বৃন্দাৱনী বস্ত্ৰ (ইংৰাজী: Brindavoni Bastra) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ।[1] বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।[1] বৰপেটাৰ তাঁতীকুছিৰ শিপিনিসকলৰ হতুৱাই গোপাল আতাৰ নেতৃত্বত বোৱা[2] এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত (the Guimet Museum) সংৰক্ষিত হৈ আছে। বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনিৰ কলা-কৌশলতাৰ নিদৰ্শন দিয়ে।[3]
১৬ শ শতিকাত অসমীয়া শিপিনিসকলে, শংকৰদেৱ আৰু মাধৱদেৱৰ তত্ত্বাৱধানত, পাটকাপোৰত ভাগৱত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালক আখ্যান বিলাক ফুল বাছি চিত্ৰিত কৰিছিল[4] শ্ৰীশঙ্কৰদেৱ পাটবাউসীত থকা সময়ত কোচ ৰজা মল্লদেৱ বা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ অনুৰোধত বৃন্দাবনী বস্ত্ৰ বৈছিল। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ মুখেৰে শ্ৰীকৃষ্ণৰ লীলা শুনিবলৈ পাই অভিভূত হৈ তেওঁৰ কাহিনী চিত্ৰৰ জৰিয়তে চাবলৈ ইচ্ছা প্ৰকাশ কৰাত[5] শংকৰদেৱে সেয়া কাপোৰত ৰং-বিৰঙৰ সূতাৰে ফুটাই তোলা সম্ভৱ হ’ব বুলি কোৱাত ৰজাই তাৰবাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ গাত লয় আৰু যিমান প্ৰয়োজন, সিমান সূতা যোগাৰ দিয়াৰ ব্যৱস্থা কৰে৷[6][7] সেই সময়ত শংকৰদেৱ পাটবাউসীত আছিল আৰু বৰপেটাৰ তাঁতীকুছি নামে ঠাইৰ শিপিনিসকলৰ মাধ্যমেৰেই এই কাম কৰিবলৈ মনস্থ কৰি মাধবদেৱৰ সৈতে আলচ কৰে আৰু গোপাল আতাক মূখ্য তাঁতী নিযুক্ত কৰে৷ গোপাল আতাক মুখ্য কৰি বাৰজন মৰল আৰু ছকুৰি তাঁতীৰে এই বস্ত্ৰখনি প্ৰস্তুত কৰা হৈছিল৷ ইয়াৰ বাবে তাঁতীকুছিত এটা আহল-বহল ঘৰ প্ৰথমে তৈয়াৰ কৰি লৈছিল৷
এই বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল, তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান সময়ত এই বস্ত্ৰ লণ্ডনৰ ভিক্টৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিচৰ গুইমেট সংগ্ৰহালয়ৰ (the Guimet Museum) তত্ত্বাৱধানত আছে।[1] কোনো কোনোৰ মতে বৃন্দাৱনী বস্ত্ৰৰ টুকুৰা এটা ১৯০৪ চন মানত[3] লণ্ডনৰ টাইমচ কাকতৰ এজন সাংবাদিকে সংগ্ৰহ কৰি সংগ্ৰহালয়ক দান কৰে।[4] একেধৰণৰ বস্ত্ৰৰ টুকুৰা 'ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট'কে ধৰি কেইবাটাও সংগ্ৰহালয়ত আছে বুলি জনা যায়।[3] ২০০৪ চনত, শংকৰদেৱে ১৬ শতিকাত আৰ্হি কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ 'অক্সন হাউচ অৱ খ্ৰীষ্টী'য়ে ১২০,০০০ ডলাৰ সংৰক্ষিত মূল্যত নীলাম কৰিছিল।[8] এনেধৰণৰ পাটৰ কাপোৰত বৈ উলিওৱা শিল্পকৰ্ম অসমৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ১৭১৫ চন মানলৈকে তৈয়াৰ কৰা হৈছিল[9] আৰু তিব্বত আদি দেশলৈ ৰপ্তানিও কৰা হৈছিল।[1] বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ মালিকীস্বত্বৰ অধীনত থকা এই বস্ত্ৰ ১৯০৪ চনত তিব্বতৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই বস্ত্ৰ চাৰে ন মিটাৰ দীঘল যদিও ইয়াক কেইবাটাও খণ্ডত বৈ উলিয়াই পিছত যোগ কৰা হৈছে, প্ৰত্যেক খণ্ডতে শ্ৰীকৃষ্ণৰ লীলা চিত্ৰিত হৈছে।[3] নানাৰঙী এই ছবিবিলাকৰ লগতে ইয়াত শংকৰদেৱ বিৰচিত এটি পদো তুলি থোৱা আছে।[3] ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই বস্ত্ৰ ভাৰতলৈ আনিবলৈ চেষ্টা চলালেও সফল হব পৰা নাই।[1] ২০১৩ চনত অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামক এই বস্ত্ৰ প্ৰদৰ্শিত কৰিবলৈ অনুৰোধ কৰে যাতে কলামোদী, গৱেষক আৰু লণ্ডনত থকা অসমীয়া মূলৰ লোকসকলে এই মহান কাৰুশিল্পৰ দৰ্শন লাভ কৰিব পাৰে।[4]
ৰজা নৰনাৰায়ণৰ আদেশ পাই শংকৰদেৱে তাঁতীকুছিত বস্ত্ৰৰ কাম আৰম্ভ কৰি গোপাল আতাক মুখ্য দায়িত্ব দিয়ে৷ এই গোপাল আতাই পৰৱৰ্তীকালত মথুৰাদাস বুঢ়া আতা নামে জনাজাত হয় আৰু এওঁকেই বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ পদত মাধবদেৱে অধিষ্ঠিত কৰিছিল৷[10]
পৰিকল্পনা মতে, শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈ গোকুল, বৃন্দাবন আৰু মথুৰাৰ নানা কাহিনী তাত সন্নিৱিষ্ট কৰাৰ আঁচনি লোৱা হৈছিল আৰু তাৰবাবে বিভিন্ন ৰঙৰ সূতা প্ৰস্তুত কৰা হৈছিল৷ বস্ত্ৰখনিৰ দৈৰ্ঘ্য ৰখা হৈছিল ছয়কুৰি হাত আৰু প্ৰস্থ তিনিকুৰি হাত৷ জগন্নাথ আতৈয়ে বস্ত্ৰখনি বৃন্দাবনৰ প্ৰখ্যাত ’বাৰ বন’ৰ আৰ্হিত কৰা বুলি উল্লেখ কৰি তেওঁৰ লেখাত বস্ত্ৰখন তেৰটা খণ্ডত প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে৷[10]
বৃন্দাবনী কাপোৰৰ বিৱৰণ শুনা৷
তলত লেখিলো নাম তাক দেখি গুণা৷
বৃন্দাবন মধুবন ভদ্ৰাবন আৰ৷
শ্ৰীবন ভাণ্ডিৰ তালবন সাৰ৷
খদিৰ খহুলাবন কুমুদ যে বন৷
কাম্যবন লৌহবন আৰু মহাবন৷
দীৰ্ঘ প্ৰস্থ জোখা আছে জানিবা সাক্ষাৎ
দীৰ্ঘে ছয়কুৰি হাত ই কথা প্ৰখ্যাত৷
তেৰ ভাগ আছে কিন্তু বস্ত্ৰ একখান৷
তেৰটা খণ্ডত এই বৃহৎ আকাৰৰ বস্ত্ৰখণ্ড প্ৰস্তুত কৰাৰ আঁচনি লোৱা হৈছিল৷ গুৰু চৰিত কথাত আছে,
তেহে মহাপুৰুষ গুৰু বাৰেও মৰল চপাই বুঢ়া গোপালো এজন : সূতা গোটাই বনকালে ৰঙ্গা বগা কলা হলিদ্ৰা সৌজ কাচনীল গৌৰ শ্যাম বোলাই : ছকুৰি হাত ঘৰ কৰালে : কাপৰো ছকুৰি হাত বাটি কৰালে৷ যত জি বগা কলা দিয়ালে৷ ব তুলি চলাই মেৰাই সাল তুলি সেইদিনাই চাৰি আঙ্গুল বোৱালে৷....... [7]
তিনিকুৰি হাত বহল আৰু ছকুৰি হাত দীঘল বস্ত্ৰখনৰ বাবে বাৰভাৰ সূতাৰ আৱশ্যক হৈছিল৷ তাঁতীকুছিৰ গোপাল তাঁতী বা মথুৰাদাস বুঢ়া আতাৰ পেহাক ৰাম লাৰুৱাৰ বাৰীতে আহল-বহল ঘৰ সাজি বস্ত্ৰখনি বোৱা হৈছিল৷[11]
শংকৰদেৱৰ দিহামতে গোপাল তাঁতীয়ে আন সহযোগীসকলক লৈ কৃষ্ণ জন্মৰ বিশদ বিৱৰণ, নন্দ ৰজাৰ গৃহলৈ কৃষ্ণৰ গমন, গোকুলত কৃষ্ণৰ সকলো লীলা-খেলা, কংসবধৰ সকলো কাৰ্যৰ বিৱৰণ নানা-ৰঙী সূতাৰে ফুটাই তোলা হৈছিল৷[6] এই কাপোৰ ববলৈ শংকৰদেৱে পাটবাউসী সত্ৰৰ পৰা দিনৌ তাঁতীকুছিলৈ গৈছিল আৰু প্ৰতিদিনে এবেগেতকৈ কাপোৰ বৈছিল৷ কাপোৰখন যথেষ্ট ডাঙৰ আৰু গধুৰ হোৱা বাবে সম্পূৰ্ণ হোৱাৰ পিছত সেইখন মেলিবলৈ আৰু সামৰিবলৈ প্ৰায় তিনিকুৰি মানুহৰ প্ৰয়োজন হৈছিল [10]৷ ৰামচৰণ ঠাকুৰৰ গুৰু চৰিতত আছে,
বৃন্দাবনীয়া নামে বস্ত্ৰ অতি মনোহৰ৷
বুৱাইলা প্ৰবন্ধে তাক শ্ৰীমন্ত শংকৰ৷
বৃন্দাবন মথুৰাৰ যতমানে লীলা৷
কৰিলন্ত পট তাত চিত্ৰক তুলিলা৷
কৃষ্ণৰ জন্মৰ হন্তে কংসবধ মানে৷
নাৰাখিলে বাকী একো তুলিলা সঘনে৷
দীৰ্ঘে ছয়কুৰি হস্ত প্ৰস্থে তিনিকুৰি৷
এহি পৰিমাণে বস্ত্ৰ বুৱাইলা আপুনি৷
যত পট আছে মানে নিজেই তুলিলা৷
এবেগেত পৰিমাণে দৈনিক বুৱালা৷[12]
সদায় তাঁতীকুছিলৈ গৈ শংকৰদেৱে কাপোৰ বোৱাৰ পিছত এদিন গা বেয়া হোৱাত মাধবদেৱক সেই কামৰ বাবে পাচিলে৷ সেইদিনা শংকৰদেৱে বোৱাতকৈ চাৰি আঙুল বেছিকৈ বোৱা বাবে শংকৰদেৱে মাধবদেৱক “বঢ়াৰ পো’’ উপাধি দিছিল৷[6][12][5]
বৃন্দাবনী বস্ত্ৰ ছমাহত তিনিকুৰি হাত বোৱা হৈছিল৷ ( তেহে কাপৰ হল চমাহে তিনিকুৰি হাত ৰল তিনিকুৰি৷[7]) তেতিয়া পাটবাউসীত থকা শংকৰদেৱে কাপোৰখন নি জাপি-কুচি জপাত সুমুৱাই থোৱা দেখি ভকতসকলে সেইখন চাব বিচাৰিলে৷ তাৰবাবে তেওঁ ওখকৈ বাঁহৰ চাং কৰি তাত নতু ঢাৰি পাাৰি বস্ত্ৰখন প্ৰদৰ্শন কৰিছিল৷ ওচৰৰ সকলো ঠাইৰ পৰা ভকতসকলে ঢাপলি মেলি চাবলৈ আহিল আৰু বস্ত্ৰৰ কাৰুকাৰ্য দেখি বিচূৰ্তি হৈ টকা-সিকা দি সেৱা কৰিলে৷ সেইসময়ত শংকৰদেৱৰ ধাত্ৰী চন্দৰী আই নাছিল৷ পিছত তেওঁ আহি পুনৰ চাব বিচৰাত, দেখুৱালে৷ চন্দৰী আয়ে বট গছৰ স্থান ভুলকৈ দিয়া দেখি ’যমুনা নৈৰ বাওঁ ফালেহে হ’ব লাগে’ বুলি কোৱাত শংকৰদেৱে নিজৰ ভুল শলাগিছিল৷[7]
শঙ্কৰদেৱে ইয়াৰ পিছত কাপোৰখন লৈ গৈ নৰনাৰায়ণ আৰু শুক্লধ্বজক দিলত, তেওঁলোকে ৰাজ সভাত তাক মেলাই চাই পৰম সন্তোষ লভি শঙ্কৰদেৱৰ ক্ষমতা দেখি বিস্ময় মানিলে।[13]বছৰ পাৰ হোৱাত সম্পূৰ্ণ বস্ত্ৰ ৰজা নৰনাৰায়ণক দেখুৱাবলৈ জপাত ভৰাই লৈ যোৱা হ’ল আৰু ৰজা আৰু ৰাজপৰিয়ালক দেখুৱালে৷ সুৱৰ্ণৰ লাঠি হাতত লৈ শংকৰদেৱে বস্ত্ৰৰ ক’ত কি আছে বুজাই দেখুৱাই দিছিল৷ বস্ত্ৰৰ কাৰুকাৰ্য দেখি নৰনৰায়ণ আনন্দিত হ’ল আৰু শংকৰদেৱক মাটি-বাৰী দি সন্মান সহকাৰে নিজ ৰাজ্যত ৰাখিলে৷[7]