বেদাৰা ভেছা ಬೇಡರವೇಷ | |
---|---|
অন্তৰ | এবছৰৰ অন্তৰে অন্তৰে |
সক্ৰিয়তাৰ সময় | ১৬৮৯ |
প্ৰথমবাৰ পালন | ১৬৮৯ |
শেহতীয়া | ২০২৩ |
প্ৰকাৰ | লোক-নৃত্য |
বেদাৰ ভেছা কৰ্ণাটকৰ ছিৰচি চহৰত হোলী উদযাপনৰ কিছুদিন আগেয়ে পৰিৱেশন কৰা এক পৰম্পৰাগত লোকনৃত্য৷। ইয়াক ‘হাণ্টাৰ ডান্স’ বুলিও কোৱা হয়। ছিৰচি চহৰৰ মানুহে প্ৰতি এবছৰৰ অন্তৰে অন্তৰে এই অনন্য লোকনৃত্যৰে হোলী উদযাপন কৰে।[1] ইয়ে হোলীৰ পাঁচোটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ জনসমাগমক আকৰ্ষণ কৰে।[2] এই নৃত্য প্ৰায় তিনিশ বছৰ পুৰণি বুলি কোৱা হয়৷[3]
বেদাৰা ভেছাৰ আচল পৰিৱেশনৰ আগতে কেইবামাহো ধৰি ইয়াৰ অনুশীলন কৰা হয়। পৰিৱেশনৰ সময়ত শিল্পীসকলে ময়ুৰৰ পাখি, গোঁফ, কপাহ আৰু ৰঙা কাপোৰ পিন্ধি, ফল-মূলৰ মালা, হাতত ঢাল আৰু তৰোৱাল আঁৰি নিজক সজাই তোলে। প্ৰায় পাঁচশ ময়ুৰৰ পাখিৰে ঘূৰণীয়াকৈ কোনো এটা আধাৰত আঠা দি ডাঙৰ বৃত্তৰ দৰে কৰি নৃত্যশিল্পীজনে পিঠিত পিন্ধি লয়৷ পৰিৱেশকৰ পেটত দুডাল ৰছী বান্ধি থোৱা থাকে আৰু দুজন মানুহে ৰছীৰ দুয়োমূৰে ধৰি ময়ুৰৰ পাখিৰ বিশাল বৃত্তটো ৰছীৰে পিঠিত ধৰি ৰাখে, মল্লেছীয়ে তেওঁৰ ঠাইলৈ অহা মানুহক হত্যা কৰাত বাধা দিয়া কাৰ্য বৰ্ণিত কৰিব। নৃত্যৰ মজে মজে শৰীৰৰ অংগীভংগীত ময়ুৰৰ পাখিৰ বৃত্তটো দোলায়িত হৈ থাকে৷ কেইগৰাকীমান সহযোগীয়ে হাতেৰে ঢোল(তামাতে) বজাই সহযোগ কৰি নৃত্যক এক ছন্দ দিয়ে। হাণ্টাৰ ডান্সৰ এই অভিনেতাজনে নিজৰ ঠাইৰ কোনো এক স্থানীয় বিন্দুৰ পৰা আৰম্ভ কৰি ৰাতিটোৰ ভিতৰতে ছিৰচি চহৰৰ বিভিন্ন স্থানলৈ অনুষ্ঠান পৰিৱেশন কৰি থাকে। নৃত্যৰ সামৰণি অংশ শ্ৰী মৰিকাম্বা মন্দিৰত অনুষ্ঠিত হয়। তাত নৃত্যশিল্পীগৰাকীয়ে নৃত্য সম্পূৰ্ণ ক্ৰোধত পৰিৱেশন কৰে। তেওঁ পুনৰ দিনৰ পোহৰলৈকে ছিৰচি চহৰৰ আন স্থানবোৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।[4]
বেদাৰা ভেছাৰ একাধিক পৰিৱেশক আছে। প্ৰতিটো অঞ্চলত এজন ব্যক্তি থাকে, যিয়ে সমগ্ৰ চহৰখনক প্ৰতিনিধিত্ব কৰিব আৰু নাচিব। এই নৃত্যৰ সম্পূৰ্ণ ৰূপ উপস্থাপনৰ বাবে কিছুমান নিৰ্দিষ্ট ঠাই আছে আৰু প্ৰতিজন পৰিৱেশকে সেই নিৰ্দিষ্ট ঠাইবোৰ এবাৰ ভ্ৰমণ কৰিব লাগে। লগতে কোৱা হয় যে, এগৰাকী নৃত্যশিল্পীয়ে আন এগৰাকী নৃত্যশিল্পীৰ মুখামুখি হ’ব নোৱাৰে।
এই নৃত্যৰ আৰম্ভণি প্ৰায় ৩শ বছৰ পুৰণি৷ বিজয়নগৰৰ ৰজাক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বেদে জাতিৰ মল্লেছী নামৰ এজন যোদ্ধাক নিযুক্তি দিয়া হৈছিল৷ মল্লেছীয়ে ৰাণী ৰুদ্ৰম্বিকাক বিয়া কৰাবলৈ মন মেলে৷ ৰুদ্ৰম্বিকাই নিজৰ জীৱন উছৰ্গা কৰি মল্লেছীক বিয়া কৰায় যদিও হোলীৰ আনন্দত নাচি থকা মল্লেছী হত্যা কৰি জ্বলাই দিয়ে৷ তেতিয়াৰ পৰাই এই কাহিনী হোলী আগদিনা হাণ্টাৰ ডান্সৰ দ্বাৰা বৰ্ণনা কৰা হয়৷[5]
কৰ্ণাটকৰ ছিৰচি চহৰত বেদাৰা ভেছা পৰিৱেশন কৰা হয়। হোলীৰ সময়ত অনুষ্ঠিত এই নৃত্যৰ সময়ত ‘ডল্লু কুনিঠা’ নামৰ আন এক লোকনৃত্যও পৰিৱেশন কৰা হয়। ছিৰচিৰ মৰিকাম্বা মন্দিৰত দুবছৰৰ মাজত এবাৰ বেদাৰা ভেছা অনুষ্ঠিত হয় আৰু বেদাৰা ভেছা নোহোৱা বছৰত মেলা অনুষ্ঠিত হয়৷[4]
আজিকালি প্ৰায় ৫০ জন শিল্পীয়ে এককভাবে হাণ্টাৰ ডান্স প্ৰদৰ্শন কৰে৷ তেওঁলোকে হুইচেল বজোৱা আৰু ড্ৰাম কোবোৱা এটা দলৰ সৈতে এই নৃত্য পৰিৱেশন কৰে। বৰ্তমান সময়ত হাণ্টাৰ ডান্সৰ লগতে ৰাজপথত বিভিন্ন অনুষ্ঠানো পৰিৱেশন কৰা হয়। হাণ্টাৰ ডান্স অনুষ্ঠানৰ আলম লৈ চহৰখনৰ যুৱক-যুৱতীসকলৰ বাবে এক আনন্দদায়ক নিশাৰ আড্ডা পাৰ কৰে। শেহতীয়া বছৰবোৰত(২০১৯) হাণ্টাৰ ডান্সৰ আয়োজকসকলে ৰাজপথলৈ ডি-জেআনিবলৈ লৈছে আৰু গোটেই ছিৰচি চহৰখনে দৰ্শকক অধিক মনোৰঞ্জন দিবলৈ শেহতীয়াকৈ ই এটা ক্লাবৰ নৃত্যৰ দৰে হৈ পৰিছে।