বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।
বিবেকানন্দ কেন্দ্ৰৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ১৮ খন ৰাজ্যত ২০৫ টা শাখা আৰু ২০০তকৈও বেছি পূৰ্ণকালীন কৰ্মী আছে। উত্তৰ-পূব ভাৰতত এই সংগঠনটোৰ প্ৰভাৱ সৰ্বাধিক। কৰ্মীসকলক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:
কৰ্মীসকলক গঢ় দিবৰ বাবে কেন্দ্ৰই 'যোগ বৰ্গ' (পাঠদান), 'বাল-সংস্কাৰ বৰ্গ', স্বধ্যায় বৰ্গ' আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ভাৰতৰ চাৰিও মণ্ডলতে প্ৰশিক্ষণ কেন্দ্ৰবোৰ বিয়পি আছে।