বিনোদ খান্না | |
---|---|
![]() | |
১৬ তম ভাৰতীয় সংসদৰ সদস্য (গুৰদাসপুৰৰ পৰা) | |
কাৰ্যকাল ২০১৪ – ২৭ এপ্ৰিল ২০১৭ | |
পূৰ্বসূৰী | প্ৰতাপ সিং বাজৱা |
উত্তৰসূৰী | খালি |
কাৰ্যকাল ১৯৯৯ – ২০০৯ | |
পূৰ্বসূৰী | সুখবংস কৌৰ |
উত্তৰসূৰী | প্ৰতাপ দিং বাজৱা |
ব্যক্তিগত তথ্য | |
জন্ম | ৬ অক্টোবৰ, ১৯৪৬ পেশ্বাৱৰ, ব্ৰিটিছ শাসিত ভাৰত (এতিয়াৰ পাকিস্তানত) |
মৃত্যু | ২৭ এপ্ৰিল, ২০১৭ (৭০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যুৰ কাৰণ | মূত্ৰাশয়ৰ কৰ্কট ৰোগ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা দল |
দাম্পত্যসঙ্গী |
|
সন্তান | অক্ষয় খান্না ৰাহুল খান্না সাক্ষী খান্না শ্ৰদ্ধা খান্না |
শিক্ষানুষ্ঠান | Sydenham College, Mumbai |
পেচা | অভিনেতা, ৰাজনীতিবিদ |
বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭)[1] এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ।[2] তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল। ২০০২ চনৰ জুলাইত বিনোদ খান্না অটল বিহাৰী বাজপায়ীৰ মন্ত্ৰীসভাত সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী পদ লাভ কৰে। ছমাহ পাছত তেখেত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিৰ্বাচিত হয়।[3]
বিনোদ খান্নাই বহুকেইখন উল্লেখযোগ্য হিন্দী বোলছবিত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যেনে- মেৰে অপ্নে, মেৰা গাঁও মেৰা দেশ, গড্ডাৰ, জেইল যাত্ৰা, ইম্তিহান, মুকড্ডৰ কা ছিকন্দৰ, ইন্কাৰ, কচ্ছে ধাগে, অমৰ আকবৰ এন্থনী, ৰাজপুত, কুৰবানী, কুদ্ৰত, দয়াবান, কাৰনামা, জুৰ্ম আদি।[4]
১৯৬৮ চনত অভিনয়ৰ পাতনি মেলি খান্নাই প্ৰথমে সৰু আৰু ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত "মেৰে অপ্নে" ছবিৰ খঙাল যুৱকৰ চৰিত্ৰ,[5] "মেৰে গাঁও মেৰা দেশ" ছবিৰ মূল খলনায়কৰ চৰিত্ৰ,[4] আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত তথা সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবি "অচানক"ত[6] পলাতক হোৱা সামৰিক বিষয়াৰ চৰিত্ৰ উল্লেখযোগ্য।[7]
১৯৮২ চনত কেৰিয়াৰ শীৰ্ষত থাকোঁতে বিনোদ খান্নাই সাময়িকভাৱে ছবিজগতৰ পৰা বিৰতি লৈ তেখেতৰ আধ্যাত্মিক গুৰু অ'শ্ব' ৰাজনীশক অনুসৰণ কৰে।[8] পাঁচ বছৰ পাছত তেখেতে ছবিজগতলৈ ঘূৰি আহি "ইন্ছাফ" আৰু "সত্যমেৱ জয়তে" নামৰ দুখন হিট্ বোলছবি উপহাৰ দিয়ে।[9]
বিনোদ খান্নাক তেখেতৰ অনুৰাগীসকলে হিন্দী বোলছবি জগতৰ সৰ্বকালৰ দেখনিয়াৰ নায়কৰ এজন বুলি অভিহিত কৰিছিল।[10][11][12][13] কিছুকাল ধৰি মূত্ৰাশয়ৰ কৰ্কট ৰোগত ভোগি থকা খান্নাৰ ২০১৭ চনৰ ২৭ এপ্ৰিলৰ দিনৰ ১১:২০ বজাত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়।[14]
|
|