বিকাশপেডিয়া

বিকাশপেডিয়া
Vikaspedia

বিকাশপেডিয়াৰ ল'গ'
Type of site
তথ্য আৰু জ্ঞানৰ প'ৰ্টেল
Owner ভাৰত চৰকাৰ
URL vikaspedia.gov.in
Launched ১৮ ফেব্ৰুৱাৰী ২০১৪; ১০ বছৰ আগত (2014-02-18)[1]

বিকাশপেডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক।[2][3] ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত। আৰম্ভণিতে বিকাশপেডিয়াক ৫টা ভাষাত মুকলি কৰা হৈছিল-- অসমীয়া, ইংৰাজী, তেলুগু, হিন্দী আৰু মাৰাঠী[4]

ৱেবচাইটটো ১৮ ফেব্ৰুৱাৰী ২০১৪ত মুকলি কৰা হৈছিল আৰু বৰ্তমান কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-প্ৰশাসনৰ বিষয়ে তথ্য যোগান ধৰে।[5] পৰ্টেলটোৰ নাম হিন্দী ভাষাৰ 'ৱিকাচ' (যাৰ অৰ্থ বিকাশ) আৰু ইংৰাজী ভাষাৰ এনচাইক্ল'পিডিয়া (যাৰ অৰ্থ বিশ্বকোষ)ৰ পৰা লোৱা। পৰ্টেলটোত গোটেইকেইটা বিভাগৰ তথ্যই স্থানীয় ভাষাকেইটাত উপলব্ধ কৰোৱা হৈছে। বৰ্তমান বিকাশপেডিয়াত ২৩টা ভাৰতীয় ভাষাৰ সংস্কৰণ আছে। ভাষাবিলাক হ'ল : ইংৰাজী, অসমীয়া, তেলেগু, হিন্দী, বাংলা, গুজৰাটী, কন্নড়, মালায়ালম, তামিল, বড়ো, ডোগৰী, সংস্কৃত, কাশ্মিৰী, কংকনী, নেপালী, ওড়িয়া, উৰ্দু, মৈথিলী, মণিপুৰী, সান্থালী, সিন্ধী, পঞ্জাৱী, আৰু মাৰাঠী

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]