বীৰেন্দ্ৰনাথ চৰকাৰ | |
---|---|
চৰকাৰৰ স্মৃতিত ভাৰতীয় ডাকবিভাগে প্ৰকাশ কৰি উলিওৱা ডাকটিকট, ২০১৩ | |
জন্ম | ৫ জুলাই, ১৯০১ ভাগলপুৰ, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৮ নৱেম্বৰ, ১৯৮০ (৭৯ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
পেচা | চলচ্চিত্ৰ প্ৰযোজক |
বীৰেন্দ্ৰনাথ চৰকাৰ (ইংৰাজী: Birendranath Sircar ; ৫ জুলাই ১৯০১ – ২৮ নৱেম্বৰ ১৯৮০) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু নিউ থিয়েটাৰ কলকাতাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ বঙালী ভাষাৰ ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিয়ে এনে বহু চলচ্চিত্ৰ পৰিচালকক জনমানসত চিনাকি কৰাই দিছিল, যিসকল পৰৱৰ্তী সময়ত প্ৰখ্যাতি অৰ্জন কৰিছিল। ১৯৭০ চনত তেওঁক দাদা চাহেব ফাল্কে বঁটা আৰু ১৯৭২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।[1]
বি এন চৰকাৰৰ জন্ম হৈছিল তেতিয়াৰ বংগৰ এডভোকেট জেনেৰেল ছাৰ এন এন চৰকাৰৰ ভাগলপুৰৰ ঘৰত। কলকাতাৰ হিন্দু স্কুলত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰে। ভাৰতলৈ উভতি অহাৰ পিছতে তেওঁক চিনেমা হল এটা নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হয়। এই প্ৰকল্পত জড়িত হৈ তেওঁৰ চলচ্চিত্ৰৰ প্ৰতি তীব্ৰ আগ্ৰহ গঢ় লৈ উঠে আৰু তেওঁ বঙালী ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে কলকাতাত চিনেমা হল এটা নিৰ্মাণৰ কামত আগবাঢ়ে। চিত্ৰা নামৰ চিত্ৰগৃহটো ১৯৩০ চনৰ ৩০ ডিচেম্বৰত সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা মুকলি কৰোৱা হয়। পৰৱৰ্তী পৰ্যায়ত তেওঁ হিন্দী ছবি প্ৰদৰ্শন কৰাৰ বাবে নিউ চিনেমা নিৰ্মাণ কৰে।[2]
১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰীত[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ নিউ থিয়েটাৰছ কলকাতা নামেৰে এটা চলচ্চিত্ৰ ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে। গুণগত মানৰ ক্ষেত্ৰৰ গুৰুত্ব দিয়া চৰকাৰে প্ৰমথেশ বৰুৱা, প্ৰেমাংকৰ অতৰ্থি, দেৱকী বসু, ধীৰেন গাংগুলী, বিমল ৰায় আৰু ফণী মজুমদাৰ আদিৰ দৰে পৰিচালক আৰু কে এল ছাইগল, পাহাড়ী সান্যাল, অমৰ মল্লিক, কানন দেৱী, চন্দ্ৰাৱতী দেৱী, লীলা দেশাই, পৃথ্বীৰাজ কাপুৰ আদি প্ৰথিতযশা অভিনয়শিল্পীক নিজৰ ষ্টুডিঅ’লৈ লৈ আনিছিল। মুকুল বসু (শব্দগ্ৰহণকাৰী, পৰিচালক), ইউছুফ মূলজী (চিত্ৰগ্ৰহণকাৰী), নীতিন বসু (চিত্ৰগ্ৰহণকাৰী, পৰিচালক) আৰু সুবোধ মিত্ৰৰ (সম্পাদক) দৰে কাৰিকৰী লোকসকলে হলিউড আৰু ইউৰোপত প্ৰৱৰ্তন হোৱা বিভিন্ন কাৰিকৰী উদ্ভাৱনৰ বিষয়ে ভালদৰেই জানিছিল আৰু নিউ থিয়েটাৰ ষ্টুডিঅ' ৰ সীমাবদ্ধতাৰ ভিতৰতে ইয়াৰে বহুবোৰ খাপ খুৱাই লবলৈ সক্ষম হৈছিল। আৰ চি বৰাল, তিমিৰ বৰণ আৰু পংকজ মুল্লিক আদি সংগীত পৰিচালক আৰু গায়কসকলো নিউ থিয়েটাৰৰ প্ৰযোজনাৰ সৈতে জড়িত আছিল।[3] ১৯৪০ দশকৰ শেষৰ ফালে তেওঁ বিএমপিএৰ সভাপতি আছিল।[4][1]
প্ৰেমাংকুৰ আতৰ্থিৰ পৰিচালনা আৰু নিউ থিয়েটাৰৰ প্ৰযোজনাত ১৯৩১ চনত প্ৰথম বঙালী সবাক ছবি দেনা পাওনা মুক্তি পায়। সংগীত শিল্পী ৰাইচন্দ বৰালে এই ছবিখনৰ সংগীত ৰচনা কৰিছিল। ১৯৩৫ চনত এই ষ্টুডিঅ’ৰ পৰা শৰৎচন্দ্ৰ চেটাৰ্জীৰ উপন্যাস দেৱদাসৰ আধাৰত একে নামেৰে নিৰ্মিত দেৱদাস ছবিখন অসাধাৰণভাৱে সফল হৈছিল। দেৱদাসৰ পৰিচালনা আৰু মূল ভূমিকাত অভিনয় কৰিছিল প্ৰমথেশ বৰুৱাই।
১৯৩৫ চনত নীতিন বসু পৰিচালিত বঙালী ছবি ভাগ্যচক্ৰত ভাৰতত প্ৰথমবাৰৰ বাবে প্লেবেক পদ্ধতি ব্যৱহাৰ কৰি সংগীত বাণীবদ্ধ কৰা হয়। কণ্ঠশিল্পীসকল আছিল কে চি দে, পাৰুল ঘোষ আৰু সুপ্ৰভা সৰকাৰ।[5] এই ছবিখনক ধুপ-ছাও নামেৰে পুনৰনিৰ্মাণ কৰা হৈছিল, যিখন হিন্দী চলচ্চিত্ৰৰ ক্ষেত্ৰত প্লেবেক পদ্ধতি ব্যৱহাৰ কৰা প্ৰথম ছবি।[6]
কানন দেৱী আছিল প্ৰথম জনপ্ৰিয় তাৰকা অভিনেত্ৰী, যিয়ে নিউ থিয়েটাৰ প্ৰযোজিত বহু ছবিত অভিনয় কৰিছিল। লগতে নিউ থিয়েটাৰৰ সৈতে জড়িত আছিল এটা প্ৰতিভাৱান অভিনেতাৰ দল, যেনে কে.এল. চায়গল, কে চি দে, পৃথ্বীৰাজ কাপুৰ, ছবি বিশ্বাস, বিকাশ ৰায়, পাহাৰী সান্যাল, বসন্ত চৌধুৰী আদি। ভাৰতীয় চলচ্চিত্ৰক এক নতুন মাত্ৰা দিয়া চৰকাৰক ১৯৭০ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হয়।[7] ১৯৭২ চনত লাভ কৰে পদ্মভূষণ বঁটা।[8]