ইটালীয় লোককথাত, বেফানা এগৰাকী বৃদ্ধা মহিলা যি এপিফেনি (গ্ৰীক: ἐπιφάνεια, epifáneia) (৫ জানুৱাৰীৰ নিশা) উৎসৱৰ সময়ত সমগ্ৰ ইটালীত ছেইণ্ট নিকোলাছ বা চান্টাক্লজৰ দৰে ল'ৰা-ছোৱালীৰ মাজত উপহাৰ বিতৰণ কৰে।[1] প্ৰথমে এই উৎসৱ কিছুমান ইটালীয় অঞ্চলত পালিত হৈছিল, পিছত ই সমগ্ৰ ইটালীত বিয়পি পৰে।
লোককথা অনুসৰি, এগৰাকী অতি বুঢ়ী মহিলা (বেফানা) এটা ঝাড়ুৰ ওপৰত ওলোটা কৈ উঠি এপিফেনি উৎসৱৰ আগৰ নিশা (৫ জানুৱাৰীৰ নিশা) ইটালীৰ সকলো শিশুৰ ঘৰলৈ যায় আৰু তেওঁলোকৰ চিমনি বা খিৰিকীৰ আগত ওলোমাই ৰখা মোজাত উপহাৰ দি যায়। যিসকলে বছৰটো ভাল দৰে চলায়, বেফানাই তেওঁলোৰ মোজাত মিঠাই, কেণ্ডি, শুকান ফল বা সৰু খেলনা ৰাখি দিয়ে, আৰু যিসকলে অসৎ আচৰণ কৰে, তেওঁলোকৰ মোজাত কয়লাৰ টুকুৰা আৰু নহৰু ৰাখে।[2][3] ইটালীৰ বহুতো দৰিদ্ৰ অঞ্চলত, বিশেষকৈ ছিচিলিত, মোজাত কয়লাৰ সলনি এডাল লাঠি থোৱা হয়। এগৰাকী সুগৃহিণীৰ দৰে যোৱাৰ আগেয়ে তেওঁ ঘৰটো সাৰি থৈ যায় বুলি বহুতে বিশ্বাস কৰে। সেই দিনা পুৱা ঝাড়ু দিয়াৰ অৰ্থ হৈছে বছৰৰ সকলো সমস্যা দূৰ কৰা। শিশুৰ পৰিয়ালে বেফানাৰ বাবে এটা সৰু কাঁচৰ গিলাচত মদ আৰু এখন থালত কেইবিধমান খাদ্য (প্ৰায়েই স্থানীয় বিশেষ খাদ্য) ৰাখি দিয়ে।[4]
এটা জনপ্ৰিয় বিশ্বাস অনুসৰি, তেওঁৰ নাম এপিফেনি উৎসৱ বা ইটালিয়ান "লা ফেষ্টা দেল্ল'এপিফানিয়া" ৰ পৰা আহিছে। এপিফেনিয়া (ইংৰাজী: Epiphany) হৈছে গ্ৰীক মূলৰ লেটিন শব্দ, যাৰ অৰ্থ "এপিফেনি উৎসৱ" (৬ জানুৱাৰী) বা "দিৱ্যত্বৰ প্ৰকাশ"।[4] কিছুমান তত্ত্ব অনুসৰি, বেফানা সাবিন/ৰোমান দেৱী ইস্ত্ৰেনুৱাৰ পৰা অহা বুলি কোৱা হয়।[5]
"বেফানা" নামটো এপিফেনি ৰাতিৰ সৈতে জড়িত ছোৱালী পুতলাৰ পৰা আহিছে, বিশেষকৈতুস্কানি আৰুলাচিঅ' অঞ্চলত ১৪শ শতিকাত এই শব্দটো জনপ্ৰিয় হৈছিল। ১৫৩৫ চনত প্ৰথমবাৰৰ বাবে ইটালিয়ান লেখক ফ্ৰান্সিচকো বাৰ্নীয়ে এই শব্দটো ব্যৱহাৰ কৰিছিল, আৰু ১৫৪১ চনত লেখক আঞোলো ফিৰেঞ্জুৱোলা ইয়াক পুনৰ উল্লেখ কৰিছিল।[6]
আজিও কিছুমান অঞ্চলত এই নাম "পেফানা" ৰূপে ব্যৱহাৰ হয়, যেনে মন্টিঞোছো আৰু মাছা আৰু কাৰৰাৰ অঞ্চলত।