বেতাল (সংস্কৃত: वेताल, ৰোমানীকৃত: vetāla) হৈছে হিন্দু পৌৰাণিক কাহিনীৰ এক কিংবদন্তিমূলক জীৱ। সাধাৰণতে ইহঁতক শ্মশানত বাস কৰা এবিধ জ্ঞানী (ভৱিষ্যত দ্ৰষ্টা) অতিপ্ৰাকৃতিক সত্তা হিচাপে সংজ্ঞায়িত কৰা হয়। বেতালক পশ্চিমীয়া পৌৰাণিক কাহিনীৰ ভেম্পায়াৰৰ সৈতে তুলনা কৰিব পাৰি। মৃতদেহবোৰক পুনৰ সজীৱ কৰি বেতালবোৰে বাহন হিচাপে ব্যৱহাৰ কৰে। ইহঁতে ইচ্ছামতে কোনো মৃতদেহত প্ৰৱেশ কৰি তাৰ অভিকাৰী হ’ব পাৰে আৰু ইচ্ছামতে দেহৰ পৰা ওলাই যাব পাৰে।[1]
হিন্দু লোককথাত বেতাল হৈছে মৰিশালিত বাস কৰা আৰু মৃতদেহৰ ওপৰত আসুৰিক দখল সাব্যস্ত কৰা এক দুষ্ট আত্মা। ইহঁতে মানুহক অশান্তি দি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। ইহঁতে মানুহক উন্মাদ কৰি তুলিব পাৰে, ল’ৰা-ছোৱালীক হত্যা কৰিব পাৰে, গৰ্ভপাতৰ কাৰণ হ’ব পাৰে, কিন্তু গাঁৱৰ পহৰাও দিয়ে।
বেতালক জীৱন আৰু পৰলোকৰ মাজত আবদ্ধ হৈ থকা মৃতকৰ আত্মা বুলি গণ্য কৰা হয়। এই জীৱবোৰক মন্ত্ৰ জপ কৰি বশ কৰিব পাৰি। তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি তেওঁলোকক মুক্তি প্ৰদান কৰিব পাৰে। স্থান আৰু সময়ৰ নিয়মৰ দ্বাৰা প্ৰভাৱিত নোহোৱাৰ বাবে তেওঁলোকৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে এক অলৌকিক জ্ঞান প্ৰাপ্ত কৰে আৰু মানুহৰ স্বভাৱ সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰে। সেয়েহে তান্ত্ৰিকসকলে তেওঁলোকক বশ কৰি নিজৰ দাস কৰিব বিচাৰে।[2]
কংকন অঞ্চলত বেতাল নামেৰে এক পূজা-অৰ্চনা কৰাৰ সংস্কৃতিও দেখা পোৱা যায়। সেই অঞ্চলৰ বেতালক শান্তদুৰ্গা দেৱীৰ স্বামী বুলি কোৱা হয়, গতিকে শান্তদুৰ্গাৰ মন্দিৰৰ চৌহদৰ ভিতৰত বা কাষৰ কোনো এটা অংশত বেতালৰ সন্মানত উচৰ্গা কৰা এটা মন্দিৰ নিৰ্মাণ কৰা হয়। গোৱাৰ আমোনাত এটা বেতাল মন্দিৰ আছে। এই বেতাল ভৈৰৱৰ এটা ৰূপ আৰু ই সকলো আত্মা আৰু ভূত তথা সকলো ধৰণৰ পিশাচৰ মূৰব্বী।
বেতাল পঞ্চবিংশতি প্ৰাচীন সংস্কৃত ভাষাত ৰচিত পঁচিশটা নীতিশিক্ষামূলক সাধুৰ সংকলন। এই গ্ৰন্থখনত বৰ্ণিত দুটা কেন্দ্ৰীয় চৰিত্ৰৰ ভিতৰৰ এটা চৰিত্ৰ হৈছে বেতাল।[3] একাদশ শতিকাৰ পিছত সংকলিত হোৱা কথাসৰিৎসাগৰৰ এটা অংশটো বেতাল পঞ্চবিংশতিৰ বৰ্ণনা কৰা হৈছে।[4] এই গ্ৰন্থখনত এজন তান্ত্ৰিকে ৰজা বিক্ৰমাদিত্যৰ সহায়ত বেতালৰ পৰা সিদ্ধি লাভ কৰি গোটেই পৃথিৱীত ৰাজত্ব কৰিবলৈ কৰা এক অভিসন্ধিৰ কাহিনী বৰ্ণনা কৰা হৈছে। তান্ত্ৰিকজনে চতুৰতাৰে বিক্ৰমাদিত্যক মৰিশালি মাজৰ এজোপা গছত ওলমি থকা এটা মৃতদেহ আনিবলৈ কয়।[5] সেই মৃতদেহটো এজন বেতালে অধিকাৰ কৰি আছিল আৰু যাত্ৰাপথত সি ৰজাক এটা কাহিনী কৈ শুনায়। কাহিনী শেষ কৰাৰ পিছত বেতালে ৰজাক এটা প্ৰশ্ন কৰে, যদি সেই প্ৰশ্নৰ উত্তৰ ৰজাই জানিও নিদিয়ে তেতিয়া সি ৰজাৰ মূৰটো খণ্ড-বিখণ্ড কৰি পেলাব। আৰু যদি উত্তৰ দিয়ে বা মাত মাতে তেতিয়া সি পুনৰ গছজোপালৈ ওভতি আহিব। এনেদৰে চৌবিশ বাৰ বেতালে ৰজা বিক্ৰমক সাধু কৈ শুনালে আৰু ৰজাই শুদ্ধ উত্তৰ দিয়া বাবে সি পুনৰ ওভতি আহি গছ জোপাত ওলমি ৰ’লহি। শেষৰ বাৰ ৰজাই বেতালে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়াত অসমৰ্থ হয় আৰু কোনো মাত নামাতে। ৰজাৰ ওপৰত সন্তুষ্ট হৈ বেতালে তেওঁক তান্ত্ৰিকৰ দুষ্ট পৰিকল্পনাৰ বিষয়ে অৱগত কৰে আৰু তেওঁক এনে এটা উপহাৰ প্ৰদান কৰে যাৰ ফলত তেওঁ ডাইনী শক্তি আহৰণ কৰাৰ লগতে তান্ত্ৰিককো পৰাস্ত কৰিব পাৰে।[6]
১৯৮৬ চনত শান্তিলাল ছোনীৰ পৰিচালনাত ভাৰতীয় ছবি “বিক্ৰম বেতাল” নিৰ্মাণ কৰা হয়। ছবিখন বেতাল পঞ্চবিংশতিৰ আধাৰত ৰজা বিক্ৰমাদিত্য আৰু বেতালৰ বিষয়ে নিৰ্মাণ কৰা হৈছিল। ৰামানন্দ সাগৰৰ প্ৰযোজনা আৰু পুত্ৰ প্ৰেম সাগৰৰ পৰিচালনাত ডি ডি নেচনেল চেনেলত বিক্ৰম ঔৰ বেতাল নামৰ এখন ধাৰাবাহিক প্ৰচাৰিত হৈছিল।