বিলম্বিত উপলব্ধি পক্ষপাতিতা (ইংৰাজী: Hindsight bias)-ৰ আন দুটা নাম হৈছে মই এনে হ'ব বুলি জানিছিলোঁৱেই প্ৰপঞ্চ (knew-it-all-along phenomenon)[1] আৰু বগাই যোৱা নিৰ্ধাৰণবাদ (creeping determinism)।[2] এইয়া একধৰণৰ সহজাত প্ৰৱণতা যাৰ প্ৰভাৱত মানুহে অতীতৰ ঘটনা এটাক বাস্তৱতকৈ অধিক অনুমানযোগ্য হিচাপে ঠাৱৰ কৰে।[3][4] এটা বিশেষ ঘটনা ঘটিত হোৱাৰ পাছত মানুহে সেই বিশেষ ঘটনাটো ঘটিবই বুলি বা তেনেধৰণৰ পৰিণতি এটা হ'বয়েই বুলি নিশ্চিতমনেৰে বিশ্বাস প্ৰদৰ্শন কৰে। বিলম্বিত উপলব্ধিৰ এই পক্ষপাতিত্বই মানুহৰ স্মৰণ শক্তিত বিচ্যুতিৰ সৃষ্টি কৰে। ঘটনা এটা ঘটাৰ আগতে তেওঁলোকে কি জানে আৰু কি বিশ্বাস কৰে-তাৰ লগত এই বিচ্যুতিটো জড়িত হৈ আছে। ইয়াৰ ফলত ভৱিষ্যতৰ ঘটনা কিছুমানৰ পৰিণতি অনুমান কৰাৰ প্ৰসংগত মানুহজনৰ মনত অত্যধিক বিশ্বাসৰ (overconfidence) এটা উৎস তৈয়াৰ হয়।[5] বিলম্বিত উপলব্ধি পক্ষপাতিতাৰ নিদৰ্শন দেখা যায়-ইতিহাসবিদে বৰ্ণনা কৰা কিছুমান যুদ্ধৰ পৰিণতিত অথবা চিকিৎসাবিদে স্মৰণ কৰা কিছুমান ক্লিনিকেল ট্ৰায়েলৰ ক্ষেত্ৰত।[6][7][2]
১৯৭০ৰ দশকত যেতিয়া মনোবিজ্ঞানৰ গৱেষণাত এইবিধ পক্ষপাতিতাই প্ৰৱেশ কৰিছিল, তেতিয়া ইয়াৰ নামকৰণ হোৱা নাছিল। কিন্তু ই একেবাৰে অচিনাকি হিচাপেও পৰিগণিত হোৱা নাছিল। দৰাচলতে, একাধিক পৰোক্ষ ধৰণেৰে ইয়াক ইতিহাসবিদ, দাৰ্শনিক আৰু চিকিৎসাবিদসকলে বিভিন্ন সময়ত ব্যাখ্যা কৰিছে।[2] ১৯৭৩ চনত বাৰুখ ফিছকফে এখন বিশেষ ছেমিনাৰত অংশগ্ৰহণ কৰিছিল, য'ত পল ই. মিহলে এটা পৰ্যবেক্ষণৰ বিষয়ে উনুকিয়াইছিল। তেওঁ কৈছিল যে, চিকিৎসা কৰা ব্যক্তিসকলে প্ৰায়েই তেওঁলোকৰ ওচৰলৈ অহা কেচ একোটাৰ পৰিণতিটোৰ অতিমূল্যায়ণ কৰে আৰু তেনেধৰণৰ ঘটনা এটা ঘটাটো নিশ্চিত আছিল বুলি ক'ব খোজে।[8] বাৰুখ আছিল সেইসময়ত এজন মনোবিজ্ঞানৰ ছাত্ৰ। তেখেতে এইবোৰ পৰ্যবেক্ষণৰ সন্দৰ্ভত মনোবৈজ্ঞানিক গৱেষণা কৰাৰ সুযোগ এটা দেখিলে।[8]
আশীৰ দশকৰ আৰম্ভণিতে, মনোবিজ্ঞানত পক্ষপাতিতা, সিদ্ধান্ত-গঠন আৰু ন্যায়শাস্ত্ৰগত অনুসন্ধানবিদ্যা (Heuristics) ক্ষেত্ৰখনত বিস্তৰ অনুসন্ধান আৰম্ভ হৈছিল। অনুসন্ধানৰ গুৰি ধৰিছিল মনোবিজ্ঞানী আমোছ ভেৰাস্কি আৰু ডেনিয়েল কাহনেমেনে[8]বিলম্বিত উপলব্ধি পক্ষপাতিতাৰ ক্ষেত্ৰত মনোযোগ দিব পৰাকৈ মনোবিজ্ঞানীদ্বয়ে দুটা বিশেষ heuristics চিনাক্ত কৰিলে। এটা হৈছে availability heuristic আৰু representativeness heuristic।[9] দুয়োটা পদ্ধতিৰ বিৱৰণৰ ক্ষেত্ৰত বেয়থ আৰু ফিছকফে প্ৰথমবাৰৰ বাবে এটা বিশেষ সম্পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল। এই অধ্যয়নত বিলম্বিত উপলব্ধি পক্ষপাতিতাক পোনপটীয়াকৈ পৰীক্ষা কৰা হৈছিল।[10] আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰিছাৰ্ড নিক্সনে বেইজিঙলৈ কৰিবলগীয়া অনাগত ভ্ৰমণটোৰ সম্ভাব্য পৰিণতিৰ সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলক প্ৰশ্ন সোধা হৈছিল। ৰাষ্ট্ৰপতিগৰাকী উলটি যোৱাৰ পাছত অংশগ্ৰহণকাৰীক পূৰ্বৰ সম্ভাৱিতাবোৰ স্মৰণ কৰিবলৈ কোৱা হ'ল। দেখা গ'ল, তেওঁলোকে সেই পৰিণতিসমূহক প্ৰকৃত ঘটনাৰ তুলনাত অতিমূল্যায়ন কৰিছে আৰু গুৰুতৰ মাত্ৰাত সেইবোৰক ঠাৱৰ কৰিছে।[10] এইটো অধ্যয়নক বিলম্বিত উপলব্ধিৰ পক্ষপাতিতাৰ প্ৰসংগত সঘনাই উল্লেখ কৰা হয়।