বেগম ছমৰু | |
---|---|
বেগম ছমৰুৰ এখন প্ৰতিচ্ছবি | |
জন্ম | ফাৰজানা জেব-উন-নিছা প্ৰায় ১৭৫৩ কুটানা[1]মিৰাট, ভাৰত |
মৃত্যু | ২৭ জানুৱাৰী ১৮৩৬ (বয়স ৮২–৮৩) সৰধনা, মিৰাটৰ ওচৰত, ভাৰত |
অন্য নাম | জোৱানাচ নবিলিছ ছ’ম্ব্ৰে |
পেচা | দৰবাৰী নাচনী সৰধানাৰ শাসক |
দাম্পত্যসঙ্গী | ৱালটাৰ ৰেইনহাৰ্ড ছম্ব্ৰে |
জোৱানা নোবিলিছ ছম্ব্ৰে (ইংৰাজী: Joanna Nobilis Sombre ; জনপ্ৰিয় নাম: বেগম ছমৰু; জন্ম: ফাৰ্জানা জেব উন-নিচা; প্ৰায় ১৭৫৩– ২৭ জানুৱাৰী ১৮৩৬)[2][3] a convert Catholic Christian[4] এগৰাকী ধৰ্মান্তৰিত কেথলিক খ্ৰীষ্টান[5][2] আৰু দৰবাৰী নাচনী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ ১৮ শতিকাত ভাৰতত জন্মগ্ৰহণ কৰে আৰু শেষত মীৰাটৰ ওচৰৰ সৰু ৰাজকীয় প্ৰদেশ সৰধানাৰ শাসক হয়।[6][2] তেওঁৰ স্বামী, ইউৰোপীয় ভাড়াতীয়া প্ৰশিক্ষিত সেনা ৱালটাৰ ৰেইনহাৰ্ড ছম্ব্ৰেৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা প্ৰশিক্ষণপ্ৰাপ্ত ভাড়াতীয়া সেনাবাহিনীৰ মুৰব্বী আছিল। এই ভাড়াতীয়া সেনাবাহিনীত আছিল ইউৰোপীয় আৰু ভাৰতীয় উভয় ব্যক্তয়ে আছিল। ১৮ আৰু ১৯ শতিকাৰ ভাৰতত সৰধনা প্ৰদেশ শাসন কৰাৰ বাবে তেওঁক ভাৰতৰ একমাত্ৰ কেথলিক শাসক হিচাপেও গণ্য কৰা হয়।[7][8]
বেগম ছমৰু আছিল অপৰিসীম ধনী, কিন্তু মৃত্যু হৈছিল কোনো উত্তৰাধিকাৰী নোহোৱাকৈ। ১৯২৩ চনত তেওঁৰ উত্তৰাধিকাৰ প্ৰায় ৫৫.৫ মিলিয়ন গোল্ড মাৰ্ক আৰু ১৯৫৩ চনত ১৮ বিলিয়ন ডাচ্চ মাৰ্ক বুলি মূল্যায়ন কৰা হৈছিল। Reinhards Erbengemeinschaft নামৰ এটা সংস্থাই এতিয়াও উত্তৰাধিকাৰৰ সমস্যা সমাধানৰ বাবে চেষ্টা চলাই আছে।[9]
বেগম ছমৰু আছিল অস্বাভাৱিক ব্যতিক্ৰমী নেতৃত্ব দিব পৰা ক্ষমতা বিশিষ্ট। তেওঁ একাধিকবাৰ নিজৰ সৈন্যৰ নেতৃত্ব দিছিল। তেওঁক কাশ্মীৰী মূলৰ বুলি ভবা হয়। [10]
জোহান লেল নামৰ লেখক এজনে ‘বেগম ছমৰু - ফেডেড প'ৰ্ট্ৰেইট ইন এ গিল্ডেড ফ্ৰেম’ শীৰ্ষক গ্ৰন্থত লিখিছে যে কিশোৰ বয়সৰ আৰম্ভণিতে ভাৰতত কাম কৰি থকা লাক্সেমবাৰ্গৰ এজন ভাড়াতীয়া সৈনিক ৱালটাৰ ৰেইনহাৰ্ড ছম্ব্ৰেক বিয়া কৰায় বা বা তেওঁৰ লগত একেলগে থাকিবলৈ আৰম্ভ কৰে। ৪৫ বছৰীয়া ইউৰোপীয় ভাড়াতীয়া সৈনিক ৱালটাৰ ৰেইনহাৰ্ড ছম্ব্ৰে নিষিদ্ধ পল্লীলৈআহি তেতিয়াৰ ১৪ বছৰীয়া ছোৱালী ফাৰ্জানাৰ মোহত পৰে।
সৌভাগ্যৰ সন্ধানত সৈনিক ছম্ব্ৰে লক্ষ্ণৌৰ পৰা বেৰেলীৰ ওচৰৰ ৰোহিলখণ্ডলৈ যায়। তাৰ পিছত আগ্ৰা, দীগ আৰু ভাৰতপুৰলৈ গৈ পুনৰ উভতি আহে দোৱাবলৈ। সেইখিনি সময়ত ফাৰ্জানাই তেওঁক বিভিন্ন চক্ৰান্তৰ পৰা সহায় কৰিছিল।
১৭৭৮ চনত স্বামী ৱালটাৰ ৰেইনহাৰ্ডৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰিন্সিপালিটিৰ পৰা বেগম ছমৰুৱে বছৰি প্ৰায় ৯০,০০০ পাউণ্ড উপাৰ্জন কৰে। সময়ৰ লগে লগে তেওঁ শক্তিশালী হৈ পৰিছিল আৰু উত্তৰ প্ৰদেশৰ সৰধানাৰ এক বৃহৎ অঞ্চলত শাসন কৰিছিল। তেওঁৰ ইষ্টেটৰ আভ্যন্তৰীণ ব্যৱস্থাপনা অত্যন্ত প্ৰশংসনীয় আছিল। ১৭৮১ চনৰ ৭ মে’ তাৰিখে ৩০ বছৰ বয়সত বেগম ছমৰুক এজন ৰোমান কেথলিক যাজকে জোহানা নোবিলিছক বেপ্তিজিম কৰে। গোটেই জীৱনজুৰি তেওঁৰ মাত্ৰ এজন বন্ধু আছিল, বেগম উমদা, যি সৰধানাৰ আন এটা জাগীৰদাৰ পৰিয়ালৰ সদস্য আছিল। বেগম ছমৰুৰ সৈতে তেওঁৰ বন্ধুত্ব মৃত্যুলৈকে বৰ্তি আছিল। আনকি বেগম উমদাৰ বিয়া হোৱাৰ পাছতো বেগম চামৰুৱে তেওঁক লগ পাবলৈ সময় উলিয়াইছিল। [11]
১৮৩৭ চনৰ জানুৱাৰী মাহত ৮৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ সম্পত্তিৰ অধিকাংশই ৱালটাৰ ৰেইনহাৰ্ড ছম্ব্ৰেৰ প্ৰথম পত্নীৰ ফালৰ বংশধৰ ডেভিদ অক্টাৰ্লনি ডাইচ ছম্ব্ৰেক উইল কৰি দিয়ে।[9] তেওঁৰ ৰাজনৈতিক, কূটনৈতিক চতুৰতা আৰু তেওঁৰ প্ৰত্যক্ষ পৰিচালনাত থকা সৈন্যই কৰা গুৰুত্বপূৰ্ণ যুদ্ধৰ ওপৰত ভিত্তি কৰি বহুতো গল্প আৰু উপন্যাস ৰচনা কৰা হৈছে।[12]