বেদব্যাস | |
---|---|
দাম্পত্যসঙ্গী | পিঞ্জলা |
পিতৃ-মাতৃ | ঋষি পৰাশৰ, সত্যৱতী |
সন্তান | শুক উত্তৰৰ পৰা, ধৃতৰাষ্ট্ৰ পূবৰ পৰা,পাণ্ডু উত্তৰ-পূবৰ পৰা,বিদূৰ পশ্চিমৰ পৰা |
বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ। তেওঁ হিন্দুধৰ্মৰ প্ৰাথমিক শাস্ত্ৰ হিচাপে স্বীকৃত বেদৰ ব্যৱহাৰিক-বিন্যাসকাৰী, পৌৰাণিক মহাকাব্য মহাভাৰত, অষ্টাদশ মহাপুৰাণ আৰু উপপুৰাণ, বেদান্তদৰ্শন, প্ৰভৃতিৰ সংকলক, সম্পাদক আৰু সমন্বায়ক এজন জ্ঞানান্বেষী ঋষি।
যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু সত্যৱতীৰ মিলনৰ ফলত সত্যৱতী গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন। তেওঁৰ দেহৰ বৰ্ণ ক'লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন। তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল। চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল। তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল। সেইবাবে তেওঁ বেদব্যাস বা 'ব্যাস' নামে পৰিচিত। জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে। তেওঁ বদৰিকাশ্ৰমত তপস্যা কৰিছিল। সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।
মহাভাৰতত উল্লেখ আছে যে তেওঁ মহাভাৰত লিপিবদ্ধ কৰাৰ বাবে ব্ৰহ্মাৰ ওচৰত এজন লিপিকাৰ নিয়োগৰ পৰামৰ্শ ল’বলৈ যোৱাত ব্ৰহ্মাই গণেশক নিয়োগ কৰিবলৈ কয়। গণেশে এটা চৰ্তত লিপিকাৰ হ’বলৈ সন্মত হয় যে লিপিবদ্ধ কৰাৰ সময়ত তেওঁ অলপো সময় ৰৈ নিদিয়ে। ব্যাসে তাত সন্মতি প্ৰকাশ কৰি আন এটি চৰ্ত গণেশৰ আগত দাঙি ধৰে যে তেওঁ কোনো শ্লোকৰ অৰ্থ নুবুজাকৈ লিপিবদ্ধ কৰিব নোৱাৰিব। এই চৰ্তত গণেশে সন্মতি জনোৱাত তেওঁ মহাভাৰত লিখিবলৈ আৰম্ভ কৰে। ব্যাসদেৱে তেওঁৰ শ্লোক ৰচনাৰ মাজে মাজে কিছু জটিল শ্লোক ৰচনা কৰে - গণেশে এই শ্লোকসমূহৰ অৰ্থ বুজি লিখোঁতে অলপ সময় ব্যয় হয়। সেই সময়ত ব্যাসদেৱে আন বহুতো শ্লোক ৰচনা কৰি লয়।
তেওঁ বেদক শতশাখাযুক্ত চাৰি ভাগত বিভক্ত কৰি বেদব্যাস নামে অভিহিত হয়।
ব্যাসদেৱ অষ্টাদশ মহাপুৰাণ আৰু উপপুৰাণসমূহ ৰচনা কৰি খ্যাতি অৰ্জন কৰে। বেদান্ত দৰ্শন ৰচনাও ব্যাসদেৱৰ অন্যতম কৃতিত্ব।
বিষ্ণু অৱতাৰ আৰু কৃষ্ণ জীৱনকথা লৈ ৰচিত ব্যাসদেৱৰ এই অনবদ্য ৰচনাত মুঠ বাৰটা স্কন্দ (সৰ্গ) আৰু প্ৰায় ১৮,০০০ শ্লোক আছে। হিন্দু সমাজত সুপৰিচিত বহু উপকথাৰ উৎস ভাগৱত পুৰাণ।
তেওঁ ৫৫৫ পংক্তিত বেদব্যাসে হিন্দুশাস্ত্ৰৰ প্ৰজ্ঞা সংকলন চয়িত সৃজকসূত্ৰ ৰচনা কৰে। সৃজকসূত্ৰত স্ৰষ্টা আৰু সৃষ্টি সম্পৰ্কীয় যুক্তিপৰম্পৰা জ্ঞানান্বেষী কৌশলৰে স্ৰষ্টাৰ অন্বেষণ কৰা হৈছে।
|