বিষকন্যা (ইংৰাজী: Visha Kanya) প্ৰাচীন ভাৰতত শক্তিশালী শত্ৰুৰ বিৰুদ্ধে হত্যাকাৰী হিচাপে ব্যৱহাৰ কৰা যুৱতী আছিল বুলি জনা যায়।[1] তেওঁলোকৰ তেজ আৰু শাৰীৰিক তৰল আন মানুহৰ বাবে বিষাক্ত আছিল। প্ৰাচীন ভাৰতীয় গ্ৰন্থ অৰ্থশাস্ত্ৰত বিষকন্যাৰ উল্লেখ পোৱা যায়। প্ৰথম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী তথা মুখ্য উপদেষ্টা চাণক্যয়ে (৩৪০-২৯৩ খ্ৰীষ্টপূৰ্ব) অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল।[2]
অৱশ্যে, সময়ৰ লগে লগে "বিষকন্যা" লোককাহিনীলৈ পৰিণত হৈছিল। বহুতো লেখকে অন্বেষণ কৰা এক চৰিত্ৰ হিচাপে ই এক জনপ্ৰিয় সাহিত্যিক চৰিত্ৰ হিচাপে পৰিগণিত হয়। পৰৱৰ্তী সময়ৰ বিভিন্ন ৰচনাত বিষকন্যাৰ উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত ধ্ৰুপদী সংস্কৃত গ্ৰন্থ 'শুকসপ্ততি' বিশেষভাৱে উল্লেখযোগ্য।[3]
বিষকন্যা সংস্কৃত সাহিত্যত শত্ৰুক ধ্বংস কৰিবলৈ ৰজাসকলে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ হত্যাকাৰী হিচাপে উল্লেখ পোৱা যায়। কিংবদন্তি অনুসৰি সৰু ছোৱালীবোৰক অতি কম বয়সৰ পৰাই বিহ আৰু প্ৰতিষেধক সতৰ্কতাৰে তৈয়াৰ কৰা আহাৰত মিহলাই খুৱাই ডাঙৰ-দীঘল কৰা হয়। অৱশ্যে বহুতে এই প্ৰক্ৰিয়াত মৃত্যুবৰণ কৰে। যিসকলে জীৱন্তে থাকে তেওঁলোক আন বিষাক্ত পদাৰ্থৰ প্ৰভাৱৰ পৰা মুক্ত হৈ পৰে আৰু তেওঁলোকৰ শৰীৰৰ তৰল আনৰ বাবে বিষাক্ত হিচাপে পৰিগণিত হয়। সেয়ে বিষকন্যাৰ সৈতে যৌন সম্পৰ্ক আন মানুহৰ বাবে মাৰাত্মক। আন এক পৌৰাণিক কাহিনী অনুসৰি বিষকন্যাই কেৱল এটা স্পৰ্শৰ দ্বাৰা তাৎক্ষণিক মৃত্যু ঘটাব পাৰে।
কৌশিক ৰায়ৰ মতে বিষকন্যাসকলে শত্ৰুসকলক প্ৰলোভিত কৰি আৰু বিষাক্ত সুৰা দি তেওঁলোকক হত্যা কৰে।[1]
কিছুমান সংস্কৃত সূত্ৰৰ বৰ্ণনা অনুসৰি চন্দ্ৰগুপ্ত মৌৰ্যক হত্যা কৰিবলৈ নন্দৰ মন্ত্ৰী অমত্যৰক্ষায়ে এগৰাকী বিষকন্যা প্ৰেৰণ কৰিছিল। কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যৰ উপদেষ্টা চাণক্যই বিষকন্যাৰ দ্বাৰা পাৰ্বতক হত্যা কৰোৱাই তেওঁলোকৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিছিল।[4][5]
ভাৰতীয় ঐতিহাসিক সূত্ৰ অনুসৰি নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক মহাপদ্ম নন্দয় শিশুনাগ ৰাজবংশৰ অন্তিম শাসক কালশোকক হত্যা কৰিবলৈ বিষকন্যাৰ সহায় লৈছিল। এই দুয়ো শক্তিশালী মগধ ৰাজ্যৰ ৰাজবংশ আছিল।
ভাৰতীয় সাহিত্য আৰু লোককাহিনীত বিষকন্যা এক জনপ্ৰিয় বিষয় বস্তু। ধ্ৰুপদী সংস্কৃত গ্ৰন্থত উল্লেখ থকা উপৰিও 'শিৱানী' আৰু 'এক ঔৰ বিষ কন্যা?'ৰ দৰে বিভিন্ন ৰচনাত ইয়াৰ উল্লেখ পোৱা যায়। ওম প্ৰকাশ শৰ্মাৰ 'এক ঔৰ বিষ কন্যা?'ত বিষকন্যাক কাহিনীত ৰূপক হিচাপে ব্যৱহাৰ কৰে। এই কাহিনীবোৰত এগৰাকী ধুনীয়া ছোৱালীযে কৌশলেৰে শত্ৰুৰ অতি ওচৰলৈ আহিলে হত্যা কৰে। শেহতীয়াকৈ, এই চক্ৰই এইচ.আই.ভি./এইডছ যুগত এক নতুন ৰূপত প্ৰকাশিত হৈছে। উদাহৰণ স্বৰূপে সমাজত এইডছ মহামাৰীৰ ওপৰত আধাৰিত ২০০৭ চনৰ উপন্যাস 'বিষকন্যা'। 'চাণক্যচ চাণ্ট' গ্ৰন্থখনত বিষকন্যাসকলক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে দেখুওৱা হৈছে। ২০০৯ চনত বিভা ৰাহী নামৰ এগৰাকী নিম্ন বৰ্ণৰ মহিলাই মাৰাঠীত এখন আত্মজীৱনী 'বিষকন্যা: আনটোল্ড চিক্ৰেটছ' লিখিছিল। ইয়াত তেওঁ কেনেদৰে উচ্চ বৰ্ণৰ মহিলাসকলে নিম্ন বৰ্ণৰ লোকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰে আৰু তেওঁলোকৰ পৰিয়াল আৰু সামাজিক সম্পৰ্ক ধ্বংস কৰে তাক চিত্ৰিত কৰিছিল।[6]
শাৰদীন্দু বন্দোপাধ্যায়ৰ গল্প 'বিষকন্যা'ত এগৰাকী ছোৱালীৰ বিষকন্যা হোৱাৰ যাত্ৰা আৰু তেওঁক শিশুনাগ ৰাজবংশৰ সদস্যসকলক হত্যা কৰিবলৈ মগধলৈ পঠোৱা কাহিনী বৰ্ণনা কৰিছে।
'দ্য ৰিয়েল লাইফ অৱ চেবাষ্টিয়ান নাইট'ত লেখিকা নাবোকভে ইৰিনা গুয়াদানিনিৰ সৈতে তেওঁৰ সম্পৰ্কক বিষকন্যাৰ পৌৰাণিক কাহিনীৰ ইঙ্গিতৰ জৰিয়তে ব্যৱহাৰ কৰে। ২০১৫ চনত আইজে জামা-এভাৰেটৰ 'দ্য এনট্ৰপি অফ বোনছ' নামৰ উপন্যাসখনত মুখ্য চৰিত্ৰটোৱে বিষকন্যাৰ এটা গোটৰ সৈতে যুঁজ দিয়ে। নাথানিয়েল হথৰ্ণৰ কাহিনীৰ এটা অংশত বিষকন্যাৰ উল্লেখ কৰা হয়।
বিষকন্যা বিষয়ক বহুতো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। প্ৰথমখন চলচ্চিত্ৰ 'বিষকন্যা' ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল।[7] ছবিখনত লীলা মিশ্ৰ আৰু অতি শেহতীয়াকৈ ১৯৯১ চনৰ ছবি 'বিষকন্যা'ত পূজা বেদীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[8] 'বিষকন্যা এক অনোখি প্ৰেম কাহানী' জি টিভিত সম্প্ৰচাৰিত এখন টিভি শৃংখলা। ইয়াত ঐশ্বৰ্য খাৰেয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু অপৰাজিতা ঘোষক এগৰাকী বিষাকন্যাৰ ৰূপত দেখা গৈছিল।