বিশ্বজিৎ দৈমাৰী | |
---|---|
![]() | |
অসম বিধানসভাৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২ মে ২০২১ | |
উপাধ্যক্ষ | নুমল মমিন |
পূৰ্বসূৰী | হিতেন্দ্ৰ নাথ গোস্বামী |
সমষ্টি | পানেৰী |
ৰাজ্য সভাৰ সাংসদ | |
কাৰ্যকাল ২৩ ফেব্ৰুৱাৰী ২০২১ – ২ মে' ২০২১ | |
উত্তৰসূৰী | সৰ্বানন্দ সোণোৱাল |
সমষ্টি | অসম |
কাৰ্যকাল ১০ এপ্ৰিল ২০০৮ – ২১ নবেম্বৰ ২০২০ | |
সমষ্টি | অসম |
অসম বিধানসভা | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২ মে,২০২১ | |
পূৰ্বসূৰী | কমলী বসুমতাৰী |
সমষ্টি | পানেৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ৪ ফেব্ৰুৱাৰী, ১৯৭১ (৫৪ বছৰ) সুৱাগপুৰ, বাক্সা জিলা, বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০২১- বৰ্তমান) |
আন ৰাজনৈতিক সম্পৰ্ক |
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (২০০৬-২০২১) |
দাম্পত্যসঙ্গী | মীনা ব্ৰহ্ম দৈমাৰী |
সন্তান | দুই পুত্ৰ আৰু দুই কন্যা |
বাসস্থান | সুৱাগপুৰ, অসম, ভাৰত |
শিক্ষা | স্নাতকোত্তৰ, বিশাৰদ (হিন্দী) |
শিক্ষানুষ্ঠান | কোকৰাঝাৰ কলেজ মাদুৰাই কামৰাজ বিশ্ববিদ্যালয় |
জীৱিকা | সমাজকৰ্মী আৰু কৃষিকাৰ্য |
১৫ অক্টোবৰ, ২০১৫-ৰ তথ্য উৎস: [1] |
বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [1][2]২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় জনতা পাৰ্টি ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০০৮ চনৰ পৰা ২০২০ চনলৈ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সদস্য হিচাপে ৰাজ্য সভাৰ সংসদ আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ পৰা ২০২০ চনলৈ দ্বিতীয় কাৰ্যকালৰ বাবে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ পৰা সাংসদ আৰু ২০২১ চনত আকৌ কিছু দিনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাজ্যসভা সংসদ হিচাপে নিৰ্বাচিত হয়।[3] ২০২০ চনৰ নৱেম্বৰ মাহত বডোলেণ্ড ক্ষেত্ৰীয় পৰিষদ নিৰ্বাচনৰ পূৰ্বে দৈমাৰীয়ে বিপিএফ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে।[4][5][6]
তেওঁ অসমৰ বাক্সা জিলাৰ সুৱাগপুৰ নামৰ গাঁৱৰ সুৰেন্দ্ৰ দৈমাৰী আৰু ফেদাব দৈমাৰীৰ পৰিয়ালত দৈমাৰীৰ জন্ম হৈছিল। তেওঁ কোকৰাঝাৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে। ১৯৯৯ চনৰ ৪ ডিচেম্বৰত তেওঁ মিনা ব্ৰহ্ম দৈমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7]
দৈমাৰীৰ ৰাজনৈতিক পদ:-[7]