স্থানীয় নাম | Jogos Mundiais dos Povos Indígenas |
---|---|
তাৰিখ | ২৩ অক্টোবৰ – ১ নৱেম্বৰ, ২০১৫ |
স্থান | পালমাছ, ব্ৰাজিল |
Organised by | ইণ্টাৰ ট্ৰাইবেল কাউঞ্চিল |
ৱেবছাইট | www.i-games2015.com |
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (ইংৰাজী: World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়।[1] ১৯৯৬ চনৰ পৰা ব্ৰাজিলিয়ান স্বেচ্ছাসেৱক সংস্থা ইণ্টাৰ ট্ৰাইবেল কাউঞ্চিলে এনে ক্ৰীড়া সমাৰোহৰ তদাৰক কৰি আহিছে।[2]
প্ৰথমটো সমাৰোহৰ সমাপ্তিৰ পিছত পৰম্পৰাগত ক্ৰীড়া অনিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত কৰা হ’ব বুলি আশা কৰা হৈছে।
বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহৰ উদ্ভৱ হয় ব্ৰাজিলৰ স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহৰ পৰা। এই জাতীয় ক্ৰীড়া সমাৰোহৰ ১২টা সংস্কৰণ আছে আৰু ইয়াত প্ৰায় ১,৫০০ লোকে অংশগ্ৰহণ কৰি আহিছে।[3] ১৯৮০ চনত পৰম্পৰাগত ক্ৰীড়াৰ অলিম্পিক সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ উথাপিত হয়। ১৯৯৬ চনত সেই সময়ৰ ক্ৰীড়ামন্ত্ৰী পেলেৰ উদ্যোগত স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হয় আৰু ইয়াৰ প্ৰথমখন সমাৰোহ গ’ইয়ানিয়াত অনুষ্ঠিত হয়। ২০১৩ চনত অনুষ্ঠিত ত্ৰয়োদশ স্থানীয় লোকৰ ক্ৰীড়া সমাৰোহত ১৭খন দেশ আৰু ব্ৰাজিলৰ ৪৮ স্থানীয় জনগোষ্ঠীয়ে পৰম্পৰাগত ক্ৰীড়া সমাৰোহৰ জন্ম দিয়াৰ বিষয়ে আলোচনা কৰে। ২০১৫ চনৰ ২৫ জুনত ব্ৰাজিলিয়াত আনুষ্ঠানিকভাৱে উক্ত অনুষ্ঠানটোৰ জন্ম দিয়া হয়।[4][5].
বৰ্ষ | সমাৰোহ | আয়োজক দেশ | কাল | অংশগ্ৰহণকাৰী দেশ | খেলৰ সংখ্যা | অংশগ্ৰহণকাৰীৰ সংখ্যা | বিজয়ী দেশ | ||
---|---|---|---|---|---|---|---|---|---|
২০১৫ | প্ৰথম বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ | ব্ৰাজিল | পালমাছ | ২৩ অক্টোবৰ-৩ নৱেম্বৰ | ২৩ | ১০ | ২,০০০[6] | ||
২০১৭ | দ্বিতীয় বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ | কানাডা[7] |
|
|
প্ৰথমখন ক্ৰীড়া সমাৰোহ নদিনীয়া কাৰ্যসূচীৰে (২৩ অক্টোবৰ-৩ নৱেঅম্বৰ) ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়। ইয়াত ২৩খন দেশে ১০ বিধ খেলত অংশগ্ৰহণ কৰে।