বিশ্বমাৰী হৈছে এনে এক মহামাৰী যি আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি এনে পৰ্যায়ত পাদুৰ্ভাৱ ঘটে যে সাধাৰণতে বিশ্বব্যাপী মানুহক প্ৰভাবিত কৰে।[1] কেবল ব্যাপক আকাৰ ধাৰণ কৰা বা বহু মানুহৰ মৃত্যু ঘটালেই কোনো ৰোগ বা অবস্থা বিশ্বমাৰী নহয়; ইয়াৰ বাবে ই সংক্ৰামক হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, কৰ্কট ৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি অনেক লোকৰ মৃত্যু হয়, কিন্তু ই বিশ্বমাৰী নহয় কাৰণ এই ৰোগ সোঁচৰা বা সংক্ৰামক নহয়।[2]
২০০৮ চনৰ মতে ৰাষ্ট্ৰ অনুহৰি এইডছ আক্ৰান্ত প্ৰান্তবয়স্কৰ আনুমানিক প্ৰাদুৰ্ভাব
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত[3]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। [4] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।[4] এইড্ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ। পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ।[5]
এইড্ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ।[6]
অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। [7]
↑Miri, Seyyed Mohammad; Roozbeh, Fatemeh; Omrani Rad, Ali; Alavian, Seyed Moayed (16 March 2020). "Panic of Buying Toilet Papers: A Historical Memory or a Horrible Truth? Systematic Review of Gastrointestinal Manifestations of COVID-19". Hepatitis Monthly খণ্ড In Press (In Press). doi:10.5812/hepatmon.102729. ISSN1735-143X.