বিন্দ্যাৰাণী দেৱী | ||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||
সম্পূৰ্ণ নাম | বিন্দ্যাৰাণী দেৱী সোৰোখাইবাম | |||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||
জন্ম | ২৭ জানুৱাৰী, ১৯৯৯ (২৬ বছৰ) মণিপুৰ, ভাৰত | |||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||
ক্ৰীড়া | ভাৰোত্তোলন | |||||||||||||||||||||
শিতান | ৫৫ কেজি | |||||||||||||||||||||
পদক অভিলেখ
|
বিন্দ্যাৰাণী দেৱী সোৰোখাইবাম (ইংৰাজী: Bindyarani Devi Sorokhaibam; জন্ম:২৭ জানুৱাৰী ১৯৯৯) ভাৰতৰ এগৰাকী ভাৰোত্তোলক। তেওঁ ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বীতা কৰে। তেওঁ ২০১৯ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত স্বৰ্ণপদক[1] আৰু ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত ৰূপৰ পদক অৰ্জন কৰে।[2] ২০২১ চনৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বীপৰ 'ক্লীন এণ্ড জাৰ্ক' ইভেণ্টতো তেওঁ স্বৰ্ণপদক অৰ্জন কৰে।[3]
২০২২ চনত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ৫৫ কেজি শাখাত বিন্দ্যাৰাণী দেৱীয়ে ৰূপৰ পদক অৰ্জন কৰে। তেওঁ 'স্নেট্ছ এণ্ড ক্লীন এণ্ড জাৰ্ক'ত সৰ্বমুঠ ২০২ কেজি ভাৰোত্তোলন কৰে। ক্লীন এণ্ড জাৰ্ক শাখাত ১১৬ কেজি ভাৰ উত্তোলনেৰে তেওঁ নতুন অভিলেখো গঢ়ে।[4]