌ লড়কে দৌনৌ কৰকে | হয় | জয়ন্ত মুখাৰ্জী, হেমন্ত কুমাৰ | ||
১৯৭৯ | মঞ্জিল | হয় | |||
১৯৭৯ | চক্ৰব্যূহ | হয় | |||
১৯৭৯ | প্ৰেম বিবাহ | হয় | |||
১৯৭৯ | ৰত্নদীপ | হয় | |||
১৯৭৯ | বাতৌ বাতৌ ম্যে | হয় | হয় | ||
১৯৮০ | মন পচন্দ | হয় | অমিত খান্না | ||
১৯৮০ | অপনে পৰায়ে | হয় | মুসীৰ আলম | ||
১৯৮১ | জীনা য়ঁহা | হয় | এন পি আলি | ||
১৯৮২ | হমাৰি বহু অলকা | হয় | হয় | শ্যামসুন্দৰ সেকসাৰিয়া | |
১৯৮২ | চৌকিন | হয় | হয় | সেনমিত মুভি ভিজুৱেল | |
১৯৮৩ | পচন্দ অপনি অপনি | হয় | হয় | ||
১৯৮৪ | লাখৌ কী বাত | হয় | হয় | হয় | |
১৯৮৬ | এক ৰুকা হুৱা ফেইচলা | হয় | হয় | ||
১৯৮৬ | কিৰায়েদাৰ | হয় | বি আৰ চোপ্ৰা | ||
১৯৮৬ | চামেলী কী চাদি | হয় | হয় | ৰমেশ নিন্গু,সুশীল গৌড় | |
১৯৮৬ | চিচা | হয় | সট্টী চৌড়ি | ||
১৯৮৯ | কমলা কী মৌত | হয় | হয়|এন এফ ডি চি | ||
১৯৯০ | হমাৰি চাদি | হয় | হয় | ||
১৯৯৭ | ত্ৰিয়াচৰিত্তৰ | হয় | |||
১৯৯৭ | গুদগুদি | হয় | মহেশ ভট্ট | ||
১৯৯৮ | হঠাৎ বৃষ্টি | হয় | বাংলাদেশ আৰু ভাৰতৰ যুগ্ম প্ৰযোজনা | বাঙালী ভাষাৰ চলচ্চিত্ৰ | |
২০০১ | চুপি চুপি | হয় | বাঙালী ভাষাৰ চলচ্চিত্ৰ | ||
২০০২ | টাক ঝাল মিস্তি | হয় | বাঙালী ভাষাৰ চলচ্চিত্ৰ | ||
২০০৭ | প্ৰতীক্ষা | হয় | |||
২০০৭ | কুছ খট্টা কুছ মিঠা | হয় | |||
২০০৮ | হচ্চেতা কি | হয় | বাঙালী ভাষাৰ চলচ্চিত্ৰ | ||
২০১১ | ত্ৰিশংকু | হয় | বাঙালী ভাষাৰ চলচ্চিত্ৰ |
চিত্ৰনাট্য | |||
---|---|---|---|
বৰ্ষ | চিনেমা | প্ৰযোজক | টোকা |
১৯৬৯ | চাৰা আকাশ | বাসু চেটাৰ্জী | |
১৯৭৪ | ৰজনীগন্ধা | সুৰেশ জিন্দাল, কমল চাইগল | |
১৯৭৪ | উচ পাৰ | নিজৰ | |
১৯৭৭ | চফেদ জুঁথ | অসীম কুমাৰ | |
১৯৭৮ | খট্টা মিঠা | গুল আনন্দ, ৰমু চিপ্পি | |
১৯৭৮ | দিল্লেগী | বিক্ৰম সিং দেহাল, কোঁৱৰ অজিত সিং | |
১৯৮২ | হমাৰি বহু অল্কা | শ্যামসুন্দৰ সেকসৰিয়া | |
১৯৮৪ | লাখৌ কী বাত | বাসু চেটাৰ্জী |
প্ৰযোজক | |||
---|---|---|---|
বৰ্ষ | চিনেমা | পৰিচালনা | টোকা |
১১৯৭৯ | বাতৌ বাতৌ ম্যে | নিজৰ | |
১৯৮৩ | পচন্দ অপনি অপনি | নিজৰ | |
১৯৮৪ | লাখৌ কী বাত | বাসু চেটাৰ্জী | |
১৯৮৬ | এক ৰুকা হুৱা ফেইচলা | নিজৰ | টিভি ফিল্ম |
পৰিচালক : দূৰদৰ্শনৰ ধাৰাবাহিক/চিনেমা | |||
---|---|---|---|
বৰ্ষ | শ্ব' | চেনেল | টোকা |
১৯৮৫ | ৰজনী | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | |
১৯৮৫ | দৰ্পন | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | |
১৯৮৬ | এক ৰুকা হুৱা ফেইচলা | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | (টিভি ফিল্ম) |
১৯৮৮ | কাকাজী কহেঁ | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | |
১৯৯০-৯১ | ভীম ভৱানী | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | |
১৯৯৩ আৰু ১৯৯৭ | ব্যোমকেশ বক্সি | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ২টা চিজন, মুঠ ৩৪টা খণ্ড |
২০০৫ | এক প্ৰেম কথা | দিল্লী দূৰদৰ্শন কেন্দ্ৰ | ২৬টা খণ্ড |
সহযোগী পৰিচালক | |||
---|---|---|---|
বৰ্ষ | চিনেমা | প্ৰযোজক | টোকা |
১৯৬৬ | তিছৰি কচম | শৈলেন্দ্ৰ | বাসু চেটাৰ্জি পৰিচালিত |
১৯৬৮ | সৰস্বতীচন্দ্ৰ | বিবেক | গোৱিন্দ চাৰাইয়া পৰিচালিত |
বাৰ্ধক্যজনিত কাৰণত ২০২০ চনৰ ৪ জুন তাৰিখে মুম্বাইৰ নিজা বাসভৱনত তেখেতৰ মৃত্যু ঘটে।[10]