বিন্নী য়াংগা | |
---|---|
জন্ম | ৭ জুলাই, ১৯৫৮ অৰুণাচল প্ৰদেশ, ভাৰত |
মৃত্যু | ৩ ছেপ্টেম্বৰ, ২০১৫ (৫৭ বছৰ) গুৱাহাটী, অসম |
পেচা | সমাজকৰ্মী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৯–২০১৫ |
পিতৃ-মাতৃ | বিনি জাইপু বিনি য়াংয়া |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী, ২০১২ |
বিন্নী য়াংগা (ইংৰাজী: Binny Yanga, ৭ জুলাই ১৯৫৮ - ৩ ছেপ্টেম্বৰ ২০১৫) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল[1][2] আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা।[3][4][5][6] ওজু ৱেলফেয়াৰ এছোচিয়েচন অৰুণাচল প্ৰদেশত অৱস্থিত এক বেচৰকাৰী সংগঠন আৰু ই সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰি আহিছে। বাল্য বিবাহ, জোৰকৈ বিবাহ কৰোৱা আৰু যৌতুকৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতো এই সংগঠন জড়িত।[7] ২০১২ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[8]
১৯৫৮ চনৰ ৭ জুলাইত ভাৰতীয় ৰাজ্য অৰুণাচল প্ৰদেশত বিন্নী য়াংগাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নামনি সোৱণশিৰী জিলাৰ প্ৰাক্তন ৰাজনৈতিক সহায়ক স্বৰ্গীয় বিনি জাইপু আৰু মাতৃ পৰম্পৰাগত হস্ততাঁত পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰ বাবে জনাজাত বিনি য়াংয়া। বিন্নী তেওঁলোকৰ দুই কন্যাৰ জ্যেষ্ঠ আছিল সৰু গৰাকী অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ বৰ্তমানৰ অধ্যক্ষ গুমৰি ৰিংগু।[9] তেওঁ ৰাজস্থানৰ বনস্থলী বিদ্যাপীঠত শিক্ষা গ্ৰহণ কৰিছিল[10] আৰু ছাত্ৰকালত তেওঁ এক ছোৱালীৰ মঞ্চ গঠন কৰিছিল। সোৱণশিৰী জিলা ছোৱালী কল্যাণ সংস্থা নামৰ মঞ্চখনে বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ লগত জড়িত আছিল।[1]
শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ শিক্ষক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁ ১৯৭৯ চনত এটা প্ৰাপ্তবয়স্ক শিক্ষা আৰু নাৰ্চাৰী কেন্দ্ৰ স্থাপন কৰে আৰু পিছলৈ নিঃস্ব ছোৱালীসকলৰ বাবে এটা আশ্ৰয় গৃহ স্থাপন কৰে।[1] ১৯৮৭ চনত তেওঁ অৰুণাচল আৰক্ষী বাহিনীত যোগদান কৰে। এইবছৰ অৰুণাচলত প্ৰথম বাৰৰ বাবে মহিলা বিষয়াসকলৰ প্ৰথম দল অন্তৰ্ভুক্ত কৰা হৈছিল।[1] আৰক্ষী বাহিনীৰ সৈতে মাত্ৰ এবছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ১৯৮৮ চনত পূৰ্ণকালীন সময়ৰ ভিত্তিত সামাজিক সেৱাত প্ৰৱেশ কৰিবলৈ পদত্যাগ কৰে।[3]
২০০৭ চনত বিন্নী য়াংগা গ্ৰীৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিন্তু এইসময়তো তেওঁৰ কাৰ্যকলাপ সমূহ কৰিবলৈ এৰা নাছিল।[1] তেওঁ অৰুণাচল প্ৰদেশৰ নাহৰলগুনত বাস কৰিছিল আৰু ওজু ক্ৰাফ্ট চেণ্টাৰৰ গৰাকী আছিল।[11] এই কেন্দ্ৰটোৱে ২০০জন শ্ৰমিকক নিয়োগ কৰা এটা সৰু উদ্যোগ।[3][5] ২০১৫ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত তেওঁৰ মৃত্যু হয়।[12]
বিন্নী য়াংগাই ১৯৭৯ চনত আৰম্ভ কৰা প্ৰাপ্তবয়স্ক শিক্ষা আৰু নাৰ্চাৰী কেন্দ্ৰটো ১৯৮৮ চনত ওজু ৱেলফেয়াৰ এছোচিয়েচন (ওডব্লিউএ) নামত চ'ছাইটি হিচাপে পঞ্জীয়ন কৰিছিল।[1][7] কেন্দ্ৰটো বহু বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত হৈ আছে। ই চেপাত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা প্ৰতিষ্ঠান, ১৫০ গৰাকী অনাথ শিশুৰ বাসস্থান শিশুগৃহ, ৪৫জন নিঃস্ব ছোৱালী বা মহিলাৰ বাৱে চৰ্ট ষ্টে হোম, কৰ্মী মহিলা হোষ্টেল, এটা পৰিয়াল ৰক্ষণাবেক্ষণ কেন্দ্ৰ আৰু মহিলাৰ হেল্পলাইন পৰিচালনা কৰে।[1][3][5][7] তেওঁলোকে চিবিএছই পাঠ্যক্ৰম আৰু বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ পিছত এখন মাধ্যমিক বিদ্যালয়, টাৱাং জিলাৰ জাংত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ও পৰিচালনা কৰে।[1][7] সংগঠন খনে ইয়াৰ চৌহদত কেন্দ্ৰীয় চৰকাৰৰ সংস্থা,জন শিক্ষস্থান আৰু ৰাজ্যিক সম্পদ কেন্দ্ৰৰো ব্যৱস্থা কৰে।[1][7]
বিন্নী য়াংগায়ে স্বাস্থ্য আৰু অন্যান্য বিষয়ৰ ওপৰত সামাজিক সজাগতা অভিযান আৰু চেমিনাৰ আয়োজন কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত শিল্পৰ প্ৰচাৰৰ সৈতেও জড়িত আছিল। ইয়াৰ বাবে তেওঁ গ্ৰাম্য শিল্পীসকলৰ বাবে এক বহুমুখী বিপণন সংস্থা 'হিমগিৰী' প্ৰতিষ্ঠা কৰিছে।[1] এই সংস্থায়ে যুক্তৰাজ্য, দক্ষিণ আফ্ৰিকা আৰু ভূটানৰ দৰে দেশত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে।[3]
বিন্নী য়াংগা ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য আছিল আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত দুই নডেল সংস্থাজন শিক্ষণ সংস্থা আৰু অৰুণাচল প্ৰদেশ ৰাজ্যিক সম্পদ কেন্দ্ৰৰ মুৰব্বী আছিল। তেওঁ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কাৰ্যবাহী সমিতিৰ সদস্য আছিল। তেওঁ অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ, ভাৰতীয় জনজাতীয় সমবায় বিপণন উন্নয়ন ফেডাৰেচন, গুৱাহাটীৰ ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান,[13] আৰু য়ুপিয়া জিলা গ্ৰাম্য স্বাস্থ্য মিছনৰ সদস্য আছিল। তেওঁ হিমগিৰী বহুমুখী সমবায় সমাজৰ সম্পাদক আছিল। ইয়াৰ লগতে তেওঁ মুস্কান চচাইটি, পাপুম পাৰে জুভেনাইল জাষ্টিছ বোৰ্ড, ইটানগৰৰ ৰাম কৃষ্ণ মিছন হস্পিটেল আৰু কাণ্ট্ৰি ৱমেন এছচিয়েছন অফ ইণ্ডিয়াৰ সদস্য আছিল। তেওঁ ইটানগৰৰ ৰাষ্ট্ৰীয় মধ্যমিক শিক্ষ অভিযানৰ কাৰ্যবাহী সমিতিৰো অংশ আছিল।
২০০০ চনত বিন্নী য়াংগাই ড॰ দুৰ্গা বাই দেশমুখ বঁটা লাভ কৰিছিল আৰু তাৰ পিছত ২০০৯-১০ চনত চেম্বাৰ অফ স্মল ইণ্ডাষ্ট্ৰি এছোচিয়চনৰ পৰা চিঅএছআইএ উদ্যোগী বঁটা লাভ কৰিছিল। সমবায় উৎকৰ্ষৰ এনচিডিচি বঁটাৰ প্ৰাপক বিন্নীয়ে ২০১২ চনত ৰাষ্ট্ৰীয় জনজাতীয় বঁটা আৰু ইফকো সহকৰিতা ৰত্ন বঁটা লাভ কৰে। একে বছৰে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰ বঁটা প্ৰদান কৰে। ২০১৩ চনত তেওঁক ইষ্টাৰ্ণ পেনোৰামা আলোচনীয়ে ২০১৩ চনৰ এচিভাৰ বঁটা প্ৰদান কৰে।[14]