বৈজয়ন্তী চাৰী | |
---|---|
জন্ম | ১৯৫৮ |
ক্ষেত্ৰ | গণিত |
কৰ্মস্থান | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৰিভাৰচাইড |
শিক্ষানুষ্ঠান | মুম্বাই বিশ্ববিদ্যালয |
ডক্তৰেল পৰামৰ্শদাতা | ৰাজাগোপালন পাৰ্থসাৰথি |
জনা যায় | উপস্থাপন-তত্ত্ব, কোৱাণ্টাম বীজগণিত |
বৈজয়ন্তী চাৰী (ইংৰাজী: Vyjayanthi Chari; জন্ম: ১৯৫৮)[1] হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।[2]
চাৰীয়ে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।[2] তেখেতে গৱেষণা কৰিছিল ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত।[3]
এন্দ্ৰিউ এন. প্ৰেছলিৰ সৈতে যুটীয়াভাৱে তেখেতে "এ গাইড টু কোৱাণ্টাম গ্ৰুপছ্" নামৰ গ্ৰন্থখন প্ৰণয়ণ কৰে। কিতাপখন কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৯৯৪ চনত প্ৰকাশ কৰিছিল।[4]
ৰাজাগোপালন পাৰ্থসাৰথিৰ অধীনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ সময়ত চাৰী টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী সদস্য আছিল।[3] ১৯৯১ চনত তেখেতে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত(UCR) যোগদান কৰে। তেখেতে বহুকেইটা অনাৱাসিক পদত কৰ্মনিৰ্বাহ কৰিছে। তাৰে ভিতৰত আছে: ছুইডেনৰ মিটাগ-লেফলাৰ প্ৰতিষ্ঠানত জ্যেষ্ঠ অংশগ্ৰহণকাৰী; জাৰ্মানীৰ কলন বিশ্ববিদ্যালয়ত আমন্ত্ৰিত অধ্যাপক; পেৰিছ ৭, ফ্ৰান্সত আমন্ত্ৰিত অধ্যাপক; ৰ'ড আইলেণ্ডত থকা ব্ৰাউন বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত গৱেষক-সদস্য হিচাপে; বন, জাৰ্মানীৰ হ'ছড্ৰফ গৱেষণা প্ৰতিষ্ঠানলৈ আমন্ত্ৰিত জ্যেষ্ঠ অংশগ্ৰহণকাৰী হিচাপে; ইটালীৰ ৰোম টাৰ ভাৰগাটা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত অধ্যাপক। [5]
তেখেত "পেছিফিক জাৰ্ণেল অৱ মেথেমেটিকছ্" আৰু "এলজেব্ৰাছ্ এণ্ড ৰিপ্ৰেজেণ্টেছন থিয়ৰি"ৰ সম্পাদনাৰ লগতো জড়িত আছিল।