বুই জুয়ান ফাই | |
---|---|
জন্ম | চেপ্তেম্বৰ ১, ১৯২০ হানয়, ভিয়েটনাম |
মৃত্যু | জুন ২৪, ১১৮৮ (৬৭ বছৰ) হানয়, ভিয়েটনাম |
শিক্ষা | École Supérieure des Beaux-Arts d’Indochine |
উল্লেখযোগ্য কৰ্ম | হানয় পুৰণি কোৱাৰ্টাৰ, ১৯৭২ |
দাম্পত্যসঙ্গী | নগুয়েন থি সিন্হ |
সন্তান | ১ |
বুই জুয়ান ফাই (ইংৰাজী: : Bùi Xuân Phái); এজন খ্যাতনামা ভিয়েটনামী চিত্ৰশিল্পী।[1][2]তেওঁ হানয় অঞ্চলৰ পুৰণি চহৰখনৰ চিত্ৰকলাৰ বাবে জনপ্ৰিয়। তেওঁ ভিয়েটনামী অপেৰাৰ অভিনেতা আৰু সংগীতজ্ঞসকলৰ ছবিও অংকন কৰিছিল।[2]
ফাইৰ জন্ম হৈছিল ১৯২০ চনৰ পহিলা চেপ্তেম্বৰত হানয়ৰ এটা সাধাৰণ পৰিয়ালত, তেওঁৰ পুৰণি গৃহ চহৰ হা টে প্ৰদেশ ৰ হোয়াই ডুক জিলা ৰ ভান কান কমিউনৰ কিম হোয়াং গাঁৱত। বুই জুয়ান ফাইৰ পিতৃৰ নাম বুই জুয়ান হো। তেওঁৰ পিতৃয়ে ফৰাচী ঔপনিৱেশিক ব্যৱস্থাৰ অধীনত শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই শিক্ষাৰ বলতেই নিজৰ আৰু সন্তান সকলৰ বৌদ্ধিক বিকাশ ঘটাবলৈ সক্ষম হৈছিল।
আধুনিক ভিয়েটনামী চিত্ৰকৰ সকলৰ ভিতৰত ফাই এজন অতি পৰিচিত ব্যক্তি। তেওঁৰ অপূৰ্ব শিল্পকৰ্ম আৰু নৈতিক চৰিত্ৰৰ বাবে সন্মান আৰু প্ৰশংসা সমানে বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত পিকাচো, মেটিছ, চাগাল ৰ দৰে ইউৰোপীয় মহান শিল্পীৰ কৰ্মৰাজিৰ দ্বাৰা ফাই যথেষ্ট প্ৰভাৱিত হৈছিল। ফাইয়ে এই বিখ্যাত শিল্পীসকলৰ দৃষ্টিভংগী আৰু জীৱন দৰ্শনক সন্মান জনাইছিল আৰু নিজৰ অৰ্থনৈতিক অৱস্থা যিয়েই নহওক কিয়, তাক আওকাণ কৰি প্ৰকৃত শিল্প কৰ্মৰ ৰূপৰেখাৰ ওপৰত গুৰুত্ব দিবলৈ সদায় নিজৰ স্বাভিমান আৰু আদৰ্শ বৰ্ত্তাই ৰাখিছিল। ফাইয়ে কেৱল কেনভাছ আৰু কাগজ ব্যৱহাৰ কৰি নিজৰ শিল্পকৰ্ম সৃষ্টি কৰাতে ক্ষান্ত নাছিল বৰঞ্চ তেওঁৰ অংকন আৰু চিত্ৰকলা আঁকোৱালি ল’ব পৰা যিকোনো পৃষ্ঠত কাৰ্যতঃ তেওঁৰ শিল্পকৰ্ম সৃষ্টি কৰিছিল। ফাইৰ সাংসাৰিক জীৱন সচ্ছল আৰু সঠিক ভাবে পৰিচালিত হৈছিল যদিও তেওঁ প্ৰায়ে নিজৰ ঘৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অংকন আৰু চিত্ৰকলাৰ ব্যৱসায় কৰিছিল। ফাইৰ প্ৰাৰম্ভিক ৰচনাসমূহত ৫০ৰ দশক, ৬০দশক আৰু ৭০ৰ দশকৰ হানয়ৰ আত্মাক চিত্ৰিত কৰা হৈছে। ফাইৰ চিত্ৰ শৈলীত সাহসী ৰূপৰেখা,গভীৰ মননশীলতা আৰু মানৱতাৰ ওপৰত গুৰুত্ব দিয়া প্ৰতিফলিত হয়। ফাইয়ে চিত্ৰকলাৰ জৰিয়তে সমাজ জীৱনলৈ স্মৃতি, নষ্টালজিয়া আৰু দুখৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ হানয়ৰ আত্মাক অংকন কৰাৰ উপৰিও প্ৰতিকৃতি, গ্ৰাম্য অঞ্চল, নগ্নতা, আৰু ষ্টিল লাইফ আদিও অংকন কৰিছিল। আগতে কোৱাৰ দৰে ফাইয়ে হাতত যি পালে তাতেই ছবি আঁকিছিল। উদাহৰণস্বৰূপে, তেওঁ কেনভাছ, কাগজ, কাঠৰ ফলক, আনকি বাতৰি কাকততো বিভিন্ন চিত্ৰকলাৰ মাধ্যম যেনে তেলৰ ৰং, জল ৰং, পেষ্টেল, কয়লা, পেঞ্চিল আদি ব্যৱহাৰ কৰি ছবি আঁকিছিল। ফাইৰ সকলো চিত্ৰকলাত ভিয়েটনামী সকলৰ আত্মা, মানৱতা, প্ৰকৃতিৰ প্ৰতি প্ৰেম, দুখ আৰু দুখ-যান্ত্ৰনাক গভীৰভাৱে প্ৰকট্ কৰিছে।
পিতৃৰ মৃত্য়ুৰ পিছত ২০ বছৰ বয়ষতে বুই জুয়ান ফাইয়ে হানয়ত প্ৰথমখন ছবি বিক্ৰী কৰিছিল আৰু তেওঁৰ আন ছবিসমূহ জাপানৰ টকিঅ’ত প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছিল। ডেকা কালত ফাইয়ে বাতৰি কাকতৰ বাবে কাৰ্টুন আঁকিছিল। তাৰ পৰা উপাৰ্জিত ধনেৰে ইক’ল চুপিৰিয়েৰ ডেছ ব’ছ-আৰ্টছ ডি’ইণ্ডোচিনৰ পৰিচয়মূলক পাঠ্যক্ৰমত নামভৰ্তি কৰে। এই পাঠ্যক্ৰমৰ নীতি আছিল পৰম্পৰাগত কলাক সামৰি লোৱা আৰু পৰম্পৰাগত বিষয়ভিত্তিক নীতিৰ ভিতৰত শিল্পীসকলক প্ৰশিক্ষণ দিয়া। ইক’ল চুপিৰিয়েৰ ডেছ ব’ছ-আৰ্টছ ডি’ইণ্ডোচিনত থকা সময়চোৱাত ফাইয়ে নিজৰ পৰিচয়কলৈ অহৰহ সমালোচনাৰ সন্মুখীন হৈছিল আৰু তেওঁ প্ৰায়ে চিত্ৰকলাৰ নীতিগত প্ৰশিক্ষকৰ সৈতে জড়িত হৈ পৰিছিল। École Supérieure des Beaux-Arts d’Indochine ৰ পৰা স্নাতক হোৱাৰ ২ বছৰৰ পিছত ফাইয়ে হানয়ত আগষ্ট মাহৰ প্ৰতিৰোধত যোগদান কৰে আৰু ১৯৪৭ চনৰ পৰা ১৯৫২ চনলৈকে উত্তৰ ভিয়েটনামকলাত্মক কাৰ্যকলাপত অংশগ্ৰহণ কৰে॥ ১৯৫৭ চনত ফাই ভিয়েটনাম ফাইন আৰ্টছ এছ'চিয়েচনৰ সদস্য হয়। কিন্তু এই সময়ছোৱাত ৰাজনৈতিক আৰু সাংস্কৃতিক স্বাধীনতাৰ আন্দোলন ন্থান ভান প্ৰসংগত সমৰ্থন কৰাৰ বাবে প্ৰশাসনৰ ৰোষত পৰে আৰু তেওঁ হানয় কলেজ অৱ ফাইন আৰ্টছত শিক্ষকতাৰ পদ হেৰুৱাব লগা হয়। আৰু সেই একে কাৰণতে ১৯৮৪ চনত একক প্ৰদৰ্শনী হোৱাৰ আগলৈকে ৰাজহুৱাভাৱে তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শন কৰাত অনুমতি দিয়া হোৱা নাছিল।[3]
১৯৮৮ চনৰ ২৪ জুনত জন্মস্থান হানয়ত ৬৭ বছৰ বয়ষত বুই জুয়ান ফাইৰ মৃত্যু হয়। ১৯৯৬ চনত তেওঁক মৰণোত্তৰ ভাৱে সাহিত্য আৰু শিল্পৰ হো চি মিন বঁটা প্ৰদান কৰা হয়। [4][5]
উৎস:[8]