বিশেষ বিবাহ আইন, ১৯৫৪ | |
---|---|
ভাষ্য | ১৯৫৪ চনৰ ৪৩নং আইন |
স্থিতি: প্ৰচলিত |
বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যাদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল।[1] ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে। বিশেষ বিবাহ আইনৰ অনুসৰি পঞ্জীভূক্ত বিবাহত ব্যক্তিগত আইন প্ৰযোজ্য নহয়।[2]
১৮৭২ চনত, ১৮৭২ আইন নং ৩, প্ৰণয়ন কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে ইয়াৰ কিছু সংশোধনৰ প্ৰয়োজন আৰু সংসদে এখন নতুন আইন গৃহত কৰিছিল। হেনৰী চুমনাৰ মাইনে প্ৰথমে ১৮৭২ আইন নং ৩ উপস্থাপন কৰিছিল। এই নতুন আইনৰ মতে নাগৰিকে যাকে ইচ্ছা কৰে যিকোনো জাতি, ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে বিবাহৰ অনুমতি প্ৰদান কৰে। চূড়ান্ত ভাবে যিসকলে তেওঁলোকৰ ধৰ্ম বিশ্বাসক অস্বীকাৰ কৰি বিবাহত বহিবলৈ ইচ্ছুক, এই আইনে তেনে বিবাহক বৈধতা প্ৰদান কৰে। প্ৰথমে এই আইন কেৱল আন্তঃ বৰ্ণ আৰু আন্তঃ ধৰ্ম বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল।[3] সামগ্ৰিক ভাবে, স্থানীয় চৰকাৰ আৰু প্ৰশাসক সকলে সৰ্বসন্মতিক্ৰমে মাইনৰ এই আইনৰ বিৰোধিতা কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই আইনে বিবাহক কামনাৰ ওপৰত প্ৰতিষ্ঠিত কৰিব। আৰু অনিবাৰ্যভাবে ই বিবাহৰ দৰে পৱিত্ৰ অনুষ্ঠানক অনৈতিকতাৰ দিশলৈ লৈ যাব।[4]
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এই বিল সংসদত উপস্থাপন কৰা হয়। ১৯৫৪ চনৰ ৯ অক্টোবৰ তাৰিখে এই আইন সংসদত গৃহীত হয়। পিছলৈ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত ১৯৫৫ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা এই আইন জম্মু আৰু কাশ্মীৰক এৰি গোটেই ভাৰততে প্ৰযোজ্য হয়।
বিশেষ বিবাহ আইন, ১৯৫৪য়ে ১৮৭২ আইন নং ৩ক প্ৰতিষ্ঠাপিত কৰে। এই আইনৰ তিনিটা মুখ্য উদ্দেশ্য হল:
আদালত বিবাহ হল দুই আত্মাৰ মিলন। বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি পতা বিয়াত বিবাহ বিষয়া আৰু তিনি গৰাকী সাক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ মাজত শপত গ্ৰহণ অনুষ্ঠান হয়। তাৰ পিছত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত বিবাহ পঞ্জীয়কে তেওঁলোকক বিবাহৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ইয়াৰ পিছত দুয়ো পক্ষ আইন আৰু আদালতৰ আগত বৈধ পতি-পত্নী হিচাপে স্বীকৃতি লাভ কৰে।[10]
এই আইনে সম্পত্তিৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত বেছি একো নকয় যদিও বিশেষ বিবাহ আইন, ১৯৫৪ ৰ দ্বাৰা পঞ্জীয়নভুক্ত বিবাহৰ পিছত দুয়োপক্ষৰ সন্তানে সম্পত্তিৰ লাভ ভাৰতীয় উত্তৰাধিকাৰ আইনৰ অধীনত লাভ কৰে।[11][12] যদিহে উভয় পক্ষ হিন্দু, বৌদ্ধ, শিখ বা জৈন হয় তেন্তে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ ৰ অধীনত লাভ কৰিব।[13]