বেশৰ্মী মৰ্চা (ইংৰাজী: Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা। মহিলাসকলে (মাৰ্জিত) সাজ-পোছাকৰ দ্বাৰা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ পৰা হাত সাৰিব পাৰে বুলি টৰন্টোৰ আৰক্ষীয়ে যি ৰাজহুৱা বক্তব্য আগবঢ়াইছিল, তাৰ প্ৰতিবাদ কল্পে এই সংস্থাৰ জন্ম হয়।[1][2] এই বিষয়টোত শিক্ষা প্ৰদানৰ উদ্দেশ্যে তেওঁলোকে সমগ্ৰ বিশ্বতে অনুষ্ঠানৰ আয়োজন কৰিছে।
২০১১ চনৰ ১৭ জুলাইত ভূপালত[3] আৰু ২০১১ চনৰ ৩১ জুলাইত দিল্লীত বেশৰ্মী মৰ্চা অনুষ্ঠিত হয়।[4] তাৰ পিছত ২০১১ চনৰ ২১ আগষ্টত বেশৰ্মী মৰ্চা অনুষ্ঠিত হৈছিল।[5][6]
ছিংগাপুৰ, কুৱালালামপুৰ আৰু হংকঙত আয়োজিত অনুৰূপ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ২০১১ চনৰ ৪ ডিচেম্বৰত বেশৰ্মী মৰ্চা, বাংগালুৰুৱে আয়োজন কৰা অনুষ্ঠান বিভিন্ন উৎসৰ পৰা আপত্তি লাভ কৰাৰ পিছত আৰক্ষীয়ে বাতিল কৰে।[7] আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে বেশৰ্মী মৰ্চাৰ বিৰোধিতা কৰা গোটসমূহে হিংসাত্মক প্ৰতিবাদ কৰাৰ ভাবুকি দিছে।[8] এগৰাকী আয়োজক ধীলন মৌলিয়ে জনায় যে তেওঁক এই অনুষ্ঠানটো ভাৰতীয় সংস্কৃতিৰ অংশ নহয় বুলি কোৱা হৈছিল। মৌলিয়ে লগতে কয়, “এটা মহিলা সংগঠনৰ উপ-সভানেত্ৰীয়ে মোক ফোন কৰি ক'লে যে শ্লেটৱাকৰ সময়ত যদি কোনো মহিলাক কম কাপোৰ পিন্ধা দেখা যায়, তেন্তে তেওঁলোকক ঝাড়ুৰে প্ৰহাৰ কৰা হ'ব।”[9]
ক্ৰীষ্টি থম্পছনে মিছ মেগাজিনৰ বাবে লিখিছে “...সমালোচকসকলে কোৱাৰ মহিলাসকলে নিচেই কম কাপোৰ পিন্ধাৰ অধিকাৰ বিচাৰি ৰাস্তাত সমদল উলিওৱা নাই। তেওঁলোকে ৰাস্তাত খোজ কঢ়াৰ অধিকাৰৰ বাবেহে যুঁজ দিছে।”[10]
Slut শব্দটোক হিন্দীৰ দৰে পোনপতীয়াকৈ ভাৰতীয় ভাষালৈ অনুবাদ কৰা হোৱা নাই। Slutৰ পোনপতীয়া হিন্দী অৰ্থ ৰেণ্ডী[11] (रंडी), অৰ্থাৎ বেশ্যা।[12] আয়োজকসকলে চিন্তিত আছিল যে পৰ্যবেক্ষকসকলে বিশ্বাস কৰিব যে প্ৰতিবাদকাৰীসকলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু যৌন হিংসাৰ পৰা নিস্কৃতি পাবলৈ প্ৰতিবাদ কৰাৰ সলনি নিজকে পতিতা হিচাপে পৰিচয় দিছে বা পতিতা হোৱাৰ অধিকাৰ বিচাৰিছে।
বেশৰ্মীৰ (बेশर्मी) অনুবাদ হৈছে নিৰ্লজ্জভাৱে। ইয়াৰ অৰ্থ হ'ব পাৰে- অশ্লীলতাৰ এটা গুণ।[13] মৰ্চা (मोर्चा) প্ৰতিবাদ আৰু কাৰ্যৰ ধাৰণাটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ই প্ৰায়ে ৰাজনৈতিক প্ৰতিবাদ সূচায়।[14]
বেশৰ্মী মৰ্চাৰ একাধিক অৰ্থ আছে যিবোৰ সহজে ইংৰাজীলৈ অনুবাদ কৰিব নোৱাৰি। ইয়াৰ অৰ্থ সাধাৰণতে “নিৰ্লজ্জভাৱে আৰু সাহসেৰে একত্ৰিতভাৱে প্ৰতিবাদ কৰা; যিটো আনে ভুল বা আনকি অশ্লীল বুলিও গ্ৰহণ পাৰে।”