ভৌগোলিক | |
---|---|
অৱস্থান | বংগোপসাগৰ |
ভৌগোলিক স্থানাংক | 12°17′N 93°52′E / 12.28°N 93.86°Eস্থানাংক: 12°17′N 93°52′E / 12.28°N 93.86°E |
দ্বীপপুঞ্জ | আন্দামান দ্বীপপুঞ্জ |
মাটিকালি | 8.34 km2 (3.22 sq mi) |
দৈৰ্ঘ্য | 3.4 km (2.11 mi) |
প্ৰস্থ | 3.1 km (1.93 mi) |
তটৰেখা | 12.38 km (7.693 mi) |
সৰ্বোচ্চ উচ্চতা | 353 m (1,158 ft) |
ৰাষ্ট্ৰ | |
জনগাঁথনি | |
জনসংখ্যা | 0 |
ঘনবসতি | 0.00 /km2 (0 /sq mi) |
অতিৰিক্ত তথ্য | |
প্ৰশাসনিক ৱেবছাইট | www |
বেৰেন আগ্নেয়গিৰি | |
---|---|
অৱস্থান | |
অৱস্থিতি | আন্দামান দ্বীপপুঞ্জ, ভাৰত |
ভূতত্ত্ব | |
প্ৰকাৰ | পাইৰ'ক্লাষ্টিক শংকুৰে সৈতে মিশ্ৰিত আগ্নেয়গিৰি |
শেহতীয়া উদ্গীৰণ | ২০১৯[1] |
বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।[2][3][4][5] ইয়াৰ লগতে ই সুমাত্ৰাৰ পৰা ম্যানমাৰলৈ বিস্তৃত আগ্নেয়গিৰি শ্ৰেণীৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি।[6] শেহতীয়াকৈ ২০১৯ চনত বেৰেন আগ্নেয়গিৰি উদ্গীৰণ হৈছিল। ই ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত আৰু ৰাজধানী পোৰ্ট ব্লেয়াৰৰ পৰা ১৩৮ কিলোমিটাৰ নিলগত অৱস্থিত।
১৭৮৭ পোনপ্ৰথমবাৰৰ বাবে বেৰেন দ্বীপৰ আগ্নেয়গিৰি উদ্গীৰণ লিপিবদ্ধ কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে দহবাৰতকৈ বেছি উদ্গীৰণ হৈছে।[7] প্ৰথম উদ্গীৰণ লিপিবদ্ধ কৰাৰ পিছত ১৭৮৯, ১৭৯৫, ১৮০৩, ১৮০৪ আৰু ১৯৫২ চনত উদ্গীৰণ দেখা গৈছিল। তাৰপিছত প্ৰায় এটা শতিকা সুপ্ত অৱস্থাত থকাৰ পিছত ১৯৯১ চনত পুনৰাই ছমাহ ধৰি উদ্গীৰণ সংঘটিত হৈছিল।s and caused considerable damage.[8][9]
১৯৯১ চনত উদ্গীৰণত বিশেষকৈ দ্বীপৰ প্ৰাণীকুল ক্ষতিগ্ৰস্ত হৈছিল। ভাৰতীয় ভৌগোলিক সমীক্ষাৰ এটা দলে ১৯৯১ চনৰ ৮-৯ এপ্ৰিল তাৰিখে উদ্গীৰণৰ বিস্তৃতি, অভ্যাস আৰু প্ৰাণীকুলৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈছিল। তেওঁলোকৰ সমীক্ষাত দ্বীপত পোৱা চৰাইৰ প্ৰজাতি আৰু সংখ্যা দুয়োটা কম পাইছিল। তাৰপিছত ১৯৯৪, ১৯৯৫, ২০০৫ আৰু ২০০৭ চনত উদ্গীৰণ সংঘটিত হৈছিল।[8][10]
২০১৭ চনৰ ২৩ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সমুদ্ৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলে এই আগ্নেয়গিৰিৰ উদ্গীৰণ লক্ষ্য কৰে।[11][12][13] শেহতীয়াকৈ ২০১৯ চনত এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল।
আৰ্গন-আৰ্গন ডেটিং প্ৰক্ৰিয়াৰে বিজ্ঞানী সকলে এই আগ্নেয়গিৰি ১.৬ মিলিয়ন বৰ্ষ পুৰণি বুলি নিৰ্ণয় কৰিছে। প্ৰায় ১০৬ মিলিয়ন বৰ্ষ পুৰণি মহাসাগৰীয় খাদত এই আগ্নেয়গিৰি অৱস্থিত।[14] সকলো লিপিবদ্ধ উদ্গীৰণ আগ্নেয়গিৰি উদ্গীৰণ সূচাংক মতে কম।[6]
ভূতাত্বিকভাবে এই দ্বীপ সুমাত্ৰা-ম্যানমাৰ আগ্নেয়বলয় আৰু ইণ্ডো-অষ্ট্ৰেলিয়া ফলক আৰু বাৰ্মা ফলকৰ মাজত অৱস্থিত। এই অঞ্চলতে আন এটা সুপ্ত আগ্নেয়গিৰি নাৰকন্দাম দ্বীপত অৱস্থিত। ১৭৮৯ চনৰ পৰা উদ্গীৰিত আগ্নেয়গিৰিটো কেৱল জাগ্ৰত পলিজেনেটিক চিন্দাৰ শংকু। ই এক মিশ্ৰিত আগ্নেয়গিৰি। ইয়াৰ সাগৰপৃষ্ঠৰ পৰা সৰ্বাধিক উচ্চতা ৩৫৩ মিটাৰ আৰু বেছিভাগ আগ্নেয়গিৰি সাগৰৰ পানীৰ তলত অৱস্থিত। দ্বীপটোৰ ব্যাস প্ৰায় ৩ কিলোমিটাৰ আৰু মাটিকালি প্ৰায় ৮.৩৪ বৰ্গ কিলোমিটাৰ।[15]
ইংৰাজীত ইয়াৰ নাম বেৰেন মানে অনুৰ্বৰ। ইয়াৰ বেছিভাগ অঞ্চল অনুৰ্বৰ।[6] ইয়াত মানুহৰ জনবসতি শূণ্য যদিও কিছুসংখ্যক বনৰীয়া ছাগলী দেখা যায়।[16] ইয়াৰ লগতে কিছুসংখ্যক চৰাই, বাদুলী আৰু কিছু নিগনি জাতীয় জীৱৰ ই বাসস্থান।[17]
বেৰেন দ্বীপৰ চাৰিওফালৰ সাগৰীয় অঞ্চল বিশ্বৰ শ্ৰেষ্ঠ স্কুবা ডাইভিং স্থলৰ অন্যতম হিচাপে বিখ্যাত। ইয়াৰ উল্লেখযোগ্য আকৰ্ষণসমূহ হৈছে সুস্পষ্ট দৰ্শনশীলতা, মাণ্টা ৰে নামৰ সাগৰীয় মাছ, বেচাল্ট শিলৰ গাঁথনি, পুৰণি লাভাৰ টপ'গ্ৰাফী আৰু সোনকালে বৃদ্ধি হোৱা কৰাল বাগিচা। এই স্থান মানুহৰ বসতিৰ পৰা অলপ নিলগত হোৱা বাবে স্কুবা অপেৰেটৰ সকল মূলতঃ ওচৰৰ হেভলক দ্বীপৰ। [18][19]