অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সময়ৰ লগে লগে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ৰূপ সলনি হৈ আহিছে। দবাৰ বিশ্ব চেম্পিয়নৰ ধাৰণা পূৰ্বৰে পৰা আছিল আৰু কেইখনমান প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈজনক বাছি উলিওৱা হৈছিল। ১৮৮৬ চনলৈকে বিশ্ব চেম্পিয়ন নিৰ্ণয় কৰিবলৈ নিৰ্দিষ্ট প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল। বিশ্ব চেম্পিয়নশ্বিপ প্ৰথম অৱস্থাত ব্যক্তিগতভাৱে অনুষ্ঠিত হৈছিল আৰু প্ৰতিখন খেল অনুষ্ঠিত কৰিবলৈ সেই সময়ৰ চেম্পিয়নৰ সন্মতিৰ প্ৰয়োজন হৈছিল। ১৯৪৮ চনৰ পিছত আন্তঃৰাষ্ট্ৰীয় দবা সংস্থা বা ফিদেই (FIDE) ইয়াৰ তত্ত্বাৱধানত চেম্পিয়নশ্বিপৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। চেম্পিয়নশ্বিপখন তিনি বছৰীয়া চক্ৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। প্ৰতিজন প্ৰত্যাহ্বানকাৰীক "প্ৰাৰ্থী প্ৰতিযোগিতা"ৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল। ১৯৯৩ চনত অল্পকালীন প্ৰফেচনেল চেছ এছ'চিয়েচন (পিচিএ) ফিদেৰ পৰা বিভাজিত হয়। ফলস্বৰূপে ১৯৯৩ চনৰ পৰা ২০০৬ চনৰ ভিতৰত দুয়োটা প্ৰতিদ্বন্দ্বী সংস্থাই সুকীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ প্ৰদান কৰিছিল।
ইউৰোপত প্ৰথমবাৰৰ বাবে নৱম শতিকাৰ সময়ছোৱাত দবা খেলৰ প্ৰচলন হৈছিল।[1] আধুনিক যুগৰ আৰম্ভণিতে দবাৰ আধুনিক নিয়ম প্ৰচলন হোৱাৰ পিছত এই খেলে সমাজত ব্যাপক আদৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।[2] শতিকাজুৰি বহুতো খেলুৱৈক এই খেলত আটাইতকৈ শক্তিশালী বুলি চিহ্নিত কৰা হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় দবা খেল বা প্ৰতিযোগিতাৰ ধাৰণা ১৮ শতিকালৈকে দেখা পোৱা নগৈছিল,[3] আৰু ১৯ শতিকালৈকে বাস্তৱায়িত হোৱা নাছিল।[4] কিছুমান ইভেণ্ট বিশ্ব চেম্পিয়নৰ খিতাপৰ বাবে নাছিল যদিও বিজয়ী জনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হৈছে। ১৮৮৬ চনৰ পূৰ্বৰ বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈসকলৰ নাম উল্লেখ কৰা হ'ল:
উইলহেম ষ্টেইনিৎজ আৰু জোহানছ জুকাৰটৰ্ট দুয়ো খিতাপৰ যোগ্য দাবীদাৰ হোৱাৰ বাবে তেওঁলোকে ১৮৮৬ চনত প্ৰথম বিশ্ব চেম্পিয়নশ্বিপৰ বাবে এখন মেচ খেলে।[5] তেতিয়াৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ পিছলৈকে চেম্পিয়নশ্বিপৰ মেচ ব্যক্তিগতভাৱে আয়োজন কৰা হৈছিল আৰু চেম্পিয়নজনে আনুষ্ঠানিকভাৱে প্ৰতিদ্বন্দ্বীৰে মুখামুখি হ’বলৈ বাধ্য হোৱা নাছিল। চেম্পিয়ন, প্ৰত্যাহ্বানকাৰী আৰু প্ৰতিখন মেচৰ পৃষ্ঠপোষকৰ মাজত চুক্তি হ'ব লাগিছিল, য'ত পুৰস্কাৰৰ পুলৰ বাবে ধন যোগান ধৰাটোও অন্যতম চৰ্ত আছিল।[6] বিশ্ব চেম্পিয়ন হিচাপে লাস্কাৰৰ ২৭ বছৰীয়া ৰাজত্বকাল ১৮৮৬ চনৰ পিছত সংগঠিত দবাৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব। অৱশ্যে প্ৰথম বিশ্বযুদ্ধৰ বাবে ১৯১৪ চনত হ'বলগীয়া খিতাপ ৰক্ষাৰ যুঁজখন পিছুৱাই দিয়া হৈছিল। অৱশেষত ১৯২১ চনত হোৱা মেচত তেওঁ পৰাজয় বৰণ কৰে।
১৯৪৬ চনত বিশ্ব দবা চেম্পিয়ন হৈ থকাৰ সময়তে আলেকজেণ্ডাৰ আলেখাইনৰ মৃত্যু হয়। ১৯২৪ চনত প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনে (ফিদে) ১৯৩৫ চনৰ পৰাই বিশ্ব চেম্পিয়নশ্বিপ আয়োজনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ চেষ্টা চলাইছিল। ১৯৪০ চনৰ শেষৰ ফালে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্য বিবেচিত প্ৰায় আধা সংখ্যক প্ৰতিদ্বন্দ্বী আছিল ছোভিয়েট নাগৰিক। ১৯৪৭ চনতহে ছোভিয়েট দবা ফেডাৰেচনে ফিদেত যোগদান কৰে। ১৯৪৮ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ ভিত্তি হিচাপে আলেখাইনৰ প্ৰত্যাহ্বানকাৰী নিৰ্বাচনৰ বাবে ১৯৩৮ চনত আয়োজন কৰা এভিআৰঅ প্ৰতিযোগিতাখন লোৱা হৈছিল। প্ৰতিযোগিতাখনত অৱশেষত পাঁচজন খেলুৱৈয়ে অংশগ্ৰহণ কৰে, ইয়াৰে তিনিজন ছোভিয়েট নাগৰিক—বিজয়ী মিখাইল বটভিনিককে ধৰি। বটভিনিক আৰু চাৰিখন চেম্পিয়নশ্বিপ মেচত জয়ী হৈছিল। একে সময়তে ফিদেই ভৱিষ্যতৰ চেম্পিয়নশ্বিপৰ বাবে নিয়ম প্ৰৱৰ্তন কৰিছিল। তিনি বছৰৰ মূৰে মূৰে প্ৰতিযোগিতা আয়োজন কৰা হ’ব। প্ৰথমে ধাৰাবাহিকভাৱে মণ্ডল আৰু আন্তঃমণ্ডলীয় প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু সৰ্বোচ্চ নম্বৰ পোৱা প্ৰদৰ্শনকাৰীসকলক প্ৰাৰ্থী প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনোৱা হ’ব। এই প্ৰাৰ্থী প্ৰতিযোগিতাৰ বিজয়ীয়ে পাছলৈ খিতাপৰ বাবে এখন মেচত চেম্পিয়নৰ বিৰুদ্ধে খেলিব। পৰাজিত চেম্পিয়ন এজনে পিছৰ বছৰ পুনৰ এখন মেচ খেলিবলৈ পাব। তাৰ পিছত তিনি-বছৰীয়া চক্ৰটো পুনৰ আৰম্ভ হ’ব; এই নিয়মৰ পৰা বটভিনিক দুবাৰকৈ লাভৱান হৈছিল, ১৯৫৮ আৰু ১৯৬১ চনত।[7] ১৯৭২ চনত আমেৰিকান ববী ফিছাৰৰ বাহিৰে ১৯৪৮ চনৰ পৰা ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱালৈকে প্ৰতিটো চেম্পিয়নশ্বিপত ছোভিয়েট নাগৰিকে জয়লাভ কৰিছিল। ১৯৭৬ চনত ইউ এছ এছ আৰৰ পৰা পলায়ন কৰা ভিক্টৰ কৰ্চনয়ক বাদ দিলে প্ৰত্যাহ্বানকাৰীসকলো আছিল ছোভিয়েট নাগৰিক। জয়ৰ পিছত ফিছাৰে ফিদেৰ দ্বাৰা আয়োজিত খেল খেলা নাছিল। দবা সংস্থাই এখন মেচত নিৰ্দিষ্ট সংখ্যক খেল খেলাৰ নিয়ম বান্ধি দিছিল। তাৰ বিপৰীতে ফিছাৰে বিচাৰিছিল যে নিৰ্দিষ্ট সংখ্যক খেলত জয় লাভ কৰিলেহে বিজয়ী হোৱাৰ নিয়ম কৰা হওক। এই মতানৈক্যৰ বাবে ফিছাৰে মেচত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ফলত ১৯৭৫ চনত ফিদেই তেওঁৰ খিতাপ জব্দ কৰে আৰু ১৯৭৪ চনৰ 'প্ৰাৰ্থী প্ৰতিযোগিতা'ৰ বিজয়ী আনাটোলি কাৰ্পভক বিশ্ব দবা চেম্পিয়ন হিচাপে ঘোষণা কৰে।[8]
এই ঘটনাৰ পিছত ফিদেই আগলৈ মেচৰ নিয়ম সলনি কৰি ৬খন খেলত প্ৰথমে জয়ী হোৱাজন চেম্পিয়ন হ'ব বুলি ঘোষণা কৰিলে।[9] এই নিয়মৰ অধীনত কাৰ্পভে দুবাৰকৈ কৰ্চনয়ৰ বিৰুদ্ধে খিতাপ ৰক্ষা কৰিছিল। পৰৱৰ্তী মেচখন ১৯৮৪ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল কাৰ্পভ আৰু প্ৰত্যাহ্বানকাৰী ২১ বছৰীয়া গেৰী কাছপাৰভৰ মাজত। পাঁচ মাহত ৪৮খন খেল খেলাৰ পিছতো কোনেও ৬টা জয়ৰ মুখ নেদেখিলে। এক অভূতপূৰ্ব পদক্ষেপ লৈ ফিডেৰ সভাপতি ফ্ল’ৰেন্সিঅ’ কেম্প’মানেছে হস্তক্ষেপ কৰে আৰু কোনো ফলাফল নোহোৱাকৈ মেচখন শেষ হোৱা বুলি ঘোষণা কৰে। ১৯৮৫ চনৰ শেষৰ ফালে এখন নতুন মেচ খেলোৱা হ'ল। ১৯৮৪ চনৰ আৰম্ভণিতে প্ৰায় পৰাস্ত হোৱাৰ পৰা প্ৰত্যাৱৰ্তন কৰি কাস্পাৰভে তেওঁলোকৰ ৰিমেচত কাৰ্পভক পৰাস্ত কৰে। তাৰ পিছৰ দশকত দুয়োজনে আৰু তিনিখন চেম্পিয়নশ্বিপ মেচ খেলিছিল আৰু প্ৰতিখনতেে কাস্পাৰভে সামান্য ব্যৱধানত খিতাপ অক্ষুণ্ণ ৰাখিছিল।[10]
১৯৯৩ চনত নাইজেল শ্বৰ্ট কেণ্ডিডেটছ টুৰ্ণামেণ্টত জয়ী হোৱাৰ পিছত ফিডেৰ সভাপতি কেম্প’মেনেছে ঘোষণা কৰে যে সেই বছৰৰ চেম্পিয়নশ্বিপ ইংলেণ্ডৰ মানচেষ্টাৰত অনুষ্ঠিত হ’ব। কাস্পাৰভ আৰু শ্বৰ্ট দুয়োজনেই দাবী কৰিলে যে ফিডেই এই সিদ্ধান্ত চেম্পিয়নশ্বিপ সম্পৰ্কীয় ফিডেৰ নিয়ম উলংঘা কৰি তেওঁলোকৰ মতামত নোলোৱাকৈ গ্ৰহণ কৰিছে। প্ৰত্যুত্তৰত কাস্পাৰভ আৰু শ্বৰ্টে ফিদেৰ পৰা ওলাই গৈ প্ৰফেচনেল চেছ এছ'চিয়েচন (পিচিএ) গঠন কৰে।[11] পিচিএই দুয়োৰে মাজত বিশ্ব চেম্পিয়নশ্বিপ মেচৰ আয়োজন কৰে আৰু সেই বছৰৰ শেষৰ ফালে লণ্ডনত মেচখন খেলা হয়। ইফালে ফিডেই কাস্পাৰভৰ খিতাপ কাঢ়ি লৈ প্ৰাৰ্থী প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা কাৰ্পভ আৰু জান টিমমানৰ মাজত চেম্পিয়নশ্বিপ মেচৰ আয়োজন কৰে।[12] ১৯৯৩ চনৰ পৰা ২০০৬ চনৰ ভিতৰত ১৩ বছৰ ধৰি দুটা প্ৰতিদ্বন্দ্বী খিতাপ আছিল। পিচিএ নিজেই মাত্ৰ দুবছৰৰ পিছত ভাগি গ'ল যদিও কাস্পাৰভে "ক্লাছিকেল" বুলি অভিহিত উপাধিটো ধৰি ৰাখিল, যিটো ২০০০ চনত কাস্পাৰভক পৰাস্ত কৰাৰ পিছত ভ্লাদিমিৰ ক্ৰামনিকৰ হাতলৈ গ'ল।[13]
ইফালে ফিডে পুনৰবাৰ চেম্পিয়নশ্বিপ পদ্ধতিটোৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। ১৯৯৮ চনৰ চেম্পিয়নশ্বিপৰ পৰা জ'নেল, ইণ্টাৰজ'নেল, প্ৰাৰ্থী, আৰু চেম্পিয়নশ্বিপ পৰ্যায়ৰ ব্যৱস্থাটোৰ ঠাইত এটা একক-অপসাৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় য'ত কেইবা ডজন খেলুৱৈয়ে চেম্পিয়নশ্বিপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ১৯৯৯ চনৰ পৰৱৰ্তী ইভেণ্টৰ বাবে বৰ্তমানৰ বিশ্ব চেম্পিয়নগৰাকীয়ে স্বয়ংক্ৰিয়ভাৱে ফাইনেলত প্ৰৱেশ কৰিব নোৱৰা হ'ল। এই অতিৰিক্ত পৰিৱৰ্তনৰ বাবেই কাৰ্পভে—যিজনে বিভাজনৰ সময়ত অতিৰিক্ত তিনিটা খিতাপ জয় কৰিছিল—আগলৈ অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। চাৰিখন ধ্ৰুপদী চেম্পিয়নশ্বিপৰ প্ৰতিখনেই পৰম্পৰাগত মেচৰ পদ্ধতি বজাই ৰাখিছিল।[14]
ফিদে আৰু পিচিএৰ মাজত হোৱা আলোচনামৰ্মে ২০০৬ চনত ধ্ৰুপদী চেম্পিয়ন ভ্লাদিমিৰ ক্ৰামনিকে ফিডে চেম্পিয়ন ভেচেলিন টোপালভৰ বিৰুদ্ধে এখন খেল খেলি বিশ্ব চেম্পিয়নশ্বিপক পুনৰ একত্ৰিত কৰে।[15] তেতিয়াৰ পৰাই এই চেম্পিয়নশ্বিপটো ফিডেৰ তত্ত্বাৱধানত আছে। প্ৰাৰ্থী প্ৰতিযোগিতাখন ঘূৰি আহিল, আৰু ২০০৭ চনৰ প্ৰতিযোগিতাখনৰ বাদে বিশ্ব চেম্পিয়নশ্বিপ পুনৰ মেচ ফৰ্মেটলৈ ঘূৰি আহিল। প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পূৰ্বৰ জ'নেল আৰু ইণ্টাৰজ'নেল ব্যৱস্থাৰ পৰিৱৰ্তে দবা বিশ্বকাপৰ দৰে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল।[16] পিছলৈ প্ৰাৰ্থী নিৰ্বাচনৰ উপায়সমূহৰ ভিতৰত ফিদে গ্ৰেণ্ড প্ৰিস্ক, ফিদে গ্ৰেণ্ড চুইছ প্ৰতিযোগিতা, ৰেটিং অনুসৰি নিৰ্বাচন আৰু অনুষ্ঠান আয়োজন কৰা স্থানৰ দ্বাৰা নিৰ্বাচিত ৱাইল্ড কাৰ্ড আদি অন্তৰ্ভুক্ত কৰা হৈছিল।[17]
১২খন ধ্ৰুপদী খেলৰ মেচবোৰ কুৰি শতিকাৰ অধিকাংশ সময়ৰ মেচতকৈ বহু চুটি আছিল। ২০১৮ চনৰ মেচখনত ১২খন ধ্ৰুপদী খেলৰ আটাইকেইখনেই চেম্পিয়নশ্বিপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ড্ৰ হৈছিল। ইয়াৰ পিছত খেলৰ সংখ্যা ১৪খনলৈ বৃদ্ধি কৰা হয়।{[18] এই ফৰ্মেটটোৰ প্ৰতি প্ৰেৰণা আৰু আগ্ৰহৰ অভাৱৰ কথা উল্লেখ কৰি বৰ্তমানৰ পাঁচবাৰৰ চেম্পিয়ন মেগনাছ কাৰ্লচেনে ২০২৩ চনত নিজৰ খিতাপ ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰে।[19] ফলত এই মেচত কেণ্ডিডেটছৰ দুজন শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰে আৰু ডিং লিৰেনে ইয়ান নেপমনিয়াচ্চিক পৰাস্ত কৰি নতুন বিশ্ব চেম্পিয়ন হয়। পিছলৈ কাৰ্লচেনে ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে।[20]