বিদুৰ | |
---|---|
তথ্য | |
পৰিয়াল | বেদ ব্যাস (দেউতাক) অম্বিকাৰ লিগিৰী (মাক) ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু (ভাতৃ) |
দাম্পত্যসঙ্গী | সুলভা |
বিদুৰ মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ তথা কুৰু ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক। তেওঁক ক্ষত্ৰি বুলিও জনা যায়।[1]
বিদুৰৰ জন্ম ঋষি ব্যাস আৰু পৰিশ্ৰমি(অম্বিকাৰ লিগিৰী) মাজত নিয়োগৰ জৰিয়তে হৈছিল। ব্যাস দেখিবলৈ সুন্দৰ নোহোৱা বাবে ৰাণীসকলে তেওঁলৈ ভয় কৰিছিল। অম্বিকা আৰু অম্বালিকা ৰজা বিচিত্ৰবীৰ্য(কৌৰৱ আৰু পাণ্ডৱসকলৰ ককাক)ৰ[2] পত্নী আছিল; আৰু ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ মাতৃ। বিচিত্ৰবীৰ্যৰ সন্তান অবিহনেই মৃত্যু হোৱাত মাক সত্যৱতীৰ কথা মতে ব্যাস আৰু অম্বিকা অম্বালিকাৰ ফালৰ পৰা ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম হয়। দুয়োগৰাকী ৰাণীয়ে ব্যাসলৈ ভয় কৰিছিল বাবে অম্বিকাৰ এগৰাকী লিগিৰী আৰু ব্যাসৰ মাজত নিয়োগৰ মাধ্যমেৰে বিদুৰৰ জন্ম হয়।
কৃষ্ণক বাদ দি, বিদুৰক পাণ্ডৱ সকলৰ পৰামৰ্শদাতা হিচাপে আটাইতকৈ বেছি সন্মান কৰা হৈছিল, তেওঁ বিভিন্ন সময়ত তেওঁলোকক ধ্বংস কৰাৰ উদ্দেশ্যে দুৰ্যোধনৰ ষড়যন্ত্ৰৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰিছিল।[3]
কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰ সম্ৰাট হয় আৰু তেওঁৰ অনুৰোধত বিদুৰেই পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়। বহু বছৰৰ পিছত, ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী আৰু বিদুৰে অৱসৰ লোৱাৰ সিদ্ধান্ত লয় আৰু এটা সাধাৰণ জীৱন যাপন কৰিবলৈ অৰণ্যলৈ যায়। সঞ্জয়ো তেওঁলোকৰ সৈতে গৈছিল। যেতিয়া যুধিষ্ঠিৰে দুবছৰৰ পিছত তেওঁলোকক লগ কৰিবলৈ অৰণ্যলৈ গৈছিল, তেতিয়া তেওঁ বিদুৰৰ দেহটো নিষ্প্ৰাণ অৱস্থাত পাইছিল। তেওঁ যেতিয়া শৱটোৰ ওচৰলৈ গৈছিল, সেইসময়তেই বিদুৰৰ আত্মাই যুধিষ্ঠিৰৰ শৰীৰত প্ৰৱেশ কৰে, ইয়াৰ লগে লগে যুধিষ্ঠিৰে অনুভৱ কৰিছিল যে তেওঁ আৰু বিদুৰ একেটাই সত্তা, যমৰ অন্তৰ্ভুক্ত। যুধিষ্ঠিৰে বিদুৰাৰ মৃতদেহটো অৰণ্যতে সৎকাৰ বিহীন ভাৱে এৰি থৈ আহিছিল, কিয়নো কোনো এক স্বৰ্গীয় কণ্ঠই যুধিষ্ঠিৰক বিদুৰৰ মৃতদেহটো সৎকাৰ কৰিবলৈ মানা কৰিছিল।[4][5]
বিদুৰক দৈৱজ্ঞানৰ জগতখনত মহাচোহন হিচাপে গণ্য কৰা হয়। মহাচোহনক হিমালয়ৰ মিশ্ৰ-হিমালয়ান ৰহস্যবাদীসকলৰ সামাজিক পদানুক্ৰমৰ প্ৰধান বুলি কোৱা হয়। মহাভাৰতৰ বেছিভাগ চৰিত্ৰই একো একোজন জনঈশ্বৰৰ পুনৰজনম আছিল। ঋষি মাণ্ডৱিয়াৰ অভিশাপৰ বাবে ধৰ্মৰাজৰ পুনৰ জনম হিচাপে বিদুৰৰ আত্মপ্ৰকাশ ঘটে। যেতিয়া দেৱতা বিষ্ণুৱে কৃষ্ণ হিচাপে অৱতাৰ লোৱাৰ সিদ্ধান্ত লৈছিল, সমসাময়িক ভাৱে অৰ্ধঈশ্বৰ সকলেও পুনৰ জনম লাভ কৰে। মহাভাৰত আৰু ৰামায়ণ দুয়োখন মহাকাব্যতে এই পৰিঘটনাৰ সামঞ্জস্যতা দেখা যায়। ৰামায়ণত, নাৰদৰ বিভীষণ ৰূপত পুনৰ জন্ম হৈছিল।[6]
বিদুৰ আৰু ৰজা ধৃতৰাষ্ট্ৰৰ মাজত সংলাপৰ ৰূপত বৰ্ণনা কৰা বিদুৰ-নীতি বা বিদুৰৰ ষ্টেটক্ৰাফ্টৰ সৈতে চাণক্যনীতিৰ কিছুমান ক্ষেত্ৰত মিল দেখা যায়। বিদুৰক সত্য, কৰ্তব্যনিষ্ঠতা, নিৰপেক্ষ বিচাৰ আৰু স্থিৰ ধৰ্মৰ প্ৰতিভা হিচাপে বৰ্ণনা কৰা হয়। তেওঁক মহাভাৰতৰ অভ্যন্তৰীণ চেতনাৰ মূৰ্তি বুলি গণ্য কৰা হয়। নাৰদে কঢ়িয়াই অনা অভিশাপ অনুসৰি যদিও বিদুৰক অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে প্ৰচুৰ জ্ঞান প্ৰদান কৰা হৈছিল, তথাপিও তেওঁক বিশ্বাস যোগ্য বুলি গণ্য কৰা নহ'ব।