বিয়ছ পদ্ধতি বা Brain's electrical oscillation signature (BEOS) হৈছে কোনো অপৰাধৰ লগত জড়িত বুলি সন্দেহ কৰা ব্যক্তিৰ মনৰ খবৰ উদ্ধাৰ কৰা এক পদ্ধতি। ব্যক্তি এজনৰ মগজুৰ পৰা বিকিৰিত হোৱা EEG তৰংগৰ দ্বাৰা মগজুৰ সক্ৰিয়তা লিপিবদ্ধ কৰি ব্যক্তিজন অপৰাধৰ লগত জড়িত হৈ আছেনে নাই তাৰ বিশ্লেষণ এই পদ্ধতিৰ দ্বাৰা কৰা হয়।
এই বিয়ছ পদ্ধতি সম্পূৰ্ণ বাহ্যিক (Non invasive) আৰু বিজ্ঞানসন্মত । এই পদ্ধতিত কোনো ঔষধৰ প্ৰয়োগ কৰা নহয় আৰু সন্দেহজনক ব্যক্তিগৰাকীক কোনো পৰীক্ষকে প্ৰশ্ন সুধি বিভ্ৰান্ত বা ব্যতিব্যস্ত কৰিব নোৱাৰে।[1]
চম্পাদি ৰমন মুকুন্দন (C R Mukundan) নামৰ এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানীয়ে এই পদ্ধতিৰ উদ্ভাৱন কৰে। তেওঁ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়বিজ্ঞান প্ৰতিষ্ঠান (বাংগালোৰ)ৰ অধ্যাপক আৰু মূৰব্বী আছিল।[2] TIFAC-DFS ৰ এক প্ৰজেক্ট 'Normative Data for Brain Electrical Activation Profiling' ৰ গৱেষণাপৰামৰ্শদাতা হিচাপে থাকোঁতে তেওঁ এই পদ্ধতিৰ বিকাশ কৰে।
সাৰ পাই থকা সময়ত মানুহৰ মস্তিষ্কই বিভিন্ন পদ্ধতিৰে লাখ লাখ তথ্য বা সংকেত আহৰণ কৰে । এই তথ্য বা সংকেতসমূহ স্থান-কালৰ ওপৰত নিৰ্ভৰ কৰি মগজুৰ ভিন্ন স্থানত সংৰক্ষণ হৈ থাকে আৰু মানুহৰ মগজুৰ এক বৃহৎ অংশই এই তথ্য বা সংকেতসমূহৰ বিশ্লেষণ কৰি থাকে।
ঘটনা এটাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকাৰ ক্ষেত্ৰত মানুহৰ মগজুৱে বেলেগে বেলগে প্ৰতিক্ৰিয়া দেখুৱায়। মানুহে জীৱনত নিজে কৰা কামবোৰৰ স্মৃতি মগজুত সঞ্চিত হৈ থাকে । ব্যক্তি এজনে যেতিয়া কোনো এটা ঘটনা বা অপৰাধৰ বিষয়ে মুখেৰে একো ক'ব নোখোজে তেতিয়া সেই ঘটনাৰ কথাবোৰ ছবি বা শব্দৰ যোগেদি তেওঁ স্মৰণ কৰাই দিয়া হয়। এনে কৰিলে তেওঁৰ মগজুত সোমাই থকা কৃতকৰ্মৰ অভিজ্ঞতাসমূহ (Experiential knowledge) সক্ৰিয় হৈ উঠে আৰু মগজুৰ পৰা EEG তৰংগ বিকিৰিত হ'বলৈ ধৰে। মগজুৰ পৰা এইদৰে বিকিৰিত হোৱা EEG তৰংগবোৰ কিছুমান ইলেক্ট্ৰডৰ জৰিয়তে সংগ্ৰহ কৰি কম্পিউটাৰত লিপিবদ্ধ কৰা হয় আৰু পৰৱৰ্তী সময়ত এইবোৰ বিশ্লেষণ কৰি ব্যক্তিজনে অপৰাধটো কৰিছিলেনে নাই জানিব পৰা যায়[3]
আনহাতে ঘটনাটোৰ লগত ব্যক্তিজন জড়িত হৈ নাথাকিলে মগজুৱে কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।
এই পদ্ধতিত ব্যক্তিগৰাকীক অপৰাধৰ বিষয়ে প্ৰশ্ন সোধা নহয়। অপৰাধ কৰা নকৰাৰ সম্পৰ্কত ব্যক্তিজনে মুখেৰে কোনো উত্তৰ দিয়াৰো প্ৰয়োজন নাই। কম্পিউটাৰ স্ক্ৰীণৰ সন্মুখত প্ৰথমে ঘটনাটো স্মৰণ কৰাই দিয়া কিছুমান ছবি বা ভিডিঅ' ক্লিপ প্ৰদৰ্শন কৰা হয়।তাৰপাছত সমগ্ৰ ঘটনাটো ব্যক্তিজনে সংঘটিত কৰা বুলি সন্দেহ কৰা কামবোৰৰ ভিত্তিত যুগুতোৱা কিছুমান চুটি চুটি বাক্যাংশ প্ৰথম পুৰুষত (First Person) ব্যক্তিজনৰ সন্মুখত একাদিক্ৰমে বজাই শুনোৱা হয়। ঘটনা সম্পৰ্কে যুগুতাই উলিওৱা বাক্যবোৰক প্ৰব (probe) বুলি কোৱা হয়। এই প্ৰববোৰ শুনি থাকোঁতে ইয়াৰে যিবোৰ কাম ব্যক্তিজনে কৰিছিল সেইবোৰৰ সময়ত তেওঁৰ মগজু সক্ৰিয় হৈ উঠি EEG তৰংগ বিকিৰণ কৰি যাব।[4]
ব্যক্তিগৰাকীক ৩২ ডাল ইলেক্ট্ৰডযুক্ত এটা টুপী পিন্ধাই দিয়া হয় । ইয়াৰে ২ ডাল ইলেকট্ৰড কাণৰলতিত আৰু বাকীখিনি মূৰৰ অংশত থাকে। ইয়াত ধৰা পৰা EEG তৰংগবোৰ সংযোজিত কেবলৰ দ্বাৰা কম্পিউটাৰত লিপিবদ্ধ হৈ গৈ থাকে।[5]
এই পৰীক্ষাৰ প্ৰতিবেদন ব্যক্তিজনৰ বিৰুদ্ধে সাক্ষ্য হিচাপে ব্যৱহাৰ কৰা নহয়। এই পৰীক্ষাৰ ভিত্তিত পোৱা তথ্যবোৰৰ যোগেদি সাক্ষ্য-প্ৰমাণবোৰ সংগ্ৰহ কৰি বিচাৰৰ সময়ত ব্যৱহাৰ কৰা হয়। সেয়েহে এই পৰীক্ষাৰ দ্বাৰা আইনৰ ২০(৩) ধাৰা (যি ধাৰামতে কোনো ব্যক্তিকে নিজৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ বাধ্য কৰিব নোৱাৰি।) ভংগ কৰা নহয়।কেৱল ব্যক্তিজনে পৰীক্ষাৰ বাবে সন্মতি জনাব লাগে। সন্মতি প্ৰদান নকৰা কাৰ্যই ব্যক্তিজনক দোষী হোৱাটোকে প্ৰমাণিত কৰিব, কিয়নো তেওঁ যদি ঘটনাত জড়িত নাছিল সেই কথাও যিহেতু পৰীক্ষাত ওলাই পৰিব।[6]