বিপাক (ইংৰাজী: Metabolism; গ্ৰীক: μεταβολή metabolē, "পৰিবৰ্তন") হৈছে কোনো জীৱৰ দেহত সংঘটিত সমষ্ট ৰাসায়নিক বিক্ৰিয়া।
বিপাক ২ প্ৰকাৰ। বিশ্লেষণ বা কেটাবলিক, যি বৃহৎ জৈৱ পদাৰ্থক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ বিভক্ত কৰে আৰু সংশ্লেষণ বা এনাবলিক, যি অসংখ্য ক্ষুদ্ৰ অংশ সংযুক্ত কৰি বৃহৎ পদাৰ্থৰ গঠন কৰে, যেনে প্ৰ'টিন আৰু নিউক্লিক এচিড।[1]
বিপাকত সংঘটিত ক্ৰিয়া-বিক্ৰিয়াই বিপাকীয় পথ অনুসৰণ কৰে, য'ত এটা ৰসায়ন উৎসেচকৰ সহায়ত বিভিন্ন শ্ৰেণীৰ মাধ্যমেদি অন্য এটা ৰসায়নলৈ ৰূপান্তৰিত হয়। বিপাকৰ বাবে উৎসেচকৰ আবশ্যক।
কোনো উপাদান জীৱৰ বাবে পুষ্টিকৰ নে বিষাক্ত সেইটো বিপাকীয় পথে নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, কিছুমান প্ৰকোষকেন্দ্ৰী জীৱই হাইড্ৰ'জেন ছালফাইডক পুষ্টি হিচাপে ব্যবহাৰ কৰে, যদিও এই গেছ প্ৰাণীৰ বাবে ক্ষতিকৰ।[2] বিপাকৰ গতি, হাৰে এটা জীৱক কিমান খাদ্যৰ প্ৰয়োজন তাক নিৰ্ধাৰণ কৰে।
বিপাকৰ এটা আকৰ্ষণীয় বৈশিষ্ট্য হ'ল বিভিন্ন প্ৰজাতিৰ মাজত মৌলিক বিপাকীয় পথ আৰু উপাদান একে হয়।[3] উদাহৰণস্বৰূপে চাইট্ৰিক এচিড চক্ৰৰ intermediates নামে পৰিচিত কাৰ্বক্সিলিক এচিড যি ক্ষুদ্ৰাতিক্ষুদ্ৰ Escherichia Coliৰ দৰে এককোষী জীৱৰ পৰা হাতীৰ দৰে বৃহৎ জীৱৰ মাজতো পোৱা যায়।[4] এই আকৰ্ষণীয় মিলৰ কাৰণেই বিৱৰ্তনৰ ইতিহাসত ইয়াৰ প্ৰাচীন পদাৰ্পণ।[5][6]
প্ৰাণী, উদ্ভিদৰ গঠনৰ অধিকাংশই এমিন' এচিড, কাৰ্ব'হাইড্ৰেট আৰু লিপিডৰ অণুৰ দ্বাৰা গঠিত। এই ৰসায়নবোৰ জীৱনৰ বিপাকীয় ক্ৰিয়া-বিক্ৰিয়াৰ বাবে অত্যাৱশকীয়, সংশ্লেষণৰ মাধ্যমত কোষ আৰু কলাৰ তৈয়াৰ কৰে বা বিশ্লেষণৰ মাধ্যমত শক্তিৰ উৎস হিচাপে ব্যবহাৰ কৰে। এই উপাদানবোৰ একত্ৰিত হৈয়ে প্ৰ'টিনৰ দৰে বহুযোগী তৈয়াৰ কৰে।
অনুৰ প্ৰকাৰ | একযোগী গঠনৰ নাম | বহুযোগী গঠনৰ নাম | বহুযোগীৰ উদাহৰণ |
---|---|---|---|
এমিন' এচিড | এমিন' এচিড | প্ৰ'টিন (বা বহুপেপ্টাইড) | আঁহযুক্ত প্ৰ'টিন আৰু গোলাকাৰ প্ৰ'টিন |
শৰ্কৰা | এক শৰ্কৰা | বহু শৰ্কৰা | স্বেতসাৰ, গ্লাইক'জেন আৰু চেলুল'জ |
নিউক্লিক এচিড | নিউক্লিঅ'টাইড | বহুনিউক্লিঅ'টাইড | ডি এন এ আৰু আৰ এন এ |