বেংক অৱ বৰোদা ভাৰতৰ গুজৰাটৰ বদোদৰাত অৱস্থিত এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৮ চনৰ ২০ জুলাইত মহাৰাজা ছায়াজিৰাও গেকৱাদ তৃতীয়ই ইয়াক প্ৰতিষ্ঠা কৰিছিল। বেংকটোৱে ২২খন দেশত ১০ হাজাৰৰো অধিক শাখা আৰু ১৩ হাজাৰ এটিএমৰ নেটৱৰ্ক পৰিচালনা কৰি ভাৰতৰ অন্যতম বৃহৎ বেংক হিচাপে পৰিগণিত হৈছে।[1]
ধৰণ | ৰাজহুৱা |
---|---|
শ্বেয়াৰ বজাৰৰ চিহ্ন | BSE: 532134, NSE: BANKBARODA |
উদ্যোগ | বেংকিং আৰু বিত্তীয় সেৱা |
স্থাপিত | ২০ জুলাই ১৯০৮ |
প্ৰতিষ্ঠাতা | মহাৰাজা এইচ এইচ ছাৰ ছায়াজিৰাও গাইকেৱাড তৃতীয় |
দেশ/অঞ্চল | বিশ্বব্যাপী |
নেতৃস্থানীয় ব্যক্তিত্ব | সঞ্জীৱ চড্ডা (এমডি আৰু চিইঅ') |
পণ্য | খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, বীমা, সম্পত্তি ব্যৱস্থাপনা |
ৰাজহ | ₹ ৫৪,৮৪১ কোটি (২০২১) |
কাৰ্যকৰ আয় | ₹ ২০,৩৫২ কোটি (২০২১) |
মুঠ আয় | ₹ ৪,৪৯১ কোটি (২০২১) |
মুঠ সম্পত্তি | ₹ ৯.৯৮ লাখ কোটি (২০২১) |
কৰ্মচাৰীৰ সংখ্যা | ৮৫,৬৭৫ (২০২১) |
ৱেবছাইট | www |
১৯০৮ চনত বৰোদাৰ তদানীন্তন শাসক মহাৰাজা ছায়াজিৰাও গায়েকৱাদ তৃতীয়ই, বেংক অৱ বৰোদাক ব্যক্তিগত বেংক হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯১৩ চনত বেংকটো সীমিত কোম্পানীত পৰিণত হয় আৰু ১৯৬৯ চনত আন ১৩টা বেংকৰ সৈতে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭০ আৰু ১৯৮০ চনত বেংক অৱ বৰোদাই ভাৰতত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ লগতে গ্ৰাম্য অঞ্চলত শাখা স্থাপন কৰি কৃষি, ক্ষুদ্ৰ উদ্যোগ, আৰু বৈদেশিক মুদ্ৰাৰ বাবে বিশেষ শাখা মুকলি কৰে।[2]
বেংক অৱ বৰোডাই ব্যক্তি, ব্যৱসায়, আৰু কৰ্পৰেটক বেংকিং আৰু বিত্তীয় সেৱাৰ এক পৰিসৰ আগবঢ়ায়। ইয়াৰ সেৱাসমূহৰ ভিতৰত আছে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ’জিট, ঋণ, ক্ৰেডিট কাৰ্ড, বীমা, আৰু বিনিয়োগ সামগ্ৰী। ইয়াৰ উপৰিও বেংকটোৱে কৃষি বেংকিং, এম এছ এম ই বেংকিং, প্ৰবাসী ভাৰতীয় বেংকিং আদি বিশেষ সেৱা আগবঢ়ায়।
ঘৰুৱা কাম-কাজৰ উপৰিও বেংক অৱ বৰোডাৰ উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় উপস্থিতি আছে, ইয়াৰ শাখা আমেৰিকা যুক্তৰাজ্য, সংযুক্ত আৰব আমিৰশ্বাহী, ছিংগাপুৰ, হংকং, চীন, আৰু অষ্ট্ৰেলিয়া আদি দেশত আছে। থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, আৰু দক্ষিণ আফ্ৰিকাতো ইয়াৰ প্ৰতিনিধিত্বমূলক কাৰ্যালয় আছে।[3]