বেদি (ইংৰাজী: Bedi) (আৰ্মেনিয়ান: Վեդի) আৰ্মেনিয়াৰ আৰাৰাট প্ৰদেশৰ বেদী পৌৰসভাৰ অন্তৰ্গত এখন চহৰ আৰু ই বেদী নদীৰ কাষত অৱস্থিত। বেদি ৰাজধানী ইয়েৰেভানৰ পৰা ৩৫ কিলোমিটাৰ (২২ মাইল) দক্ষিণে আৰু প্ৰাদেশিক কেন্দ্ৰ আৰ্থছাটৰ ১৮ কিলোমিটাৰ (১১ মাইল) দক্ষিণ-পূবে অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি চহৰখনৰ জনসংখ্যা আছিল ১১,৩৮৪ জন। ২০১৬ চনৰ চৰকাৰী হিচাপ অনুসৰি বেদিৰ জনসংখ্যা প্ৰায় ১০,৬০০ জন।
“বেদি’’ নামটো আৰবী শব্দ ৱাদি ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ উপত্যকা। পাৰ্চী ভাষাৰ মাজেৰে ই হয়তো আৰ্মেনিয়ান ভাষাত অন্তৰ্ভুক্তি লাভ কৰিছিল। চহৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নামো বেদি। কোনো কোনোৰ মাজত এই চহৰখন মাজে সময়ে ভেৰিন বেদী নামেৰে জনাজাত হৈ আহিছিল যদিও ১৯৪৬ চনত ইয়াৰ আনুষ্ঠানিকভাৱে “বেদি’’ নাম ৰখা হয়।[1]
১৮২৬–১৮২৮ চনৰ ৰুছ-পাৰ্চী যুদ্ধ আৰু ১৮২৮ চনত কাজাৰ ইৰাণ আৰু ৰাছিয়ান সাম্ৰাজ্যৰ মাজত তুৰ্কমেঞ্চায় সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত বেদী সাম্ৰাজ্যবাদী ৰাছিয়াৰ অংশ হৈ পৰে। ১৮৩০ চনৰ ভিতৰত প্ৰায় ৫০০ আৰ্মেনিয়ানক পাৰ্চী চহৰ মাকুৰ পৰা বয়ুক বেদিলৈ যাবলৈ অনুমতি দিয়া হয়। ১৮৪৯ চনত এই বসতিস্থল ৰাছিয়ান সাম্ৰাজ্যৰ এৰিভান গভৰ্ণৰেটৰ অংশ হৈ পৰে। ২০ শতিকাৰ দ্বিতীয়টো দশকত অট্ট’মান চহৰ ভান, শ্বাটাখ আৰু মুছ’ৰ পৰা বহু আৰ্মেনিয়ান পৰিয়াল আৰ্মেনিয়ান গণহত্যা ৰ পৰা পলায়ন কৰি বেদিলৈ প্ৰব্ৰজন কৰে।[2]
১৯১৮ চনত বয়ুক বেদি আৰ্মেনিয়াৰ স্বাধীন গণৰাজ্যৰ ভিতৰত এখন সুকীয়া গাভাৰ (প্ৰশাসনিক জিলা) হৈ পৰে। প্ৰথম আৰ্মেনিয়া গণৰাজ্যৰ সময়ছোৱাত (১৯১৮–১৯২০) বয়ুক বেদি আৰ্মেনিয়াৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান মুছলমান বিদ্ৰোহৰ অন্যতম মূল কেন্দ্ৰ আছিল।[3] ১৯২০ চনৰ ১২ জুলাইত আৰ্মেনিয়ান সেনাই স্থানীয় তুৰ্কী বিদ্ৰোহীৰ পৰা এই বসতিস্থল পুনৰ দখল কৰে।[4][3]
আৰ্মেনিয়াৰ ছোভিয়েটীকৰণৰ পিছত ১৯৩০ চনত বয়ুক বেদি নতুনকৈ গঠিত বেদি ৰেয়ন ৰ অংশ হৈ পৰে। ১৯৪৬ চনত এই বসতিপ্ৰধান অঞ্চলটোৰ নাম আনুষ্ঠানিকভাৱে বেদিলৈ সলনি কৰা হয়। ছিছিয়ান, য়েঘেগনাডজ’ৰ আৰু মাৰ্টুনি অঞ্চলৰ পৰা পুনৰ সংস্থাপিত পৰিয়ালৰ নতুন জনসমাগমৰ জৰিয়তে বেদিত ১৯৪০ আৰু ১৯৫০ চনৰ ভিতৰত আৰ্মেনিয়ান জনসংখ্যা সংখ্যাগৰিষ্ঠ হৈ পৰে। ১৯৬৩ চনত বেদিক নগৰীয়া অঞ্চলৰ মৰ্যাদা দিয়া হয়। ১৯৬৮ চনত “বেদি ৰেয়ন’’ৰ নাম “আৰাৰাট ৰেয়ন’’ ৰখা হয়। আৰ্মেনিয়াৰ স্বাধীনতাৰ পিছত ১৯৯৫ চনৰ প্ৰশাসনিক সংস্কাৰ অনুসৰি বেদিক চহৰৰ মৰ্যাদা দিয়া হয়।
বেদি ৰাজধানী ইয়েৰেভানৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দক্ষিণে বেদি নদীৰ সোঁপাৰত উৰ্বৰ আৰাৰাট সমভূমিৰ পূব অংশত অৱস্থিত। এই চহৰখনৰ গড় উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৯০০ মিটাৰ ওপৰত। গোৰাৱন বালি অভয়াৰণ্যই চহৰৰ দক্ষিণে প্ৰাকৃতিক আৰু উত্তৰ দিশে উৰ্টছ পৰ্বতমালাই বেদিৰ প্ৰাকৃতিক সীমা গঠন কৰিছে।
বেদীৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে অত্যন্ত ঠাণ্ডা আৰু শীতকালত বৰফাবৃত হয়। ডিচেম্বৰ মাহত তাপমাত্ৰা −৩২ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। মে’ৰ পৰা অক্টোবৰৰ ভিতৰত সমগ্ৰ বেদিৰ গ্ৰীষ্মকাল তুলনামূলকভাৱে গৰম, গড় উষ্ণতা ২৫ ডিগ্ৰী ছেলছিয়াছ। ইয়াত বছৰি গড় বৰষুণৰ মাত্ৰা প্ৰায় ২২৫মি.মি.।
১৯৩০ চনত বেদিৰ সাংস্কৃতিক গৃহ মুকলি কৰা হৈছিল। ২০১৩ চনত চহৰখনৰ থিয়েটাৰ আৰু অন্যান্য সাংস্কৃতিক অনুষদৰ বাবে এটা নতুন ভৱন নিৰ্মাণ কৰা হয়। ঘৰটোত নাট্যগোট (১৯৫০ চনত প্ৰতিষ্ঠা), লোকবাদ্য দল (১৯৭৭), নৃত্য দল, ব্ৰাছ বেণ্ড, আৰু শিশু অৰ্কেষ্ট্ৰা আছে। গ্ৰীষ্মকালত সাংস্কৃতিক গৃহই চহৰখনৰ কেন্দ্ৰীয় উদ্যানৰ মুকলি আকাশৰ তলত থকা এম্পথিয়েটাৰত বেদিৰ সংগীতময় বৃহস্পতিবাৰৰ আয়োজন কৰে। ১৯৩৫ চনত পাৰুয়ত জন-পুথিভঁৰাল মুকলি কৰা হয়। এই পুথি-ভঁৰালত প্ৰায় ৫৮ হাজাৰ গ্ৰন্থ আছে। চহৰখনত সংগীতৰ বিদ্যালয় আৰু শিল্পৰ বিদ্যালয়ও আছে।
আৰ্মেনিয়াৰ এম-২ মটৰৱে’ৰ পৰা ৭ কিলোমিটাৰ পূবে বেদি অৱস্থিত। এইচ-১০ আঞ্চলিক পথটোৱে চহৰখনক মটৰৱে’ৰ সৈতে সংযোগ কৰে। এইচ-১০ দক্ষিণ-পূব দিশলৈ আৰু অধিক বিস্তৃত হৈ ভায়োটছ ড্জ’ৰ প্ৰদেশত উপনীত হৈছে। নিয়মীয়া মিনি বাছ দৈনিক ভ্ৰমণৰ জৰিয়তে বেদি ৰাজধানী ইয়েৰেভানৰ সৈতে সংযুক্ত।
বেদি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ আৰ্মেনিয়াৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ এক প্ৰধান কেন্দ্ৰ। অধিকাংশ নাগৰিকেই মূলতঃ কৃষি কৰ্মৰ লগত জড়িত। ইয়াৰ প্ৰধান শস্য হৈছে আঙুৰ আৰু এপ্ৰিকোট। ঘৰতে বনোৱা মদ বেদিত সকলো সময়তে পোৱা যায়৷ ১৯৫৬ চনত প্ৰতিষ্ঠা হোৱা “VediAlco’’ আৰ্মেনিয়াৰ বিশিষ্ট ৱাইন আৰু ব্ৰেণ্ডী উৎপাদকসমূহৰ ভিতৰত অন্যতম৷[5] আৰ্মেনিয়াৰ অৰ্ধ-মিঠা ৱাইন ভাৰ্নাশ্বেন বাবে উল্লেখযোগ্য ঠাই।