বি. সৰোজা দেৱী | |
---|---|
২০০৮ চনৰ ২ ছেপ্টেম্বৰত নতুন দিল্লীৰ ৫৪সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানত | |
জন্ম | ৭ জানুৱাৰী, ১৯৩৮ (৮৬ বছৰ) বেংগালুৰু, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫৫–বৰ্তমান |
দাম্পত্যসঙ্গী | শ্ৰী হৰ্ষা (১৯৬৭-১৯৮৬) |
সন্তান | ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
ভাইৰাপ্পা সৰোজা দেৱীৰ (ইংৰাজী: Bhairappa Saroja Devi)[1] জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷[2][3][4]
১৭ বছৰ বয়সত সৰোজা দেৱীয়ে কানাড়া ছবি মহাকৱি কালিদাসা (১৯৫৫)ত অভিনয় কৰি ছবি জগতত দীৰ্ঘস্থায়িত্বৰ ইংগিত দিয়ে৷ তেলেগু ছবিত, তেখেতে পাণ্ডুৰাংগা মহাত্যামৰ জৰিয়তে অভিষেক কৰে আৰু ১৯৭০ৰ দশকৰ অন্তিম সময়লৈকে তেখেতে বহুকেইখন তেলেগু ছবি উপহাৰ দিয়ে৷ ১৯৫৮ চনৰ তামিল ছবি নাদোডি মন্ননৰ জৰিয়তে তেখেত তামিল ভাষাৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰে৷ ১৯৬৭ চনত বৈবাহিক জীৱনৰ পাতনি মেলিও সৰোজা দেৱীয়ে ১৯৭৪ চনলৈকে দ্বিতীয়গৰাকী চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে কৰ্মৰত হৈ থাকে৷ ১৯৫৮ চনৰ পৰা ১৯৮০ৰ দশকলৈকে তেখেতে তেলেগু আৰু কানাড়া ছবিৰ জগতৰ শীৰ্ষত আৰোহণ কৰি থাকে৷ ১৯৫৯ চনত সৰোজা দেৱীয়ে হিন্দী ছবি পেয়গামত অভিনয় কৰে৷ তেখেতে ৭০ৰ দশকলৈকে হিন্দী ছবিত অভিনয় কৰে৷
ক্ৰমাগতভাৱে ১৬১ খন ছবিত বি. সৰোজা দেৱীয়ে মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে৷[5] ১৯৫৫ চনৰ পৰা ১৯৮৪ চনলৈকে প্ৰায় ২৯ বছৰৰ সময়ত তেখেত এই অসাধাৰণ কৃতিত্বৰ অধিকাৰীনী হয়৷ ভাৰত চৰকাৰৰ পৰা ১৯৬৯ চনত সৰোজা দেৱীয়ে পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ সন্মান লাভ কৰে৷ ইয়াৰ লগতে তেখেতে বাংগালোৰ বিশ্ববিদ্যালয় আৰু কালাইমমাণিৰ পৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী লাভ কৰে৷
১৯৩৮ চনৰ ৭ জানুৱাৰীত কৰ্ণাটকৰ মহীশূৰ প্ৰদেশত সৰোজা দেৱীৰ জন্ম হৈছিল৷[6] তেখেতৰ পিতৃ আছিল ভায়ৰাপ্পা, যিয়ে আৰক্ষী বাহিনীত কাম কৰিছিল৷ আনহাতে মাতৃ ৰুদ্ৰমা আছিল এগৰাকী গৃহিণী৷ সৰোজা তেওঁলোকৰ চতুৰ্থটি সন্তান আছিল৷ সৰোজাই পিতৃৰ পৰামৰ্শ অনুসৰণ কৰি নৃত্যৰ শিক্ষা গ্ৰহণ কৰে৷ আৰু তেখেতৰ কথা মতেই অভিনয়ক নিজৰ বৃত্তি হিচাপে নিৰ্বাচন কৰে৷ পিতৃৰ লগত তেখেত প্ৰায়েই ফিল্ম ষ্টুডিঅ'লৈ গৈছিল৷[7] মাতৃয়ে সৰোজাৰ বেশভূষাৰ বাবে এক নিৰ্দিষ্ট নিয়ম বান্ধি দিছিল৷ [8]১৩ বছৰ বয়সত বি.আৰ. কৃষ্ণমূৰ্তিয়ে এখনি অনুষ্ঠানত সৰোজাক গীত গাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ অৱশ্যে সৰোজাই সেই প্ৰস্তাৱ নাকচ কৰে৷[9]
১৯৫৫ চনত সৰোজা দেৱীয়ে প্ৰথমখন উল্লেখযোগ্য ছবিত অভিনয় কৰে৷ বহুলভাৱে সফলতা অৰ্জন কৰা এই অভিষেককাৰী ছবিখনৰ নাম আছিল মহাকৱি কালিদাসা৷ ছবিখনত তেখেতে সহকাৰী-অভিনেত্ৰী হিচাপে কাম কৰে৷ ছবিখনে কানাড়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷[10]
৭০'ৰ দশকত সৰোজা দেৱী দক্ষিণ ভাৰতীয় নাৰীসমাজত এগৰাকী ফেছন আইকন হিচাপে জনপ্ৰিয় হৈ উঠে৷ বহুতেই তেখেতৰ বেশভূষা, কেশসজ্জা, আ-অলংকাৰ আদি অনুকৰণ কৰিবলৈ ধৰে৷ বিশেষকৈ ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত ছবি এংগা ভিট্টু পিল্লাইত সৰোজাই পিন্ধা শাৰী আৰু অলঙ্কাৰ-পাতি আলোচনী-পত্ৰিকাৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছিল৷[11]
সুদীৰ্ঘ কেৰিয়াৰত সৰোজা দেৱীয়ে যদিও ৰোমাণ্টিকধৰ্মী চৰিত্ৰ ৰূপায়ণ কৰিছিল, পাছলৈ অৰ্থাৎ ৭০ আৰু আশীৰ দশকত তেখেতে আৱেগবিহ্বল আৰু সামাজিক ছবিক অগ্ৰাধিকাৰ দিয়ে৷
গুণমুগ্ধ আৰু ছবি-প্ৰযোজকসকলৰ পৰা উৎসাহ লাভ কৰি সৰোজা দেৱীয়ে ১৯৯৩ চনত শিৱাজী গণেশানৰ বিপৰীতে পৰমবৰিয়ম নামৰ ছবিখনত অভিনয় কৰে৷ ইয়াৰ পিছত কেইখনমান ছবিত তেখেতে সহকাৰী অভিনেত্ৰী হিচাপে কাম কৰে৷[12]
১৯৯৮ আৰু ২০০৫ চনত দুবাৰকৈ সৰোজা দেৱীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক হিচাপে নিজৰ দায়িত্ব পালন কৰে৷[13][14]
তেখেতৰ শেহতীয়া চলচ্চিত্ৰ-কৰ্ম হৈছে-নটস্বৰভাৱমা৷ ছবিখন ২০১৯ চনত মুক্তি হয়৷
২০০৮ চনত সৰোজা দেৱীক ভাৰত চৰকাৰে ৬০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্-ক্ষণত "জীৱনজোৰা সাধনাৰ বঁটা" প্ৰদান কৰে৷[15]