বিপিন চন্দ্ৰ পাল | |
---|---|
![]() | |
জন্ম | ৭ নৱেম্বৰ, ১৮৫৮ পলি, হাবিগঞ্জ, ছিলেট জিলা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত, (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ২০ মে', ১৯৩২ (৭৩ বছৰ) কলিকতা (বৰ্তমান কলকাতা), ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিক লেখক ভাৰতৰ স্বাধীনতা সংগ্ৰামী বক্তা সমাজ সংস্কাৰক |
সংস্থা | ব্ৰাহ্ম সমাজ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
স্বাক্ষৰ | |
![]() |
বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।[1] শ্ৰী অৰবিন্দৰ লগতে পাল আছিল ভাৰতৰ স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান বাতকটীয়া। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজনৰ তেঁও বিৰোধিতা কৰিছিল।
ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেঞ্চিৰ অন্তৰ্গত ছিলেট জিলাৰ হাবিগঞ্জৰ পলি গাঁৱৰ এটা কায়স্থ পৰিয়ালত বিপিন চন্দ্ৰ পালৰ জন্ম হৈছিল।[2] তেঁওৰ পিতৃ ৰামচন্দ্ৰ পাল এজন পাৰ্চী পণ্ডিত আছিল। তেঁও কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰাছ মিছন ছছাইটি ক’লেজত অধ্যয়ন আৰু অধ্যাপনা কৰিছিল।[3]
প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিপিন চন্দ্ৰ পালে এগৰাকী বিধবাক বিবাহ কৰে আৰু ব্ৰাহ্ম সমাজত যোগদান কৰে।[4]