বিজয়া চক্ৰৱৰ্তী | |
---|---|
![]() | |
লোকসভাৰ সাংসদ গুৱাহাটী, অসম | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৪ | |
ব্যক্তিগত তথ্য | |
জন্ম | ৭ অক্টোবৰ, ১৯৩৯ (৮৫ বছৰ) বালিগাঁও, যোৰহাট, অসম |
দাম্পত্যসঙ্গী | জিতেন চক্ৰৱৰ্তী |
সন্তান | সুমন হৰিপ্ৰিয়া |
বাসস্থান | অসম, ভাৰত |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় |
বিজয়া চক্ৰৱৰ্তী (ইংৰাজী: Bijoya Chakravarty, জন্ম: ৭ অক্টোবৰ, ১৯৩৯) হৈছে অসমৰ এগৰাকী ৰাজনীতিক। ১৯৯৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী পদত থকা সময়ত তেওঁ জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে।[2]
১৯৩৯ চনৰ ৭ অক্টোবৰ তাৰিখে যোৰহাটৰ বালিগাঁৱত বিজয়া চক্ৰৱৰ্তীৰ জন্ম হৈছিল। তেওঁ উত্তৰ প্ৰদেশৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।[3] চক্ৰৱৰ্তী এগৰাকী প্ৰগাঢ় লেখিকাও। তেওঁ ভালেমান চুটি গল্প, কবিতা লিখিছে। তেওঁ এসময়ত সাংবাদিকতাও কৰিছিল। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়, সামাজিক আৰু ৰাজনৈতিক বিষয়ত ভালেমান প্ৰবন্ধ লিখিছিল। ১৯৬৪ৰপৰা ১৯৬৮লৈ অসমৰ এখন আগশাৰীৰ ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউনত সেইসময়ৰ পৰিস্থিতিক লৈ চক্ৰৱৰ্তীৰ ভালেমান লেখা প্ৰকাশ পাইছিল[4]। ১৯৭৬-৮১লৈ অল আছাম ৱ'মেন ৰাইটাৰছ এচ'চিয়েছনৰ সভানেত্ৰী পদত আছিল। ১৯৬৫ চনৰ ১ জুন তাৰিখে তেওঁ জীতেন চক্ৰৱৰ্তীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান। জীয়ৰী সুমন হৰিপ্ৰিয়াও এগৰাকী ৰাজনীতিক, তেওঁ ২০১৬ চনত হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়। ২০১৭ চনত তেওঁলোকৰ পুত্ৰ ৰাণাজিৎ চক্ৰৱৰ্তীৰ ৪৯ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।[5]
বিজয়া চক্ৰৱৰ্তীয়ে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল জনতা পাৰ্টীৰ সৈতে। ১৯৭৭-৭৮ চনত তেওঁ জনতা পাৰ্টীৰ মঙ্গলদৈ শাখাৰ ৰাজ্যিক সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে তেওঁ জাতীয় দল অসম গণ পৰিষদত যোগদান কৰে আৰু ৰাজ্যসভালৈ নিৰ্বাচিত হৈ ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
১৯৯৯ চনত তেওঁ ১৩ নং লোকসভাৰ নিৰ্বাচনত বিজয়ী হৈ জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্ত হয়। ২০০৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচনী টিকট পোৱা নাছিল। তেওঁৰ ঠাইত ভূপেন হাজৰিকাই ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচন খেলিছিল যদিও তেওঁ এই নিৰ্বাচনত পৰাজিত হয়। ২০০৯ চনত তেওঁ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচন খেলি বিজয়ী হৈ লোকসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পাছত ২০১৪ চনতো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচন খেলি পুনৰবাৰ লোকসভালৈ নিৰ্বাচিত হয়।
১৯৫৫-৫৬ত তেওঁ জে বি মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদিকা হয়। ১৯৬৫-৬৭ চনত তেওঁ প্ৰজা চ'ছিয়েলিষ্ট পাৰ্টীৰ সৈতে সংযুক্ত আছিল। ১৯৭০ৰ পৰা ১৯৭৩ লৈ তেওঁ মঙ্গলদৈৰ জিলা মইনা পাৰিজাতৰৰ সভানেত্ৰী হৈ আছিল। ইয়াৰ পাছত তেওঁ ১৯৭৮ৰ পৰা ১৯৮৪ লৈ মঙ্গলদৈ জিলা টেবুল টেনিছ এচ'চিয়েছনৰ সভানেত্ৰী হয়। ১৯৭৯ৰপৰা ১৯৮৪ লৈ তেওঁ মঙ্গলদৈ ৰিক্সা ঠেলা এচ'চিয়েছনৰ, ১৯৭৫ৰ পৰা ১৯৮৫ লৈ মঙ্গলদৈ হৰিজন সংস্থাৰ ৰাজ্যিক সভানেত্ৰী হয়।[6]