বিশ্বামিত্ৰ | |
---|---|
ৰাজা ৰবি বৰ্মাৰ দ্বাৰা অংকিত বিশ্বামিত্ৰ | |
প্ৰকৃত নাম | কৌশিক |
বিশ্বামিত্ৰ (সংস্কৃত: विश्वामित्र) হোওছে প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত ঋষি। গায়ত্ৰী মন্ত্ৰকে আদি কৰি ঋকবেদৰ তৃতীয় মণ্ডলৰ প্ৰায়বোৰ অংশ ৰচনাৰ কৃতিত্ব তেওঁকে দিয়া হয়। পুৰাণসমূহত সৃষ্টিৰ আদিৰে পৰা বিদ্যমান ২৪গৰাকী ঋষিৰ উল্লেখ আছে যিসকলে গায়ত্ৰী মন্ত্ৰৰ সম্পূৰ্ণ অৰ্থ অনুধাৱন কৰি এই মন্ত্ৰৰ সমস্ত শক্তি ধাৰণ কৰিছিল। ইয়াৰ ভিতৰত বিশ্বামিত্ৰ হৈছে প্ৰথমগৰাকী আৰু যাজ্ঞবল্ক্য অন্তিমগৰাকী ঋষি।
ঐতিহাসিকভাৱে বিশ্বামিত্ৰ গথিনা এজন ঋকবৈদিক ঋষি আছিল যি আছিল ঋগবেদৰ তৃতীয় মণ্ডলৰ মুখ্য ৰচয়িতা।[1] বশিষ্ঠৰ আগলৈকে তেওঁ ভৰত জনজাতিৰ ৰজা সুদাসৰ পুৰোহিত আছিল। [2] তেওঁ ভৰতসকলক বিপাস আৰু সুতুদ্ৰী নদী অতিক্ৰম কৰাত সহায় কৰিছিল।[3] পৰৱৰ্তী হিন্দু গ্ৰন্থসমূহত বিশ্বামিত্ৰ আৰু বশিষ্ঠৰ দীৰ্ঘদিনীয়া বিবাদৰ কথা বৰ্ণনা কৰা হৈছে। পণ্ডিতসকলৰ মতে যে ভৰতসকলৰ পুৰোহিতৰ স্থিতি সম্পৰ্কে ঐতিহাসিকভাৱে তেওঁলোকৰ মাজত বিবাদ হৈছিল। অৱশ্যে অভ্যন্তৰীণ প্ৰমাণৰ অভাৱ আৰু ঋকবেদৰ ওপৰত পৰৱৰ্তী কালৰ মতামতৰ বাবে এই দৃষ্টিভংগীক সমালোচনা কৰা হৈছে।[3][4]
বিশ্বমিত্ৰৰ জীৱনৰ সৈতে সম্পৰ্কিত বেছিভাগ কাহিনী বাল্মীকি ৰামায়ণত বৰ্ণনা কৰা হৈছে। [5] বিশ্বামিত্ৰ প্ৰাচীন ভাৰতৰ এজন ৰজা আছিল যাক কৌশিক (কুশৰ বংশধৰ) বুলিও কোৱা হয়। তেওঁ আছিল অমাৱসু ৰাজবংশৰ। বিশ্বামিত্ৰ মূলতঃ কান্যকুব্জৰ (আধুনিক দিনৰ কনৌজ) চন্দ্ৰবংশী (সোমবংশী) ৰজা। তেওঁ এজন বীৰ যোদ্ধা আৰু কুশ নামৰ এজন মহান ৰজাৰ বংশধৰ আছিল।