বৃহৎ মৰমন (Great Mormon) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. memnon |
বৈজ্ঞানিক নাম | |
Papilio memnon Linnaeus, 1758 | |
Subspecies | |
| |
সমাৰ্থক | |
Princeps memnon |
বৃহৎ মৰমন (ইংৰাজী: Great Mormon, বৈজ্ঞানিক নাম-Papilio memnon) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধ ঘাইকৈ দক্ষিণ এছিয়াত দেখিবলৈ পোৱা যায়৷ ই এবিধ বহুলভাৱে বিস্তৃত হৈ থকা পখিলাৰ প্ৰজাতি আৰু ইয়াৰ প্ৰায় তেৰবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷
বৃহৎ মৰমন পখিলাৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১২০-১৫০ মিমি পৰ্যন্ত হয়৷ ইয়াৰ চাৰিপ্ৰকাৰৰ (form) মতা পখিলা আৰু বহুতো ধৰণৰ মাইকী পখিলা দেখা পোৱা যায়৷ মাইকী বৃহৎ মৰমনে অন্য অখাদ্য (unpalatable) পখিলাৰ অনুকৰণধৰ্মিতা দেখুৱাব পাৰে৷[1][2][3]
বৃহৎ মৰমন পখিলা উত্তৰ-পূব ভাৰতৰ ছিক্কিম, অসম আৰু নাগালেণ্ড, নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ, আন্দামান আৰু নিকোবাৰ দ্বীপপূঞ্জ, চীন, টাইৱান, জাপান, থাইলেণ্ড, লাওছ, ভিয়েটনাম,, মালয়েছিয়া আৰু ইন্দোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷
বৃহৎ মৰমন পখিলাই হিমালয়ৰ ২১০০ মিটাৰ পৰ্যন্ত বাস কৰিব পাৰে , কিন্তু ইয়াক সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাতে দেখিবলৈ পোৱা যায়৷
বৃহৎ মৰমন পখিলাই নতুনকৈ মুকলি কৰা বনাঞ্চলত চৰিবলৈ পছন্দ কৰে৷ ইয়াক মানু্হৰ বসতি থকা অঞ্চলতো সতকাই দেখা পোৱা যায়৷ ই সাধাৰণতে Poinsettia, Jasminum, Lantana, Canna, আৰু Salvia উদ্ভিদৰ ফুলৰ মৌ খাই জীয়াই থাকে৷ ই মাটিৰ পৰা ২-৪ মিটাৰ উচ্চতাত উৰি ফুৰে৷ এই পখিলাই বোকাতো খাদ্যৰ সন্ধান কৰে (mud-puddle) বুলি জনা যায়৷
বৃহৎ মৰমন পখিলাৰ পলু দেখাত সাধাৰণ মৰমনৰ দৰে প্ৰায় একেই৷ ইয়াৰো দেহত সেউজীয়া আৰু বগা দাগ কিছূমান থাকে৷
বৰ্তমানলৈ বৃহৎ মৰমন পখিলা বিপদমুক্ত হৈ আছে আৰু প্ৰায়বোৰ অঞ্চলতে ইয়াক সতকাই দেখা পোৱা যায়৷