এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বিদ্যুৎচুম্বকত্ব হৈছে পদাৰ্থ বিজ্ঞানৰ এটা শাখা, য'ত বৈদ্যুতিকভাৱে আহিত কণাসমূহৰ মাজত হোৱা বিদ্যুতচুম্বকীয় বলৰ বিষয়ে অধ্যয়ন কৰা হয়। বিদ্যুচুম্বকীয় বলে বিদ্যুচুম্বকীয় ক্ষেত্ৰ যেনে বৈদ্যুতিক ক্ষেত্ৰ, চুম্বকীয় ক্ষেত্ৰ, পোহৰ আদি প্ৰদৰ্শন কৰে। এই বল হৈছে চাৰিটা মৌলিক বলৰ ভিতৰত অন্যতম এক বল, আৰু বাকী তিনিটা মৌলিক বল(fundamental interactions) হৈছে সবল , দুৰ্বল আৰু মহাকৰ্ষণ[1]।
বিদ্যুৎচুম্বকত্বৰ ইংৰাজী প্ৰতিশব্দ, electromagnetism হৈছে গ্ৰীক ভাষাৰ দুটি শব্দৰ সংযুক্ত ৰূপ, ἤλεκτρον ēlektron আৰু μαγνῆτις λίθος magnētis lithos যাৰ অৰ্থ হৈছে মেগনেছিয়ান শিল। বিদ্যুচুম্বকীয় পৰিঘটনাসমূহ প্ৰধানকৈ বিদ্যুৎচুম্বকীয় বলৰ সহায়ত সংজ্ঞাবদ্ধ কৰা হয়। এই বলক কেতিয়াবা ল'ৰেঞ্জ বল হিচাপেও কোৱা হয়, য'ত বিদ্যুৎ আৰু চুম্বকত্ব একেটা পৰিঘটনাৰ পৃথক ক্ৰিয়া হিচাপে অন্তৰ্ভুক্ত হৈ থাকে।
দৈনন্দিন জীৱনত বিভিন্ন বস্তুবোৰৰ আভ্যন্তৰীণ ধৰ্মসমূহ নিৰূপণ কৰোঁতে বিদ্যুৎচুম্বকীয় বলৰ যথেষ্ট অৱদান আছে। সাধাৰণ পদাৰ্থসমূহে নিজৰ অণু আৰু পৰমাণুৰ ভিতৰত আভ্যন্তৰীণ পাৰমাণৱিক বলৰ সহায়ত পদাৰ্থৰ ৰূপ ধাৰণ কৰে, যিটো বিদ্যুচুম্বকীয় বলৰেই এক ক্ৰিয়া(manifestation)। ইলেক্ট্ৰনবোৰ নিউক্লিয়াছত বিদ্যুচুম্বকীয় বলৰ দ্বাৰাই বান্ধ খাই থাকে আৰু কোৱাণ্টাম বলবিদ্যাৰ যোগেদি এইবোৰৰ কক্ষপথৰ আকৃতি আৰু কাষৰীয়া অণুৰ ওপৰত প্ৰভাৱ আদি ব্যাখ্যা কৰা হয়। বিদ্যুৎচুম্বকীয় বলে ৰসায়নৰ অন্তৰ্ভুক্ত বিভিন্ন প্ৰক্ৰিয়াসমূহতো অৱদান আগবঢ়ায় (govern)।
বিদ্যুচুম্বকীয় ক্ষেত্ৰৰ বহুতো গাণিতীক ব্যাখ্যা আছে। ধ্ৰুপদীয় বিদ্যুৎগতিবিজ্ঞান(classical electrodynamics)ত বৈদ্যুতিক ক্ষেত্ৰক বৈদ্যুতিক স্থিতি শক্তি আৰু বৈদ্যুতিক প্ৰৱাহ হিচাপে দেখুৱা হয়। ফেৰাডেৰ সূত্ৰ অনুসৰি, চুম্বকত্ব আৰু বিদ্য়ুৎচুম্বকীয় আৱেশৰ সৈতে চুম্বক ক্ষেত্ৰ জড়িত হৈ থাকে আৰু মেক্সৱেলৰ সূত্ৰৰ দ্বাৰা আমি কেনেদৰে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰ প্ৰতিষ্ঠা হয় আৰু কেনেদৰে ইটো সিটোৰ কাৰণে আৰু আধান বা প্ৰৱাহৰ কাৰণে সলনি হয় সেয়া জানিব পৰা যায়।
১৯০৫ চনত বিদ্যুৎচু্ম্বকত্বৰ তাত্ত্বিক বিশ্লেষণ, বিশেষকৈ যি মাধ্যমত পোহৰে গতি কৰে, সেই মাধ্যমৰ ধৰ্মই (permittivity আৰু permeability) এলবাৰ্ট আইনষ্টাইনক বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰতিষ্ঠা কৰিবলৈ অনুপ্ৰেৰণা যোগায়।
যদিও বিদ্যুচুম্বকত্বক চাৰিটা মৌলিক বলৰ ভিতৰত এটা বুলি ধৰা হৈছে, উচ্চ শক্তিত দুৰ্বল বল আৰু বিদ্যুচু্ম্বকীয় বলক একেলগে ইলেক্ট্ৰৱিক (electroweak) বল হিচাপে ধৰা হয়।
পোন প্ৰথমতে, বিদ্যুৎ আৰু চুম্বকত্ব দুটা পৃথক বল হিচাপে ধৰা হৈছিল। কিন্তু ১৮৭৩ চনত, জেমছ ক্লাৰ্ক মেক্সৱেলৰ 'এ ট্ৰিটাইজ অন ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম'ৰ প্ৰকাশৰ পাছত এই ধাৰণা সলনি হয়। তাত ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজৰ সম্পৰ্কৰ মধ্যস্থতাকাৰী হিচাপে কেৱল এবিধ বল দেখুৱা হৈছিল। এই সম্পৰ্কৰ দ্বাৰা সৰ্বমুঠ চাৰি ধৰণৰ ক্ৰিয়া হয়-
১৮২০ চনৰ ২১ এপ্ৰিল তাৰিখে হান্স খ্ৰীষ্টিয়ান অৰ্ষ্টেডে লক্ষ্য কৰে যে যেতিয়া বেটেৰীৰ পৰা অহা প্ৰৱাহৰ চুইটচ বন্ধ আৰু খোলা হয়, তেতিয়া ওচৰতে থকা চুম্বকৰ কাঁটা লৰচৰ হয়। এই ঘটনাটোৰ পৰা বিদ্যুৎ আৰু চুম্বকৰ পোনপটীয়া সম্পৰ্ক স্থাপন হয়।