বিশ্ব এইড্ছ দিৱস | |
---|---|
![]() HIV-পজিটিভ লোক আৰু এইড্ছ আক্ৰান্ত লোকৰ লগত সহমৰ্মিতা প্ৰকাশৰ বাবে ৰঙা ফিটা এক গোলকীয় প্ৰতীক। | |
প্ৰকাৰ | আন্তঃৰাষ্ট্ৰীয় |
তাৰিখ | ১ ডিচেম্বৰ (১৯৮৮ | ৰ পৰা)
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বিশ্ব এইড্ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।[1]১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইড্ছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে।
বিশ্ব এইড্ছ দিৱস বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৱে মানি অহা আঠটা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ-অভিযানৰ এটা। আনকেইটা হৈছে বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ৰক্তদান দিৱস, বিশ্ব প্ৰতিষেধক সপ্তাহ, বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ধপাত বিৰোধী দিৱস, বিশ্ব মেলেৰিয়া দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।[2]
২০১৩ চনৰ তথ্য অনুসৰি এইড্ছ ৰোগৰ ফলত বিশ্বজুৰি ৩.৬ কোটি মানুহৰ মৃত্যু হৈছে (১৯৮১-২০১২), আৰু আনুমানিক ৩.৫৩ কোটি মানুহে এইড্ছ আক্ৰান্ত জীৱন যাপন কৰি আছে।[3] পৃথিৱীৰ বহু অঞ্চলত এণ্টিৰেট্ৰ'ভাইৰেল ঔষধৰ উন্নত উপলব্ধতা সত্বেও প্ৰতিবছৰে এইড্ছে প্ৰতিবছৰে ২,৭০,০০০ শিশুকে ধৰি ২০ লাখ লোকৰ জীৱন নাশ কৰে।[4]
চুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেইম্ছ বান আৰু থমাহ নেটাৰে ১৯৮৭ চনৰ আগষ্টত প্ৰথমবাৰৰ বাবে বিশ্ব এইড্ছ দিৱসৰ পৰিকল্পনা কৰিছিল।[5][6] বান আৰু নেটাৰে তেওঁলোকৰ পৰিকল্পনা এইড্ছৰ গোলকীয় আঁচনিৰ (এতিয়া UNAIDS) নিৰ্দেশক ড° জনাথন মেনৰ আগত প্ৰকাশ কৰে। ড° মেনে এই পৰিকল্পনাত সঁহাৰি জনায় আৰু ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইড্ছ দিৱস পালনৰ পোষকতা কৰে।[7] চান ফ্ৰান্সিস্ক'ৰ প্ৰাক্তন টেলিভিজন সাংবাদিক বানে ১ ডিচেম্বৰৰ দিনটো এইবাবেই প্ৰস্তাৱ কৰিছিল যাতে আমেৰিকান নিৰ্বাচনৰ বহুদিন পাছত আৰু বৰদিনৰ বন্ধৰ আগতে পালন কৰিবলগীয়া এই দিৱসটো পশ্চিমীয়া বাতৰি প্ৰকাশনসমূহে বেছিকৈ প্ৰচাৰ কৰে।[7]
প্ৰথম দুবছৰ বিশ্ব এইড্ছ দিৱসে শিশু আৰু যুৱ লোকক গুৰুত্ব দিছিল। বহু মানুহে এই থীমৰ সমালোচনা কৰিলেও ই এইড্ছ ৰোগৰ লগৈ জড়িত নিন্দা আঁতৰোৱাত সহায় কৰিছিল।
১৯৯৬ চনত HIV/AIDS সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ যুটীয়া আঁচনি (UNAIDS) আৰম্ভ হোৱাৰ লগে লগে এই বিশ্ব এইড্ছ দিৱসৰ পৰিকল্পনা আৰু প্ৰচাৰৰ দায়িত্ব লয়।[8] মাত্ৰ এদিন গুৰুত দিয়াৰ সলনি UNAIDS-এ ১৯৯৭ চনত বছৰজুৰি যোগাযোগ, প্ৰতিৰোধ আৰু আৰু শিক্ষাৰ প্ৰচাৰ চলায়।[8][9] ২০০৪ চনত বিশ্ব এইড্ছ প্ৰচাৰ-অভিযান এটা স্বতন্ত্ৰ সংস্থালৈ পৰিণত হয়।[8][9][10]
![]() |
ৱিকিমিডিয়া কমন্সত World AIDS Day সম্পৰ্কীয় মিডিয়া ফাইল আছে। |