বিষ্ণু শৰ্মা | |
---|---|
জন্ম | কাশ্মীৰ |
পেচা | পণ্ডিত, লেখক |
উল্লেখনীয় কৰ্মৰাজি | পঞ্চতন্ত্ৰ |
বিষ্ণু শৰ্মা (সংস্কৃত: विष्णुशर्मन् / विष्णुशर्मा) এজন ভাৰতীয় পণ্ডিত আৰু লেখক আছিল। তেওঁ উপকথাৰ সংকলন পঞ্চতন্ত্ৰ ৰচনা কৰিছে বুলি জনা যায়।[1]
ইতিহাসৰ পাতত পঞ্চতন্ত্ৰক সৰ্বাধিক অনুবাদ হোৱা অনাধৰ্মীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম বুলি জনা যায়। পঞ্চতন্ত্ৰক ৫৭০ খ্ৰীষ্টাব্দত বৰজুয়াই মধ্য পাৰ্চী/পাহলৱীলৈ আৰু ৭৫০ খ্ৰীষ্টাব্দত পাৰ্চী পণ্ডিত আব্দুল্লাহ ইবনে আল-মুকাফাই আৰবীলৈ কলিলা ৱা ডিমনাহ (আৰবী: كليلة و دمنة) বুলি অনুবাদ কৰে।[2][3] এই গ্ৰন্থখনৰ বাগদাদত দ্বিতীয় আব্বাছি খলিফা আল-মানছুৰৰ নিৰ্দেশনাত হোৱা অনুবাদটো "জনপ্ৰিয়তাৰ ক্ষেত্ৰত কোৰানৰ পিছতে দ্বিতীয়" হৈ পৰা বুলি দাবী কৰা হয়।[4] "একাদশ শতিকাৰ পৰাই এই গ্ৰন্থখন ইউৰোপৰ সাহিত্য ক্ষেত্ৰত ভুমুকি মাৰে আৰু ইয়াৰ আগতেও ১৬০০ চনত ইয়াৰ অস্তিত্ব গ্ৰীক, লেটিন, স্পেনিছ, ইটালীয়, জাৰ্মান, ইংৰাজী, পুৰণি স্লাভনিক, চেক আৰু হয়তো অন্যান্য স্লাভনিক ভাষাটো আছিল। ইয়াৰ পিছৰ জাভাৰ পৰা আইচলেণ্ডলৈ প্ৰসাৰিত হৈ পৰে। ফ্ৰান্স সাহিত্যিক জিন ডি লা ফণ্টেইনৰ ৰচনাত প্ৰায় এঘৰটা পঞ্চতন্ত্ৰৰ সাধু অন্তৰ্ভুক্ত কৰা হৈছে।"[4]
পঞ্চতন্ত্ৰৰ প্ৰস্তাৱনাত বিষ্ণু শৰ্মাক গ্ৰন্থখনৰ লেখক হিচাপে চিহ্নিত কৰা হৈছে। অৱশ্যে ইয়াৰবাদে তেওঁৰ বিষয়ে আন কোনো স্বতন্ত্ৰ বাহ্যিক প্ৰমাণ নাই, "তেওঁ গ্ৰন্থখনৰ ঐতিহাসিক লেখক আছিল নেকি . . .বা তেওঁ নিজেই এক কাল্পনিক চৰিত্ৰ নেকি সেয়া কোৱা অসম্ভৱ"।[5] বিভিন্ন ভাৰতীয় অনুসন্ধান আৰু গল্পসমূহত বৰ্ণনা কৰা ভৌগোলিক বৈশিষ্ট্য আৰু প্ৰাণীসমূহৰ বিশ্লেষণৰ ভিত্তিত বিভিন্ন পণ্ডিতে কাশ্মীৰক তেওঁৰ জন্মস্থান বুলি মত প্ৰকাশ কৰিছে।[6]
বিষ্ণু শৰ্মাই কেনেকৈ কথিতভাৱে পঞ্চতন্ত্ৰ সৃষ্টি কৰিছিল তাৰ কাহিনী প্ৰস্তাৱনাত বৰ্ণনা কৰা হৈছে। সুদৰ্শন নামৰ এজন ৰজা আছিল যিয়ে এখন ৰাজ্য শাসন কৰিছিল, যাৰ ৰাজধানী আছিল মহিলাৰোপ্য নামৰ এখন নগৰ, অৱশ্যে এই ৰাজ্যৰ অৱস্থান ভাৰতৰ বৰ্তমানৰ মানচিত্ৰত অজ্ঞাত।[7] ৰজাৰ বহুশক্তি, উগ্ৰশক্তি আৰু শক্তি নামৰ তিনিজন পুত্ৰ আছিল।[8] যদিও ৰজা নিজেই এজন পণ্ডিত আৰু শক্তিশালী শাসক আছিল, তেওঁৰ পুত্ৰসকল আছিল অকমন্য।[8] ইয়াকেলৈ ৰজা বৰ হতাশ হৈছিল আৰু তেওঁৰ মন্ত্ৰীসকলৰ ওচৰত পৰামৰ্শ বিচাৰিছিল। তেওঁলোকে তেওঁক পৰস্পৰ বিৰোধী পৰামৰ্শ আগবঢ়াইছিল যদিও সুমতী নামৰ এজনৰ কথাই ৰজাক প্ৰভাৱিত কৰে।[9] তেওঁ কয় যে বিজ্ঞান, ৰাজনীতি আৰু কূটনীতি হৈছে সীমাহীন শাখা যিবোৰ আনুষ্ঠানিকভাৱে আয়ত্ত কৰিবলৈ আজীৱন সময় লাগে। ৰাজকুমাৰসকলক শাস্ত্ৰ আৰু গ্ৰন্থ শিকোৱাৰ পৰিৱৰ্তে তেওঁলোকক কেনেবাকৈ তেওঁলোকৰ মাজত অন্তৰ্নিহিত প্ৰজ্ঞা শিকোৱা উচিত আৰু সেই কাম কৰা মানুহজন আছিল বৃদ্ধ পণ্ডিত বিষ্ণু শৰ্মা।[10]
বিষ্ণু শৰ্মাক দৰবাৰলৈ আমন্ত্ৰণ জনোৱা হয়, য'ত ৰজাই তেওঁক ৰাজকুমাৰসকলক শিকাব পাৰিলে এশ ভূমি অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে।[11] বিষ্ণু শৰ্মাই ৰজাই প্ৰতিশ্ৰুতি দিয়া বঁটা অস্বীকাৰ কৰি কয় যে তেওঁ ধনৰ বিনিময়ত জ্ঞান বিক্ৰী কৰা নাই আৰু ছমাহৰ ভিতৰত ৰাজনীতি আৰু নেতৃত্বৰ পদ্ধতিৰ প্ৰতি ৰাজকুমাৰসকলক জ্ঞানী কৰি তোলাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে।[10][11] বিষ্ণু শৰ্মাই জানিছিল যে তেওঁ এই তিনিওজন ছাত্ৰক গতানুগতিক উপায়েৰে কেতিয়াও নিৰ্দেশনা দিব নোৱাৰে। তেওঁ ইয়াৰ বাবে উপযুক্ত পদ্ধতি হিচাপে একেৰাহে জীৱ সম্পৰ্কীয় উপকথা কোৱা আৰম্ভ কৰে। যিসমূহে তেওঁলোকক পিতৃৰ উত্তৰাধিকাৰী হ’বলৈ প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিছিল। ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি কোৱা কাহিনীসমূহক অভিযোজিত কৰি পঞ্চতন্ত্ৰক কূটনীতি, সম্পৰ্ক, ৰাজনীতি আৰু প্ৰশাসনৰ সাৰমৰ্ম ৰাজকুমাৰসকলৰ মাজত জনোৱাৰ বাবে এক মনোৰঞ্জনমূলক পাঁচ খণ্ডৰ গ্ৰন্থ হিচাপে ৰচনা কৰা হৈছিল।[10]