বিৰিঞ্চি কুমাৰ বৰুৱা (ইংৰাজী: Birinchi Kumar Barua; ১০ নৱেম্বৰ, ১৯০৮ – ৩০ মাৰ্চ, ১৯৬৪), অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক।[1] অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত 'বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ'ৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।
‘আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখাৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱা ৰংঘৰ(১৯৪৮) আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ ‘অকণ’ আৰু ‘সুৰভি’ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল।[1] কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰখনো তেওঁ কিছু বছৰ সম্পাদনা কৰিছিল।
১৮৩০ শকৰ ২৫ কাতি, মঙ্গলবাৰে অৰ্থাৎ ইংৰাজী ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ খৰঙীচুক অঞ্চলত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয়ৰাম বৰুৱা।[2][1] বিজয়ৰাম বৰুৱা আছিল আহোমৰ দিনত বিষয় বাব শুৱনি কৰা বিখ্যাত খৰঙ্গী বৰুৱা পৰিয়ালৰ উত্তৰসুৰী। তেওঁ পুৰণিগুদামৰে আন এক নামজ্বলা বংশ কঢ়াল বৰুৱাৰ জীয়ৰী লীলাৱতীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সাতজন ল'ৰা-ছোৱালী আছিল। পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ মাজৰ চতুৰ্থজন আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। আনসকল হ'ল ক্ৰমে, ডাঃ ললিত কুমাৰ বৰুৱা, লেখক-সমাজসেৱী, শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰতিষ্ঠাতা প্ৰিয়বালা হাজৰিকা (ত্ৰৈলোক্যনাথ হাজৰিকাৰ পত্নী), সুশীল কুমাৰ বৰুৱা, অসম চৰকাৰৰ খনি আৰু ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ক্ষীৰোদ কুমাৰ বৰুৱা, প্ৰকাশক তথা মুদ্ৰক লাৱণ্যপ্ৰভা দত্ত ( শিৱসাগৰৰ হেমচন্দ্ৰ দত্তৰ পত্নী) আৰু ডিগবৈৰ অসম তেল কোম্পানীৰ অৱসৰপ্ৰাপ্ত শ্ৰম অধীক্ষক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা।[2]
বিৰিঞ্চিকুমাৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নগাওঁ সদৰ মধ্য অসমীয়া বিদ্যালয়ত। নগাঁও চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা, ১৯২৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়[1] আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। বৰুৱাই ইডেন হোষ্টেলত থাকি কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। প্ৰেচিডেন্সি কলেজৰ পৰাই তেওঁ ১৯৩০চনত, প্ৰথম বিভাগত আই এ পাছ কৰে আৰু ১৯৩২ চনত, পালি ভাষাত অনাৰ্ছ সহ বি এ পাছ[1] কৰাৰ লগতে Ishan শিক্ষাবৃত্তি লাভ কৰে। Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া ছাত্ৰ আছিল। পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ১৯৩৪ চনত, তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়।[1] ১৯৩৬ চনত, বিৰিঞ্চিকুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰীও লাভ কৰে।[2] ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৭ চনত অসমৰ সাংস্কৃতিক ইতিহাস বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়।[2]
১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে। ইয়াৰ পিছতে তেওঁ অসমলৈ আহে আৰু কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ গোপীনাথ বৰদলৈক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে। ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে। তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।[3]
১৯৬১ চনত ভাৰত চৰকাৰে পঠোৱা সাংস্কৃতিক দলৰ সদস্য ৰূপে ৰাছিয়ালৈ যায়।
১৯৬৩ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।[1]
৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।
- জীৱনৰ বাটত (বীণা বৰুৱা ছদ্ম নামত) (১৯৪৪)[4][1]
- সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত) (১৯৫১)[4][1]
- জাতকমালা (১৯৩৮)[4][1]
- অসমৰ লোক-সংস্কৃতি (১৯৬১)[4][1]
- পুৰণি অসমীয়া কথা সাহিত্য[4]
- চুইজাৰলেণ্ড ভ্ৰমণ (১৯৪০)[4][1]
- এবেলাৰ নাট (১৯৫৫)[4][1]
- বৈষ্ণৱ গুৰু শংকৰদেৱ[4]
- প্ৰফেচৰ বৰুৱাৰ চিঠি[4]
- ভাৰত বুৰঞ্জী[4]
- পট পৰিৱৰ্ত্তন (১৯৪৮)[4][1]
- আঘোনী বাই (১৯৫০)[4][1]
- বৌদ্ধ ধৰ্ম আৰু সাহিত্য (১৯৫১)[4][1]
- দেশ বিদেশৰ সাধু[4]
- অসমৰ সংস্কৃতিৰ ইতিহাস[4]
- অসমীয়া কথা সাহিত্য (১৯৫০)[1]
- A Cultural History of Assam (১৯৫১)[1]
- অসমীয়া ভাষা আৰু সাহিত্য (১৯৫৭)[1]
- ১৯০৮, ১০ নৱেম্বৰ(মঙ্গলবাৰ) : বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম। পিতৃ-বিজয়ৰাম বৰুৱা। মাতৃ-লীলাৱতী বৰুৱা।
- ১৯১৩ : নগাঁও মিচন স্কুলৰ কিণ্ডাৰগাৰ্টেন শ্ৰেণীত নাম ভৰ্তি, পিচলৈ নগাঁও সদৰ মধ্য অসমীয়া বিদ্যালয়ত নামভৰ্তি
- ১৯২০ : নগাঁও চৰকাৰী হাইস্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি
- ১৯২১ : পৰিয়ালৰ সৈতে চিতাগঞ্জ ভ্ৰমণ আৰু বৌদ্ধ বিহাৰ দৰ্শনৰ সুবিধা লাভ।
- ১৯২৩-২৪: বাল্য পুস্তকালয় স্থাপন।
- ১৯২৪ : পিতৃ বিজয়ৰাম বৰুৱাৰ মৃত্যু।
- ১৯২৮ : নগাঁও চৰকাৰী স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উৰ্ত্তীণ আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি।
- ১৯৩০ : উক্ত কলেজৰ পৰা প্ৰথম বিভাগত আই এ পৰীক্ষাত উৰ্ত্তীণ।
- ১৯৩২ : প্ৰেচিডেন্সি কলেজৰ পৰা পালি ভাষাত সন্মান সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উৰ্ত্তীণ আৰু ‘ঈশান’ বৃত্তি লাভ। মাধৱচন্দ্ৰ বেজবৰুৱা, ৰোহিণীকুমাৰ বৰুৱা আদিৰ লগ লাগি কলিকতাত আছামিজ ষ্টুডেণ্টছ্ ৱেলফেয়াৰ লীগ গঠন।
- ১৯৩৪ : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ।
- ১৯৩৫ : শিশু আলোচনী ‘অকণ’ৰ সম্পাদনা আৰু প্ৰকাশ।
- ১৯৩৬ : কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এল ডিগ্ৰী লাভ।
- ১৯৩৭ : কলিকতা বিশ্ববিদ্যালয়ত পালি ভাষাৰ অংশকালীন প্ৰবক্তা ৰূপে মকৰল।
- ১৯৩৮ : কলিকতা বিশ্ববিদ্যালয়ৰ মডাৰ্ণ লেংগুৱেজ বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্ত। এই বছৰৰে ১৩ ছেপ্টেম্বৰ তাৰিখে কটন কলেজত যোগদান।
- ১৯৪৫ : গৱেষণাৰ বাবে লণ্ডনলৈ যাত্ৰা।
- ১৯৪৭ : লণ্ডন বিশ্ববিদ্যালয়ৰ অধীনস্থ ‘লণ্ডন স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ’ত কে ডি বি কড্ৰিংটনৰ নিৰ্দেশনাত এ কালচাৰেল হিষ্ট্ৰী অৱ আসাম শীৰ্ষক বিষয়ৰ গৱেষণাৰ কাম সমাপ্ত। কটন কলেজত পুনৰ যোগদান। প্ৰথমে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অবৈনতিক সহকাৰী সঞ্চালক আৰু পাছত উপ-সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ।
- ১৯৪৮ : শিশু আলোচনী ‘ৰংঘৰ’ৰ সম্পাদনা আৰু প্ৰকাশ। একে বছৰৰে ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ ৰূপে যোগদান।
- ১৯৪৯, ১৫ জুন: শান্তিছায়া বৰুৱাৰ সৈতে বিবাহ।
- ১৯৫০, ১ ফেব্ৰুৱাৰি: গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ৰূপে নিযুক্তি।
- ১৯৫৩ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নিযুক্ত। কলাগুৰু হিচাপে মনোনীত। অস্থায়ীভাৱে বাংলা বিভাগৰো মুৰব্বী ৰূপে কাৰ্যনিৰ্বাহ।
- ১৯৫৫ : অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ বুৰঞ্জী সন্মিলনত সভাপতিত্ব। গুৱাহাটী বিশ্ববিদ্যালয়ত ফ’কল’ৰ আৰ্কাইভ(Folklore Archive) প্ৰকল্প আৰম্ভ।
- ১৯৫৭ : ভাৰতীয় প্ৰাচ্যতত্ত্ববিদৰ এজন প্ৰতিনিধি ৰূপে কলম্বো ভ্ৰমণ।
- ১৯৬০ : আসাম একাডেমি ফ’ৰ কালচাৰেল ৰিলেচনচ্ স্থাপনত মুখ্য ভূমিকা পালন।
- ১৯৬১ : ভাৰতীয় সাংস্কৃতিক আঁচনিৰ প্ৰতিনিধি স্বৰূপে ছোভিয়েট ৰাছিয়া ভ্ৰমণ।
- ১৯৬৩, ২৮ জানুৱাৰি: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে যোগদান। তাৰপৰা চিঠি লিখি দৈনিক অসম কাকতলৈ প্ৰেৰণ। পিছত এই চিঠিসমূহ প্ৰফেছাৰ বৰুৱাৰ চিঠি নামেৰে গ্ৰন্থৰূপ পায়।
- ১৯৬৪, ৪-১০ জানুৱাৰী : দিল্লীত অনুষ্ঠিত ২৬ তম আন্তৰ্জাতিক প্ৰাচ্যতত্ত্ববিদ সন্মিলনত যোগদান।
- ১৯৬৪, ১৭ ফেব্ৰুৱাৰী: গুৱাহাটীত হ’ব লগা ৪২তম আন্তৰ্জাতিক প্ৰাচ্যবিদ্যা সন্মিলনৰ প্ৰকাশন সমিতি গঠন আৰু আহ্বায়কৰ দায়িত্ব গ্ৰহণ।
- ১৯৬৪, ৩০ মাৰ্চ, সোমবাৰ: পুৱা মৃত্যু।
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|