![]() হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষিত ১৭৮১ চনৰ ১০ মাৰ্চ তাৰিখে হিকিজ বেংগল গেজেটৰ প্ৰথম পৃষ্ঠা | |
প্ৰকাৰ | সাপ্তাহিক বাতৰি-কাকত |
---|---|
প্ৰকাশক | জেমছ আগষ্টাছ হিকি |
প্ৰতিষ্ঠা | ২৯ জানুৱাৰী ১৭৮০ |
Ceased publication | ৩০ মাৰ্চ ১৭৮২ |
মুখ্য কাৰ্যালয় | ৬৭ ৰাধা বাজাৰ কলকাতা, ভাৰত |
হিকিজ বেংগল গেজেট বা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰ (ইংৰাজী: Hicky's Bengal Gazette) ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতা (তেতিয়াৰ কলিকতা) পৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ সাপ্তাহিক বাতৰি কাকত। বেংগল গেজেট নামে খ্যাত এই কাকতখন এছিয়াত মুদ্ৰিত প্ৰথম বাতৰি কাকত। কাকতখন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাতৰি কাকতৰ প্ৰকাৰ আৰু প্ৰিণ্টিং প্ৰেছ জব্দ কৰাৰ আগতে ১৭৮০ আৰু ১৭৮২ চনৰ ভিতৰত দুবছৰৰ বাবে প্ৰকাশিত হৈছিল। জেমছ আগষ্টাছ হিকি নামৰ এজন আইৰিছমেনে ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ আগতে তেওঁ ঋণৰ বাবে দুবছৰ কাৰাগাৰত কটাইছিল। বাতৰি কাকতখন গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ প্ৰশাসনৰ শক্তিশালী সমালোচক আছিল। বাতৰি কাকতখন ইয়াৰ প্ৰৰোচনামমূলক সাংবাদিকতা আৰু ভাৰতত মুক্ত অভিব্যক্তিৰ যুঁজৰ বাবে গুৰুত্বপূৰ্ণ আছিল।[1] ১২ ইঞ্চি দীঘল আৰু ৮ ইঞ্চি বহল দুপৃষ্ঠাৰ কাকতখনৰ গৰাকী, সম্পাদক আৰু প্ৰকাশক জেমছ আগষ্টাছ হিকি আছিল। ১৭৮২ চনৰ ২৩ মাৰ্চ তাৰিখে ইয়াৰ প্ৰকাশ বন্ধ কৰি দিয়া হয়।
জেমছ আগষ্টাছে হিকি নামৰ এখন অতি অদ্ভুত প্ৰকৃতিৰ আইৰিছ ব্যক্তিয়ে কাকতখনৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ আগতে ঋণ পৰিশোধ নকৰাৰ বাবে দুবছৰ কাৰাগাৰত কটাইছিল। পিছত গভৰ্ণৰ জেনেৰেল লৰ্ড ৱাৰেন হেষ্টিংছৰ ৰোষত পৰি পুনৰাই কাৰাগাৰলৈ গৈছিল। তেওঁ প্ৰায়ে লৰ্ড হেষ্টিংছৰ পত্নী লেডী হেষ্টিংছক ব্যংগ কৰিছিল আৰু সেইবিষয়ে প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেওঁ কাৰাগাৰত থাকোঁতে তেওঁ লিখা অব্যাহত ৰাখিছিল আৰু পৰৱৰ্তী সময়ত লৰ্ড হেষ্টিংছৰ নিৰ্দেশত তেওঁৰ লিখন যন্ত্ৰটো জব্দ কৰা হৈছিল। হিকিৰ এই বাতৰি কাকতখন ভাৰতীয় উপমহাদেশৰ প্ৰথম ইংৰাজী আলোচনী আৰু লগতে উপমহাদেশত মুদ্ৰণ কৰা প্ৰথমখন কাকত। ই কেৱল সেই সময়ত ভাৰতত সেৱা আগবঢ়োৱা ব্ৰিটিছ সৈনিকসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাই নহয় বৰঞ্চ ভাৰতীয়সকলক তেওঁলোকৰ নিজা বাতৰি কাকত প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল।[2]
হিকিয়ে ১৭৮০ চনৰ ২৯ জানুৱাৰীত বেংগল গেজেটৰ প্ৰকাশন আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ বাতৰি কাকত ছপা আৰম্ভ কৰিব বুলি ঘোষণা কৰি এখন অনুষ্ঠান পত্ৰ মুদ্ৰণ কৰিছিল। ভাৰতত বাতৰি কাকত ছপা কৰাৰ ধাৰণাটো বাৰ বছৰ আগতে ডাচ অভিযানকাৰী উইলিয়াম বোল্টছৰ আছিল যদিও হিকিয়ে প্ৰথমে এই ধাৰণাটো কাৰ্যকৰী কৰিছিল। বাতৰি কাকতখন শনিবাৰে সপ্তাহত এবাৰ মুদ্ৰণ কৰা হৈছিল। এটকা মূল্যৰ কাকত খনৰ প্ৰচলন প্ৰতি সপ্তাহত প্ৰায় চাৰিশ প্ৰতিলিপি বা ততোধিক বুলি অনুমান কৰা হয়।[3]
হিকিয়ে প্ৰথমে এক নিৰপেক্ষ সম্পাদনা নীতি বজাই ৰাখিছিল (তেওঁৰ শ্লোগান আছিল "সকলো পক্ষৰ বাবে মুকলি, কিন্তু কাৰোৰে দ্বাৰা প্ৰভাৱিত নহয়")। কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সম্পৰ্ক থকা তেওঁৰ প্ৰতিদ্বন্দ্বী সকলে ইণ্ডিয়া গেজেট নামৰ এখন বাতৰি কাকত মুকলি কৰিব বিচৰা গম পাই তেওঁ তেওঁৰ সম্পাদকীয় স্থিতি সলনি কৰে। হিকিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কৰ্মচাৰী চিমিওন ড্ৰোজৰ বিৰুদ্ধে হিকীয়ে ৱাৰেন হেষ্টিংছৰ পত্নী ড্ৰোজ আৰু মাৰিয়ান হেষ্টিংছক উৎকোচ দিবলৈ অস্বীকাৰ কৰাৰ শাস্তি হিচাপে ইণ্ডিয়া গেজেটক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
হিকিৰ অভিযোগৰ প্ৰতিশোধ স্বৰূপে হেষ্টিংছৰ উচ্চতম পৰিষদে হিকিক ডাকঘৰৰ জৰিয়তে তেওঁৰ বাতৰি কাকত পঠিয়াবলৈ নিষেধ কৰে। ১৭৮০ চনৰ ১৮ নৱেম্বৰত প্ৰথম ইণ্ডিয়া গেজেট প্ৰকাশ হোৱাৰ দিনাই হিকিয়ে 'হিকিজ বেংগল গেজেট'ৰ পৰা তেওঁৰ বাতৰি কাকতৰ নাম সংশোধন কৰে। আগতে হিকিজ বেংগল গেজেট কলিকতা জেনেৰেল এডভাৰ্টাইজাৰৰ পৰা অৰিজিনেল কলিকতা জেনেৰেল এডভাৰ্টাইজাৰলৈ সলনি কৰি তেওঁ গুৰুত্ব দিব বিচাৰিছিল যে তেওঁৰ বাতৰি কাকত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল।[4]
হিকিয়ে দাবী কৰিছিল যে হেষ্টিংছৰ আদেশই তেওঁৰ মুক্ত মত প্ৰকাশৰ অধিকাৰ উলংঘা কৰিছে আৰু হেষ্টিংছৰ বিৰুদ্ধে দুৰ্নীতি, অত্যাচাৰ আৰু আনকি ইৰেক্টাইল ডিচফাংচনৰ অভিযোগ উত্থাপন কৰিছিল। হিকিয়ে কলিকতাৰ আন ব্ৰিটিছ নেতাসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিসমূহ হৈছে ফৰ্ট উইলিয়ামৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এলিয়া ইম্পেয়ে উৎকোচ লোৱা আৰু প্ৰটেষ্টাণ্ট মিছনৰ নেতা জোহান জাকাৰিয়াছ কিৰনাণ্ডাৰৰ বিৰুদ্ধে এটা অনাথ শিশু পুঁজিৰ পৰা চুৰি কৰাৰ অভিযোগ। হিকিৰ সম্পাদকীয়ৰ স্বাধীনতা অলপ সময়ৰ বাবে আছিল কিয়নো হেষ্টিংছ আৰু কিৰনাণ্ডাৰে তেওঁৰ বিৰুদ্ধে অপমানৰ বাবে গোচৰ ৰুজু কৰিছিল। ১৭৮১ চনৰ জুন মাহত চাৰিটা নাটকীয় বিচাৰৰ পিছত উচ্চতম ন্যায়ালয়ে হিকিক দোষী সাব্যস্ত কৰে আৰু কাৰাগাৰৰ শাস্তি প্ৰদান কৰে।
হিকিয়ে তেওঁৰ বাতৰি কাকতখন কাৰাগাৰৰ পৰা ছপা কৰি ৰাখিছিল। ইয়াৰ লগতে হেষ্টিংছ আৰু আনসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা অব্যাহত ৰাখিছিল। অৱশেষত হেষ্টিংছে তেওঁৰ বিৰুদ্ধে নতুন মোকৰ্দমা আৰম্ভ কৰি তেওঁক দমন কৰিছিল। হিকিৰ বেংগল গেজেট ১৭৮২ চনৰ ৩০ মাৰ্চত প্ৰকাশ বন্ধ কৰে। উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ দ্বাৰা ইয়াৰ টাইপ জব্দ কৰা হয়। পৰৱৰ্তী সপ্তাহত ইয়াৰ টাইপ আৰু প্ৰিণ্টিং প্ৰেছ ৰাজহুৱাভাৱে নিলাম কৰা হৈছিল আৰু ইণ্ডিয়া গেজেটত বিক্ৰী কৰা হৈছিল।
হিকিৰ বেংগল গেজেট ইয়াৰ ব্যঙ্গাত্মক আৰু উত্তেজক লিখন শৈলীৰ বাবে জনাজাত আছিল। ইয়াৰ সময়ৰ বহুতো বাতৰি কাকতৰ বিপৰীতে এইখনে মহিলাৰ হস্তমৈথুন, আৰু প্ৰাক-শ্ৰেণীৰ চেতনাৰ দৰে নিষিদ্ধ বিষয়বোৰ আলোচনা কৰিছিল, দৰিদ্ৰসকলৰ অধিকাৰ আৰু প্ৰতিনিধিত্বৰ সৈতে কৰ আৰোপ কৰাৰ অধিকাৰৰ বাবে যুক্তি দিছিল। ই শক্তিশালীভাৱে যুদ্ধ বিৰোধী আৰু ঔপনিৱেশিক বিৰোধী আছিল আৰু তেওঁলোকৰ সম্প্ৰসাৰণবাদী আৰু সাম্ৰাজ্যবাদী উদ্দেশ্যৰ বাবে নিয়মীয়াকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বক উপহাস কৰিছিল।[5]
হিকিৰ বেংগল গেজেট আছিল প্ৰথম ইংৰাজী ভাষাৰ বাতৰি কাকত আৰু ভাৰতীয় উপ-মহাদেশ আৰু এছিয়াৰ পৰা প্ৰকাশিত প্ৰথম মুদ্ৰিত বাতৰি কাকত।[6] বাতৰি কাকতখন কেৱল সেই সময়ত ভাৰতত নিযুক্ত ব্ৰিটিছ সৈনিকসকলৰ মাজতেই বিখ্যাত হোৱা নাছিল। ইয়াৰ লগতে ই ভাৰতীয়সকলক তেওঁলোকৰ নিজৰ বাতৰি কাকত প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
ছয়টা আৰ্কাইভত হিকিৰ বেংগল গেজেটৰ সংগ্ৰহ (সকলো অসম্পূৰ্ণ) আছে বুলি জনা যায়:
![]() |
ৱিকিমিডিয়া কমন্সত হিকিজ বেংগল গেজেট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |