বেলে নৃত্য (ইংৰাজী: Bellet) এক বিশেষ সৌষ্ঠৱপূৰ্ণ পশ্চিমীয়া ধ্ৰুপদী নৃত্য। এই নৃত্য প্ৰদৰ্শন যি পঞ্চদশ শতিকাত ইটালীৰ নৱজাগৰণৰ সময়ত উদ্ভৱ হৈছিল আৰু পিছলৈ ফ্ৰান্স আৰু ৰাছিয়াত এক সংগীতানুষ্ঠান নৃত্যৰূপলৈ বিকশিত হৈছিল। ই তেতিয়াৰ পৰা নৃত্যৰ এক ব্যাপক আৰু উচ্চ কাৰিকৰী ৰূপ হৈ পৰিল। বেলে বিশ্বব্যাপী প্ৰভাৱশালী নৃত্য হৈ আহিছে আৰু আন বহুতো নৃত্য শৈলী আৰু সংস্কৃতিত ব্যৱহৃত বুনিয়াদী কৌশলবোৰত বেলে নৃত্যৰ প্ৰভাৱ দেখা যায়। পৃথিৱীৰ বিভিন্ন বিদ্যালয়ে তেওঁলোকৰ নিজা সংস্কৃতিত বেলে অন্তৰ্ভুক্ত কৰিছে। ফলস্বৰূপে বেলে সময়ৰ লগে লগে পৃথক ধৰণে বিকশিত হোৱা দেখা যায়।
বেলে প্ৰযোজনা কৰোতে একত্ৰিতভাৱে নৃত্য পৰিচালনা আৰু সংগীত অন্তৰ্ভুক্ত কৰা হয়।। এই নৃত্য প্ৰশিক্ষিত বেলে নৃত্যশিল্পীসকলৰ দ্বাৰা পৰিচালনা আৰু পৰিৱেশন কৰা হয়। পৰম্পৰাগত শাস্ত্ৰীয় বেলেবোৰ সাধাৰণতে শাস্ত্ৰীয় সংগীতৰ সৈতে আৰু বিস্তৃত পোছাকেৰে মঞ্চত পৰিৱেশন কৰা হয়। আনহাতে আধুনিক বেলেবোৰ প্ৰায়ে সৰল পোছাকত আৰু বিস্তৃত ছেট বা দৃশ্য অবিহনে পৰিৱেশন কৰা হয়।
বেলে হৈছে এক ফৰাচী শব্দ যাৰ উৎপত্তি হৈছিল ইটালিৰ “বেলেটো” শব্দৰ পৰা। আকৌ এই বেলেটো শব্দটো আহিছে লেটিন শব্দ “বালো বালাৰে”ৰ পৰা অৰ্থ হৈছে "নৃত্য কৰা"।[1][2] শব্দটো ১৬৩০ চনৰ আশে পাশে ফৰাচীৰ পৰা ইংৰাজী ভাষাত ব্যৱহাৰ হʼবলৈ ধৰিলে।
বেলেৰ উৎপত্তি পঞ্চদশ আৰু ষোড়শ শতিকাৰ ইটালীৰ নৱজাগৰণ আদালতত হৈছিল। ৰাণী কেথেৰিন ডি' মেডিচিৰ প্ৰভাৱত, এই নৃত্য ফ্ৰান্সলৈ বিয়পি পৰিছিল, য'ত ই আৰু অধিক বিকশিত হৈছিল।[3] এই প্ৰাৰম্ভিক আদালতৰ বেলেবোৰত নৃত্যশিল্পীসকল বেছিভাগ অপেশাদাৰ আছিল। এই নৃত্যশিল্পীসকলে অলংকৃত পোছাকেৰে দৰ্শকসকলক প্ৰভাৱিত কৰিছিল। কিন্তু প্ৰদৰ্শনকাৰীসকলৰ চলাচলৰ স্বাধীনতা সীমিত আছিল। [4]
বেলেবোৰ তিনিফালে দৰ্শকৰ সৈতে ডাঙৰ চেম্বাৰত পৰিৱেশন কৰা হৈছিল। ১৬১৮ চনৰ পৰা দৰ্শকৰ সদস্যসকলৰ পৰা দূৰত্বত থকা প্ৰদৰ্শনকাৰীসকলৰ ওপৰত প্ৰচেনিয়াম আৰ্ক ৰূপায়ণ কৰা, যিয়ে তাৰ পিছত প্ৰযোজনাবোৰত পেছাদাৰী নৃত্যশিল্পীসকলৰ কাৰিকৰী কৃতিত্ববোৰ ভালদৰে চাব আৰু প্ৰশংসা কৰিব পাৰে।
ফ্ৰান্সৰ আদালতত বেলে ৰজা "লুইছ XIV"ৰ শাসনকালত বহু উচ্চতাত উপনীত হৈছিল। মানদণ্ড প্ৰতিষ্ঠা আৰু নৃত্য প্ৰশিক্ষকসকলক প্ৰমাণিত কৰিবলৈ লুইছে ১৬৬১ চনত আকাডেমি ৰয়েল ডি ডান্সে (ৰয়েল ডান্স একাডেমী) প্ৰতিষ্ঠা কৰিছিল। [5] ১৬৭২ চনত লুই XIVই জিন-বেপ্টিষ্ট লুলীক আকাডেমি ৰয়েল ডি মিউজিক (পেৰিছ অপেৰা)ৰ পৰিচালক হিচাপে গঢ়ি তোলে। ইয়াৰ পৰা প্ৰথম পেছাদাৰী বেলে কোম্পানী পেৰিছ অপেৰা বেলেৰ উদ্ভৱ হয়। [6] পিয়েৰ বিউচেম্পে লুলিৰ বেলে-মাষ্টাৰ হিচাপে কাম কৰিছিল। তেওঁলোকে একেলগে মিলি বেলেৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। ১৬৮১ চনত, প্ৰথম "বেলেৰিনা"(বেলে নৃত্যশিল্পী) সকলে আকাডেমীত বহু বছৰৰ প্ৰশিক্ষণৰ পিছতহে মঞ্চত প্ৰদৰ্শন কৰিব পাৰিছিল। [7]