মেজৰ বিক্ৰমজিৎ কঁৱৰপাল | |
---|---|
![]() ২০১৩ চনত বিক্ৰমজিৎ কঁৱৰপাল | |
জন্ম | ২৯ আগষ্ট, ১৯৬৮ ছোলান, হিমাচল প্ৰদেশ, ভাৰত |
মৃত্যু | ১ মে', ২০২১ (৫২ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | বিজ কঁৱৰপাল |
পেচা | অভিনেতা অৱসৰপ্ৰাপ্ত সেনা বিষয়া[1] |
সক্ৰিয় হৈ থকা সময় | ২০০৩–২০২১ |
জনা যায় | 24 |
বিক্ৰমজিৎ কঁৱৰপাল (২৯ আগষ্ট ১৯৬৮ – ১ মে ২০২১) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল। কঁৱৰপালে বহুতো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সহায়কৰ ভূমিকাত অভিনয় কৰিছিল।[2] কঁৱৰপালে ২৪ নামৰ জনপ্ৰিয় দূৰদৰ্শন ছিৰিজত অভিনেতা অনিল কাপুৰৰ সৈতে অভিনয় কৰিছিল।[1][3] ২০২১ চনত তেওঁ ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।[4][5]
কঁৱৰপালৰ জন্ম ভাৰতৰ হিমাচল প্ৰদেশৰ চোলানত হৈছিল। তেওঁ ১৯৬৩ চনত কীৰ্তি চক্ৰ লাভ কৰা ভাৰতীয় সেনা বিষয়া দ্বাৰকা নাথ কঁৱৰপালৰ পুত্ৰ আছিল। ১৯৮৬ চনত বিক্ৰমজিৎ কঁৱৰপালে ছানাৱাৰৰ লৰেন্স স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূৰ্ণ কৰে আৰু ১৯৮৯ চনত তেওঁ ভাৰতীয় সেনাবাহিনীত নিযুক্ত হয়। তেওঁ ২০০২ চনত মেজৰ হিচাপে সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০৩ চনত, তেওঁ এজন অভিনেতা হোৱাৰ শৈশৱৰ সপোন পূৰণ কৰিবলৈ বলীউডত আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে।[6]