ব্যক্তিত্ব (ইংৰাজী: Personality) হৈছে জৈৱিক আৰু পৰিৱেশগত কাৰকৰ পৰা গঠিত আচৰণ, জ্ঞান আৰু আৱেগিক আৰ্হিৰ বৈশিষ্ট্যপূৰ্ণ সমষ্টি, আৰু যিবোৰ সময়ৰ লগে লগে সলনি হয়।[1][2] ব্যক্তিত্বৰ কোনো সাধাৰণভাৱে একমত সংজ্ঞা নাই যদিও বেছিভাগ তত্ত্বই কোনোবাই আগুৰি থকা পৰিৱেশৰ সৈতে প্ৰেৰণা আৰু মানসিক পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[3] ৰেমণ্ড কেটেলে সংজ্ঞায়িত কৰা বৈশিষ্ট্যভিত্তিক ব্যক্তিত্ব তত্ত্বই ব্যক্তিত্বক ব্যক্তিৰ আচৰণৰ ভৱিষ্যদ্বাণী কৰা বৈশিষ্ট্য হিচাপে সংজ্ঞায়িত কৰে। আনহাতে, অধিক আচৰণভিত্তিক পদ্ধতিয়ে শিক্ষণ আৰু অভ্যাসৰ জৰিয়তে ব্যক্তিত্বক সংজ্ঞায়িত কৰে। তথাপিও বেছিভাগ তত্ত্বই ব্যক্তিত্বক তুলনামূলকভাৱে সুস্থিৰ বুলি ভাবে।
ব্যক্তিত্বৰ মনোবিজ্ঞানৰ অধ্যয়নক ব্যক্তিত্ব মনোবিজ্ঞান বুলি কোৱা হয়, ইয়াত আচৰণৰ পাৰ্থক্যৰ আধাৰত থকা প্ৰৱণতাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়াস কৰা হৈছে। মনোবিজ্ঞানীসকলে ব্যক্তিত্বৰ অধ্যয়নৰ ক্ষেত্ৰত জৈৱিক, জ্ঞানমূলক, শিক্ষণ, আৰু বৈশিষ্ট্যভিত্তিক তত্ত্বসমূহৰ লগতে মনোগতিশীল, মানৱতাবাদী পদ্ধতিসমূহকে ধৰি বহুতো ভিন্ন পদ্ধতি গ্ৰহণ কৰিছে। ব্যক্তিত্ব অধ্যয়নৰ বাবে আজি ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহে এই ক্ষেত্ৰখনৰ প্ৰথম তত্ত্ববিদসকলৰ প্ৰভাৱ প্ৰতিফলিত কৰে, যিটো গোটত চিগমাণ্ড ফ্ৰয়েড, আলফ্ৰেড এডলাৰ, গৰ্ডন অলপ’ৰ্ট, হান্স আইচেংক, আব্ৰাহাম মাছল’, কাৰ্ল ৰজাৰ্ছ আদি অন্তৰ্ভুক্ত।
বিভিন্ন পৰীক্ষাৰ জৰিয়তে ব্যক্তিত্ব নিৰ্ণয় কৰিব পাৰি। ব্যক্তিত্ব এটা জটিল ধাৰণা হোৱাৰ বাবে ব্যক্তিত্বৰ মাত্ৰা আৰু এনে পৰীক্ষাৰ স্কেলৰ ভিন্নতা থাকে আৰু প্ৰায়ে ইয়াৰ সংজ্ঞা নিৰূপণ নহয়। ব্যক্তিত্ব জুখিবলৈ দুটা মূল আহিলা হ’ল বস্তুনিষ্ঠ পৰীক্ষা আৰু প্ৰক্ষেপণমূলক পৰিমাপ। এনে পৰীক্ষাৰ উদাহৰণ হ’ল: বিগ ফাইভ ইনভেণ্টৰী (BFI), মিনেছ’টা মাল্টিফেজিক পাৰ্চনেলিটি ইনভেণ্টৰী (MMPI-2), ৰ’ৰশ্বাচ ইংকব্লট পৰীক্ষা, নিউৰ’টিক পাৰ্চনেলিটি প্ৰশ্নাৱলী KON-2006,[4] বা আইচেংকৰ ব্যক্তিত্ব প্ৰশ্নাৱলী (EPQ-R)। এই সকলোবোৰ পৰীক্ষা উপকাৰী কাৰণ ইয়াৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা দুয়োটা আছে, দুটা কাৰকে এটা পৰীক্ষাক সঠিক কৰি তোলে। "প্ৰতিটো বস্তুৰ অন্তৰ্নিহিত বৈশিষ্ট্য নিৰ্মাণৰ দ্বাৰা কিছু পৰিমাণে প্ৰভাৱিত হ'ব লাগে, ইতিবাচক আন্তঃসম্পৰ্কৰ আৰ্হিৰ জন্ম দিব লাগে যেতিয়ালৈকে সকলো বস্তু একে দিশতে অভিমুখী (শব্দযুক্ত) থাকে।"[5] এটা শেহতীয়া, কিন্তু সুপৰিচিত নহয় , মনোবিজ্ঞানীসকলে ব্যৱহাৰ কৰা জোখ-মাখৰ সঁজুলিটো হ’ল 16PF। ইয়াত কেটেলৰ ১৬টা কাৰকৰ ব্যক্তিত্ব তত্ত্বৰ ভিত্তিত ব্যক্তিত্ব জুখিব পৰা যায়। মনোবিজ্ঞানীসকলে ইয়াক মানসিক বিকাৰ নিৰ্ণয় কৰিবলৈ আৰু পূৰ্বাভাস আৰু চিকিৎসা পৰিকল্পনাত সহায় কৰিবলৈ ক্লিনিকেল জোখ-মাখৰ আহিলা হিচাপেও ব্যৱহাৰ কৰে।[6]
ব্যক্তিত্বক সঘনাই কাৰক বা মাত্ৰাত বিভক্ত কৰা হয়, কাৰক বিশ্লেষণৰ জৰিয়তে বৃহৎ প্ৰশ্নাৱলীৰ পৰা পৰিসংখ্যাগতভাৱে উলিওৱা হয়। দুটা মাত্ৰালৈ ঘূৰাই অনাৰ সময়ত প্ৰায়ে অন্তৰ্মুখী-বহিৰ্মুখী আৰু স্নায়ুতন্ত্ৰ (আৱেগিকভাৱে অস্থিৰ-স্থিতিশীল)ৰ মাত্ৰাসমূহ ১৯৬০ চনত আইচেংকে প্ৰথম প্ৰস্তাৱ কৰা ধৰণে ব্যৱহাৰ কৰা হয়।