বিমলা ৰমন | |
---|---|
![]() ২০১৩ চনৰ এখন প্ৰেচ মেলত বিমলা | |
জন্ম | চিডনি, অষ্ট্ৰেলিয়া |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৬- বৰ্তমান |
বিমলা ৰমন (ইংৰাজী: Vimala Raman) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা প্ৰাক্তন মডেল, যিয়ে ভাৰতীয় চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মালয়ালম, তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ৰমনে ২০০৬ চনত তামিল ছবি “পই”ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁ এগৰাকী প্ৰতিষ্ঠিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু ছিডনীৰ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। ২০০৪ চনত তেওঁ মিচ ইণ্ডিয়া অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰে।[1]
২০০৬ চনত কে. বালাচন্দৰৰ পৰিচালনাত নিৰ্মিত তামিল ছবি “পই”ৰ জৰিয়তে ৰমনে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁৰ প্ৰথম মালয়ালম ছবি আছিল সুৰেশ গোপীৰ সৈতে “টাইম”। ২০০৭ চনত “প্ৰাণায়াকালাম“ত আজমল আমিৰৰ সৈতে আৰু “ছুৰিয়ান“ত জয়ৰামৰ সৈতে যোৰ বান্ধিছিল। সেই বছৰতে “নাচৰানী“ত মামুটিৰ সৈতে আৰু “ৰোমিঅ’ “ত দিলীপৰ সৈতেও অভিনয় কৰে। ২০০৮ চনত মোহনলালৰ সৈতে “কলেজ কুমাৰন“ত আৰু দিলীপৰ সৈতে “কলকাতা নিউজ“ত অভিনয় কৰা বিমলা ৰমনে অষ্ট্ৰেলিয়াৰ ছিডনীস্থিত নটনালয় ডান্স একাডেমীত অধ্যয়ন কৰিছিল। তেওঁ জয়লক্ষ্মী কন্দিয়াৰ তত্ত্বাৱধানত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ মাতৃভাষা তামিল।[2][3]
২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত অভিনেতা মোহনলালৰ সৈতে মালয়ালম ছবি “অপ্পাম“ত অভিনয় কৰে।[4][5]
![]() |
ৱিকিমিডিয়া কমন্সত বিমলা ৰমন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |