ব্যষ্টিবাদী অৰ্থনীতি হ'ল অৰ্থনীতিৰ এটি ভাগ যাৰ বিষয়বস্তু ব্যক্তি তথা ব্যৱসায়ৰ নিৰ্ণয় প্ৰক্ৰিয়া, বিশেষকৈ দুৰ্লভ সামগ্ৰীৰ বিতৰণৰ ক্ষেত্ৰত। নিৰ্ণয় গ্ৰহণ প্ৰক্ৰিয়াৰ লগতে তেনে নিৰ্ণয়গ্ৰহণকাৰীসকলৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াও ব্যষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা হয়।[1][2][3] ব্যষ্টিবাদী অৰ্থনীতিয়ে বিশেষভাৱে ব্যক্তিকেন্দ্ৰিক ভংগীৰে বজাৰ, উপভোক্তা, উৎপাদক আৰু অন্যান্য বিষয় অধ্যয়ন কৰে, যাৰ বিপৰীতে সমষ্টিবাদী অৰ্থনীতিত অৰ্থব্যৱস্থাক সামগ্ৰিকভাৱে অধ্যয়ন কৰা হয়।
ব্যষ্টিবাদী অৰ্থনীতিৰ এটি মুখ্য উদ্দেশ্য হ'লে এই কথা অধ্যয়ন কৰা যে কোনো বজাৰত তুলনাত্মক মূল্য কেনেদৰে নিৰ্ণয় হয়, যেতিয়া বিৰল পণ্যক অনেকৰ মাজৰ বিতৰিত কৰিবলগীয়া হয়। ই এনে চৰ্তসমূহৰ সন্ধান কৰে যাৰ পূৰ্তিত বজাৰে নিৰ্ণয় কৰা বিতৰণ দক্ষ হয়, আৰু এই কথাও অধ্যয়ন কৰে যে চৰ্তসমূহ পূৰ্ণ নহ'লে কেনে ধৰণৰ অদক্ষতা দেখা দিব।
ব্যষ্টিবাদী অৰ্থনীতিত বিভিন্ন ব্যষ্টিবাদী স্তৰৰ অৰ্থনৈতিক নীতি আৰু সিহঁতৰ প্ৰভাৱো অধ্যয়ন কৰা হয়, যেনে কৰ, ৰাজসাহায্য, সৰ্বাধিক বা সৰ্বনিম্ন আইনীভাৱে নিৰ্ধাৰিত মূল্য, বিক্ৰীৰ পৰিমাণৰ ওপৰত বাধা আদিৰ উপভোক্তা, উৎপাদক আদিৰ ওপৰত প্ৰভাৱ।[4]
ব্যষ্টিবাদী অৰ্থনীতিক প্ৰায় অৰ্থনৈতিক তত্ত্বৰ আধাৰ জ্ঞান কৰা হয় আৰু সমষ্টিবাদী অৰ্থনীতিৰ তত্ত্বসমূহকো ব্যষ্টিবাদী তত্ত্বৰ সহায়ত ভেটি প্ৰদান কৰা হয়।
ব্যষ্টিবাদী অৰ্থনীতি সংস্কৃত "ব্যষ্টি" অৰ্থাৎ "ব্যক্তি" শব্দৰ পৰা অহা,[5] সেয়ে, ব্যষ্টিবাদী অৰ্থনীতিত সামগ্ৰিকভাৱে গোটেই অৰ্থনীতিক নহয়, এক এক অৰ্থনৈতিক নিৰ্ণয়গ্ৰহণকাৰী আৰু তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াক অধ্যয়ন কৰা হয়। ইংৰাজী প্ৰতিশব্দ "মাইক্ৰইকনমিক্স" আহিছে গ্ৰীক "মিক্ৰছ"ৰ পৰা, যাৰ অৰ্থ "ক্ষুদ্ৰ"।[6] ব্যষ্টিবাদী অৰ্থনীতিত অৰ্থব্যৱস্থাক সৰু সৰু ভাগত বিভক্ত কৰি সেই ভাগসমূহক অধ্যয়ন কৰা হয়, আৰু সেই ভাগসমূহৰ পৰস্পৰৰ সৈতে সম্বন্ধৰ ফল হিচাপেহে অৰ্থব্যৱস্থাক অধ্যয়ন কৰা হয়।[7]
ঐতিহাসিকভাৱে, ব্যষ্টিবাদী অৰ্থনীতি ১৮৭৪ চনত লিয়ন ৱালৰাছে নিজৰ গ্ৰন্থ "এলিমেণ্টছ অৱ প্য'ৰ ইকনমিক্স"ত আগবঢ়োৱা সাধাৰণ সাম্যাৱস্থা তত্ত্ব[8] আৰু ১৮৮০ত আলফ্ৰেড মাৰ্ছেলে নিজৰ গ্ৰন্থ "প্ৰিঞ্চিপল্স অৱ ইকনমিক্স"ত আগবঢ়োৱা আংশিক সাম্যাৱস্থা তত্ত্বৰ[9] সহায়ত অধ্যয়ন কৰা হৈ আহিছে। আংশিক সাম্যাৱস্থা তত্ত্বসমূহত কোনো বজাৰক আন বজাৰৰ প্ৰভাৱৰ পৰা মুক্ত জ্ঞান কৰি অধ্যয়ন কৰা হয়[10] আৰু সাধাৰণ সাম্যাৱস্থা তত্ত্বত অৰ্থব্যৱস্থাত থকা প্ৰত্যেক বজাৰৰ ইটোৰ আনটোৰ ওপৰত প্ৰভাৱ মনত ৰাখি উমৈহতীয়া সাম্যাৱস্থা অধ্যয়ন কৰা হয়।[11]
নব্য-ধ্ৰুপদী ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন আৰম্ভ হয় এটি যুক্তিসংগত ব্যক্তিৰ নিৰ্ণয় গ্ৰহণৰ সমস্যাৰে।[12] অৰ্থনীতিত যুক্তিসংগতিয়ে এই কথা বুজায় যে ব্যক্তিৰ পচন্দসমূহ স্থবিৰ: ই সম্পূৰ্ণ আৰু সংক্ৰামিক।[13] তেনে হ'লে, কিছু বহল চৰ্তৰ পূৰ্তিত ব্যক্তিৰ পচন্দসমূহক এটি উপযোগিতা ফলনেৰে প্ৰতিনিধিত্ব দিব পৰা যায়, যাতে সেই ব্যক্তিয়ে এনেদৰে ব্যৱহাৰ কৰে যেন সেই ফলন বৃহদায়িত কৰিবলৈহে তেওঁ সকলো নিৰ্ণয় গ্ৰহণ কৰে।
পচন্দ বা অগ্ৰাধিকাৰ সম্বন্ধৰ নিৰন্তৰতাই উপযোগিতা ফলনৰ অস্তিত্ব নিশ্চিত কৰে।[14] যদিও এই চৰ্তৰ অবিহনেও ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন সম্ভৱ, এই চৰ্ত পূৰ্ণ নহ'লে তুলনাত্মক স্থায়িত্বৰ অধ্যয়ন খুব কঠিন।
ব্যষ্টিবাদী অৰ্থনীতিত তাৰ পাছত এটি প্ৰতিযোগিতামূলক বাজেট সংহতি সংজ্ঞায়িত কৰা হয়, যি উপভোগ সংহতিৰ উপ-সংহতি। এই অৱস্থাত সাধাৰণতে ধৰি লোৱা হয় যে অগ্ৰাধিকাৰ সম্বন্ধ স্থানীয়ভাৱে অতৃপ্ত। এই চৰ্তৰ অবিহনে এই কথাৰ কোনো নিশ্চিতি নাই যে ব্যগতিগত উপযোগিতাৰ যুক্তিসংগত বৃদ্ধি দেখা যাব। তাৰ পাছতে উপযোগিতা বৃহদায়নৰ সমস্যাক সংজ্ঞায়িত কৰা হয়। ই এটি বাধিত বৃহদায়নৰ সমস্যা, যাৰ কোনো কোন চৰ্তৰ পূৰ্তিত, চৰম মূল্য উপপাদ্যৰ মতে, সমাধান আছে। এই সমাধানকে উপভোক্তাৰ চাহিদা বোলা হয়।[15]
উপৰ্যুক্ত বিশ্লেষণ উপভোক্তাৰ আচৰণৰ তত্ত্বৰ ভেঁটি। এই বিশ্লেষণৰ বৈজ্ঞানিক প্ৰয়োগৰ উপৰিও দাৰ্শনিক প্ৰয়োগ আছে। যদি ব্যক্তিক এনেদৰে ব্যাখ্যা কৰিব পৰা যায় যে তেওঁ নিজৰ পচন্দ অনুযায়ী নিৰ্ণয় গ্ৰহণ কৰিছে, তেন্তে ই "কি" আৰু "কেনেকৈ" নিৰ্ণয় গ্ৰহণ কৰা হয়, তাৰ উপৰিও "কিয়" নিৰ্ণয় গ্ৰহণ কৰা হয়, সেই কথা বুজাব পাৰে। তদুপৰি, এই বিশ্লেষণে "কল্যাণ"ৰ বিশ্লেষণৰো ভেঁটি প্ৰদান কৰে, কাৰণ উপযোগিতা বৃদ্ধিক কল্যাণৰ বৃদ্ধি হিচাপে চাব পৰা যায়।[16]
পিচে, এই বিশ্লেষণৰ এক অন্য ৰূপো আছে, যি বৈজ্ঞানিকভাৱে আৰু গাণিতিকভাৱে ওপৰৰ বিশ্লেষণৰ সমতুল্য, কিন্তু দাৰ্শনিকভাৱে যাৰ বিশ্লেষণ পৃথক। এই ৰূপক "প্ৰকাশিত অগ্ৰাধিকাৰ তত্ত্ব" বোলা হয়। এই তত্ত্বত পচন্দৰ ওপৰত নহয়, বৰং পোণপটীয়াকৈ চয়ন ব্যৱহাৰৰ ওপৰত চৰ্ত আৰোপ কৰা হয়। প্ৰকাশিত অগ্ৰাধিকাৰৰ দুৰ্বল স্বয়ংসিদ্ধৰ সহায়ত ওপৰৰ বিশ্লেষণৰ সমকক্ষ বৈজ্ঞানিক ফল পোৱা যায়।[17] কিন্তু এই ৰূপত, ব্যক্তিৰ পচন্দক কেৱল চয়ন ব্যৱহাৰ বুজাবলৈ ব্যৱহাৰ কৰা সজুলিহে গণ্য কৰা হয়, আৰু সেয়ে কল্যাণৰ অধ্যয়ন অসম্ভৱ হৈ পৰে। তদুপৰি, এই ৰূপত নিৰ্ণয় "কিয়" গ্ৰহণ কৰা হ'ল তাৰ কোনো ব্যাখ্যা প্ৰদান কৰা নহয়, কেৱল কি নিৰ্ণয় গ্ৰহণ কৰা হ'ব আৰু বিভিন্ন নিৰ্ণয়ৰ মাজৰ সম্বন্ধ কি হ'ব সেই কথাহে বুজোৱা হয়।
একেদৰেই উৎপাদকৰো নিৰ্ণয় সমস্যাক অধ্যয়ন কৰা হয়। উৎপাদকৰ ব্যৱহাৰ ভিন ভিন বজাৰত ভিন ভিন হয়।
যোগান আৰু চাহিদাৰ তত্ত্বত ধৰি লোৱা হয় যে বজাৰত পূৰ্ণ প্ৰতিযোগিতা আছে: বজাৰত বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা আছে, আৰু সেয়ে, কোনোৱেই বজাৰ মূল্যক অকলে প্ৰভাৱিত কৰিব নোৱাৰে। যোগান আৰু চাহিদাৰ সমতা যি পৰিস্থিতিত দেখা যায় সেয়াই বজাৰৰ সাম্যাৱস্থা। চিত্ৰত এই অৱস্থাক যোগান আৰু চাহিদা ৰেখাৰ কৰ্তনেৰে দেখোৱা হয়। যোগান বৃদ্ধি পালে মূল্য হ্ৰাস পায় কিন্তু বিক্ৰী হোৱা পৰিমাণ বৃদ্ধি পায়। চাহিদা বৃদ্ধি পালে মূল্য আৰু বিক্ৰী হোৱা পৰিমাণ দুয়োৱে বৃদ্ধি পায়।[18]
পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত ফল সদায় অৰ্থনৈতিকভাৱে দক্ষ হয় আৰু এনে বজাৰত চৰকাৰে হস্তক্ষেপ কৰা কাৰ্য দক্ষতাৰ দৃষ্টিৰ পৰা অবাঞ্চনীয়।[19] পিচে পূৰ্ণ প্ৰতিযোগিতাৰ চৰ্ত বাস্তৱ জগতত প্ৰায় পূৰ্ণ নহয়। তেনে অৱস্থাক বজাৰ বিফলতা বোলা হয়।[20] বজাৰ বিফলতা কেইবাপপ্ৰকাৰৰো হ'ব পাৰে। যদি কোনো পণ্যৰ উপযোগিতা কেৱল দাম দিয়া উপভোক্তাইহে নাপায়, বা ব্যয় কেৱল বিক্ৰী কৰা উৎপাদকেহে ব'বলগীয়া নহয়, তেন্তে বজাৰত বাহ্যিকতা দেখা যায়, যি এক প্ৰকাৰৰ বজাৰ বিফলতা।[21] কম সংখ্যক ক্ৰেতা বা বিক্ৰেতা থাকিলে বজাৰত আন এক প্ৰকাৰৰ বিফলতা দেখা যায় যাক বজাৰ শক্তি বোলা হয়।[22] বজাৰত পূৰ্ণ তথ্য নথকা অৱস্থাও এটি বিফলতা।[23] ঠিক তেনেদৰে, সম্পত্তিৰ অধিকাৰ সুসংজ্ঞায়িত নহ'লে, বা কম খৰচত পূৰ্ণৰূপে সুৰক্ষিত নহ'লে বজাৰ বিফল হয়।[24] বজাৰ বিফলতাৰ উপস্থিতিত বজাৰৰ ফল দক্ষ নহয়। তেনে অৱস্থাত কল্যাণ বৃহদায়িত কৰিবলৈ চৰকাৰে হস্তক্ষেপ কৰিবলগীয়া হ'ব পাৰে। তদুপৰি, সম্পূৰ্ণৰূপে দক্ষ বজাৰতো চৰকাৰী দখল কোনো কোনো পৰিস্থিতিত বাঞ্চনীয় হ'ব পাৰে যদিহে দক্ষতাৰ ওপৰতো আন উদ্দেশ্য ইচ্ছিত, যেনে সমতা।[25]
ভিন ভিন বজাৰৰ গুণাগুণক ঔদ্যোগিক ব্যৱস্থাপনত (industrial organisation) অধ্যয়ন কৰা হয়।[26]
বজাৰ বিফলতাৰ অধ্যয়ন প্ৰায় খেল তত্ত্বৰ সহায়ত কৰা হয়।
সাধাৰণ সাম্যাৱস্থা কিছু বহল চৰ্তৰ পূৰ্তিত অস্তিত্বত থাকে।[27] ৱালৰাছীয় সাধাৰণ সাম্যাৱস্থাও দক্ষ।[28] কিন্তু সাধাৰণ সাম্যাৱস্থা স্থিৰ নহ'বও পাৰে। তদুপৰি, ই অতিকৈ বহল ভৱিষ্যদ্বাণী প্ৰদান কৰে।[29]
যেতিয়া একাধিক নিৰ্ণয়গ্ৰহণকাৰীৰ নিৰ্ণয়ে ইটোৱে সিটোক প্ৰভাৱিত কৰে, তেনে পৰিস্থিতি অধ্যয়ন কৰিবলৈ খেল তত্ত্বৰ ব্যৱহাৰ কৰা হয়।[30] ভন নয়মেন আৰু মৰ্গেনষ্টাৰ্ণে এই তত্ত্বৰ অধ্যয়ন আৰম্ভ কৰিছিল দুগৰাকী খেলুৱৈ থকা শূন্য যোগফলৰ খেল বুজিবলৈ।[31] জন নাশ্বে প্ৰভাৱশালী নাশ্ব সাম্যাৱস্থাৰ ধাৰণা দিছিল যিয়ে এক বহল শ্ৰেণীৰ খেলত ফলাফলৰ ভৱিষ্যদ্বাণীত সহায় কৰে।[32] হাৰ্ছান্য়ি আদিয়ে অসম্পূৰ্ণ তথ্যৰ খেল অধ্যয়ন কৰাত সহায় কৰিছিল। উপৰ্যুক্ত খেলসমূহ অসহযোগিতামূলক।
যেতিয়া খেলুৱৈসকলে বাধ্য চুক্তি মানি চলিব পাৰে, তেন্তে সেই পৰিস্থিতি সহযোগিতামূলক খেল তত্ত্বত বুজোৱা হয়।[33] এই তত্ত্বত এই কথা অধ্যয়ন কৰা হয় যে কাকো নিজৰ হিতৰ বিৰুদ্ধে যাবলৈ বাধ্য নকৰাকৈ কেনেদৰে এনে চুক্তি তৈয়াৰ কৰিব পৰা যায় যে সকলো মান্তি হওক আৰু সামাজিক কল্যাণ বৃহদায়িত হওক।
খেল তত্ত্বৰ প্ৰয়োগ দাম-দৰ কৰা কাৰ্যৰ অধ্যয়নতো ব্যৱহাৰ হয়। তদুপৰি, ই ৰাজহুৱা সম্পত্তিৰ ব্যৱহাৰ, প্ৰদূষণ, যুদ্ধ, বিবাহ, প্ৰেম, জীৱবৈজ্ঞানিক ক্ৰমবিকাশ, কম্পিউটাৰ প্ৰগ্ৰেমিং, কৃত্ৰিম বুদ্ধিমত্তাতো ব্যৱহাৰ কৰা হয়।
চুক্তি তত্ত্ব[34] (contract theory) আৰু পদ্ধতি নিৰ্মাণ[35] (mechanism design) দুই অত্যন্ত প্ৰভাৱশালী কাৰ্যক্ষেত্ৰ য'ত খেল তত্ত্বৰ ব্যৱহাৰ কৰা হয়।
ব্যক্তিগত চয়ন কাৰ্যৰ সামাজিক ৰূপ অধ্যয়ন কৰা হয় সামাজিক চয়ন তত্ত্বত।[36] এই তত্ত্বত সামাজিক স্তৰত যুক্তিসংগতিৰ উপৰিও আন ইচ্ছিত গুণাগুণ অধ্যয়ন কৰা হয়, যেনে গণতন্ত্ৰ আৰু দক্ষতা। এৰ'ৰ বিখ্যাত অসম্ভৱতা উপপাদ্যৰ মতে কিছু বহল চৰ্তৰ পূৰ্তিত, কোনো যুক্তিসংগত সামাজিক অগ্ৰাধিকাত সম্বন্ধ সংজ্ঞায়িত কৰিব পৰা নাযায়।[37] ই সমাজক ব্যৱস্থিত কৰাৰ মৌলিক অৱধাৰণাসমূহ আৰু সিহঁতৰ সম্বন্ধক অধ্যয়ন কৰে। উদাহৰণ স্বৰূপে মে'ৰ উপপাদ্যত সংখ্যাগড়িষ্ঠতা-ভিত্তিক নিৰ্বাচনৰ ফলাফল আৰু গুণাগুণ ব্যাখ্যা হৰা হৈছে।[38] সেনৰ উপপাদ্যত ৰাজনৈতিক উদাৰতাবাদকাৰু অৰ্থনৈতিক দক্ষতাৰ সম্বন্ধ নিৰ্ধাৰিত কৰা হৈছে ইত্যাদি।[39]
ব্যষ্টিবাদী অৰ্থনীতিৰ নিৰ্ণয় আৰু খেল তত্ত্বক বজাৰৰ বাহিৰেও আন অনেক বস্তু অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে ৰাজনৈতিক নিৰ্বাচন, বিবাহ, যুদ্ধ আদি। এনে ব্যৱহাৰত খেল তত্ত্ব সঘনে ব্যৱহাৰ কৰা হয়। ৰাজনৈতিক অৰ্থনীতিত এই কথা অধ্যয়ন কৰা হয় যে ভোটদাতাই কেনেদৰে এই কথা নিৰ্ণয় কৰে যে কাক ভোট দিব, ৰাজনৈতিক দলে কেনেদৰে নিৰ্ণয় কৰে কি কি নীতি সমৰ্থন কৰিব, নিৰ্বাচনৰ ফলাফলৰ গুণাগুণ আদি।[40] স্বাস্থ্য অৰ্থনীতিত ঔষধৰ যোগানৰ সুকীয়া সমস্যা, পেটেণ্টৰ গুণাগুণ আদি অধ্যয়ন কৰা হয়।[41] পৰিয়াল অৰ্থনীতিত এই কথা অধ্যয়ন কৰা হয় যে কি কি কাৰণত বিবাহ হয়, পৰিয়ালৰ ভিতৰত আয় কেনেদৰে বিতৰণ কৰা হয়, শ্ৰমৰ বিভাজন কিয় আৰু কেনেকৈ হয় ইত্যাদি।[42] সামাজিক জালৰ অৰ্থনীতিত অধ্যয়ন কৰা হয় যে ব্যক্তিগত সম্বন্ধ কেনেদৰে গঢ়ি উঠে আৰু কিদৰে সময়ৰ সৈতে সলনি হয়।[43] এই ব্যক্তিগত সম্বন্ধসমূহে কেনেকৈ এখন সমাজ গঢ়ি তুলে ইত্যাদি। আন্তৰ্জাতিক সম্বন্ধত অধ্যয়ন কৰা হয় যে কোনো দেশ যুদ্ধত কেতিয়া যাব আৰু কূটনৈতিক স্থিতি কেতিয়া গ্ৰহণ কৰিব, অস্ত্ৰ-শস্ত্ৰৰ নিৰ্মাণ কেতিয়া বৃদ্ধি কৰিব ইত্যাদি।[44]
অৰ্থনীতিবিদসকলে প্ৰায় নিজকে নাইবা ব্যষ্টিবাদী নহ'লে সমষ্টিবাদী গণ্য কৰে। এই বিভাজন খুব স্পম্ভৱ ১৯৩৩ চনত নৰ্ৱে'ৰ অৰ্থনীতিবিদ ৰাগ্নাৰ ফ্ৰিশ্চে আগবঢ়াইছিল। তেওঁ ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হোৱা অৰ্থনীতিৰ নোবেল বঁটাৰ প্ৰাপক।[45][46] পিচে, ফ্ৰিশ্চে নিজেই কেতিয়াও "ব্যষ্টিবাদী অৰ্থনীতি" শব্দদ্বয়ৰ প্ৰয়োগ কৰা নাছিল। তেওঁ "ব্যষ্টিবাদী গতিশীলতা" আৰু "সমষ্টিবাদী গতিশীলতা"ৰ মাজৰ পাৰ্থক্যহে আঙুলিয়াই দিছিল। সেই ব্যৱহাৰ পিচে আছিল বৰ্তমানে দেখা পোৱা ব্যষ্টিবাদী আৰু সমষ্টিবাদী বিভাজনৰ সমকক্ষ।[45][47] "ব্যষ্টিবাদী অৰ্থনীতি"ৰ প্ৰথম লিখিত উদাহৰণ পোৱা যায় ১৯৪১ চনত প্ৰকাশ পোৱা পিয়েটেৰ ডে ৱ'ল্ফৰ এটি প্ৰবন্ধত, য'ত তেওঁ "ব্যষ্টিবাদী গতিশীলতা"ৰ সংজ্ঞাক অধিক বহল কৰি "ব্যষ্টিবাদী অৰ্থনীতি"ৰ কথা কৈছিল।[46][48]
উপভোক্তা আচৰণ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ মৌলিক তত্ত্বসমূহৰ অন্যতম। ই যুক্তিসংগত চয়ন তত্ত্বৰ প্ৰত্যক্ষ প্ৰয়োগ বজাৰ অৰ্থনীতিত উপভোক্তাৰ আচৰণ বুজিবলৈ। ব্যষ্টিবাদী অৰ্থনীতিত সাধাৰণতে এক পৰমাণৱিক উপভোক্তাক কল্পনা কৰা হয় যাৰ সুসংজ্ঞায়িত পচন্দ আছে। উপভোক্তাই নিজৰ বাজেট বাধ্যবাধকতাৰ উপস্থিতিত এই পচন্দ বৃহদায়িত কৰি নিৰ্ণয় গ্ৰহণ কৰে।[15]
এই তত্ত্বৰ আধাৰতেই উপভোক্তাৰ চাহিদা ফলন সংজ্ঞায়িত কৰা হয়।
উৎপাদক আচৰণ তত্ত্বত উৎপাদকে কিদৰে কিমান উৎপাদন কৰিব লাগে আৰু কি ব্যৱহাৰ কৰি, সেই কথা বুজোৱা হয়। সাধাৰনতে ব্যষ্টিবাদী অৰ্থনীতিত উৎপাদকক এক লাভ বৃহদায়নকাৰী হিচাপে কল্পনা কৰা হয়। দিয়া হোৱা প্ৰযুক্তিৰ সহায়ত এই উৎপাদকে উৎপাদনৰ উপাদানক উৎপাদলৈ ৰূপান্তৰিত কৰে আৰু সেই উৎপাদ বিক্ৰী কৰে। প্ৰযুক্তিৰ ভিত্তিতেই উৎপাদন ফলন আৰু তাৰ ভিত্তিৰেই ব্যয় ফলন প্ৰাপ্ত কৰা হয়।[49]
এই তত্ত্বৰ ভিত্তিতেই উৎপাদকৰ যোগান ফলন সংজ্ঞায়িত কৰা হয়। পিচে, সকলো বজাৰত উৎপাদকৰ যোগান ফলন সংজ্ঞায়িত কৰিব পৰা নাযায়, যেনে একচেটীয়া বজাৰত।
সুযোগ ব্যয় ব্যষ্টিবাদী অৰ্থনীতিৰ এক মৌলিক ধাৰণা। এই ধাৰণাই অৰ্থনৈতিক ব্যয়ক একাউণ্টিং ব্যয়ৰ পৰা পৃথক কৰে। অৰ্থনীতিত ব্যয়ক দ্বিতীয় সৰ্বাধিক ইচ্ছিত বস্তুৰ মূল্য হিচাপে সংজ্ঞায়িত কৰা হয়। সৰ্বাধিক ইচ্ছিত বস্তু প্ৰাপ্ত কৰিবলৈ দ্বিতীয় সৰ্বাধিক বস্তু পোৱাৰ "সুযোগ" ত্যাগ কৰিবলগীয়া হয়, সেয়ে ইয়াক সুযোগ ব্যয় বোলা হয়। উপযোগিতাৰ পৰা সুযোগ ব্যয় হ্ৰাস কৰিলে অৰ্থনৈতিক লাভ পোৱা যায়।[50] কোনো অৰ্থনৈতিক নিৰ্ণয়কৰ্তাই কোনো নিৰ্ণয় তেতিয়াহে লয় যেতিয়া সেই নিৰ্ণয়ৰ পৰা পোৱা উপযোগিতা সেই নিৰ্ণয়ৰ অৰ্থনৈতিক ব্যয়তকৈ অধিক বা সমান হয়, আন শব্দত, যেতিয়া সেই নিৰ্ণয়ৰ অৰ্থনৈতিক লাভ ঋণাত্মক নহয়।
বজাৰত মূল্য নিৰ্ধাৰণ কেনেদৰে হয়, সেই কথা মূল্য তত্ত্বত বুজোৱা হয়।[51] ভিন ভিন প্ৰকাৰৰ বজাৰত মূল্য ভিন ভিন ধৰণেৰে নিৰ্ধাৰিত হয়, কিন্তু প্ৰায় সকলোতে ই হয় যোগান আৰু চাহিদাৰ সমতাত। এনে অৱস্থাক বজাৰ সাম্যাৱস্থা বোলা হয়। প্ৰায় এই কথাত গুৰুত্ব দিয়া নহয় যে মূল্য নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কি, এই কথাতহে গুৰুত্ব দিয়া হয় যে মূল্য কিমান হ'ব আৰু বিভিন্ন অচল সলনি হ'লে সেই মূল্য কিহলৈ সলনি হ'ব। পিচে কোনো কোনো আৰ্হিত, যেনে কবৱেব আৰ্হিত মূল্য নিৰ্ধাৰণৰ প্ৰক্ৰিয়াকো মহত্ব দিয়া হয়। ৱালৰাছীয় টেটনমেণ্ট এনে আটাইতকৈ বহুলভাৱে অধ্যয়ন কৰা প্ৰক্ৰিয়া।
পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ অধ্যয়নত ব্যষ্টিবাদী অৰ্থনীতিত বিশেষ গুৰুত্ব দিয়া হয়, কাৰণ এই বজাৰৰ অধ্যয়নত সেই চৰ্তসমূহ বুজা হয় যাৰ পূৰ্তি হ'লে বজাৰ ব্যৱস্থাৰ ফলাফল দক্ষ হ'ব।[19] এক প্ৰকাৰে, ই এডাম স্মিথৰ যুক্তিৰ এটি ৰূপ। পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ এক আদৰ্শীকৃত বজাৰ য'ত প্ৰত্যেক ক্ৰেতা আৰু বিক্ৰেতা মূল্য গ্ৰাহক আৰু বজাৰত কোনো বাহ্যিকতা বা তথ্যৰ অভাৱ নাই। এনে অৱস্থাত বজাৰৰ ফলাফল দক্ষ হয়। তদুপৰি, দীৰ্ঘম্যাদত এই বজাৰত ক্ৰেতাই সেই মূল্যতেই পণ্য ক্ৰয় কৰিব পাৰে যি মূল্যত ই উৎপাদিত হৈছিল, যাৰ বাবে বিক্ৰেতাৰ অৰ্থনৈতিক লাভ শূন্য হয়।[52] পিচে বাস্তৱ জগতত পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ বিৰল বা অসম্ভৱ।
একচেটীয়া বজাৰত কেৱল এটা উৎপাদক থাকে যিয়ে এক বৃহৎ সংখ্যক উপভোক্তাক পণ্য বিক্ৰী কৰে।[53] এই বজাৰৰ অধ্যয়ন বজাৰ শক্তি বুজাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ই বজাৰ শক্তিৰ চৰম উপস্থিতি সূচায়। একচেটীয়া বজাৰৰ ফলাফল সাধাৰণতে দক্ষ নহয়, আৰু ইয়াক দক্ষ কৰিবলৈ চৰকাৰী হস্তক্ষেপৰ উপদেশ দিয়া হয়। পিচে কোনো কোনো ক্ষেত্ৰত একচেটীয়া বজাৰ দক্ষ হ'ব পাৰে, যেনে প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্যৰ ক্ষেত্ৰত।[54] তদুপৰি, দীৰ্ঘম্যাদত একাধিকাৰী বিক্ৰেতাৰ ওচৰত নতুন প্ৰযুক্তিত বিনিয়োগ কৰিবলৈ অধিক সমল উপলব্ধ, যাৰ বিপৰীতে পূৰ্ণ প্ৰতিযোগী বিক্ৰেতাৰ কোনো সমল নাথাকে।
ইয়াৰ বিপৰীতে এক গ্ৰাহকৰ বজাৰো থাকিব পাৰে য'ত এটি ক্ৰেতা আৰু বৃহৎ সংখ্যক বিক্ৰেতা থাকে। এনে বাস্তৱত কেইবাটাও পৰিস্থিতিত দেখা যাব পাৰে, যেনে অনেক কৃষকৰ পৰা ফচল ক্ৰয় কৰা এটাই মাথো কোম্পানী থাকিব পাৰে।
স্বল্প বিক্ৰেতাৰ বজাৰত একেই পণ্য কেইটামান বিক্ৰেতাই বৃহৎ সংখ্যক ক্ৰেতাক বিক্ৰী কৰে। এনে বজাৰ একচেটীয়া আৰু পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ মাজৰ। এনে বজাৰ বাস্তৱ জগতত কেইবাটাও পৰিস্থিতিত দেখা যায়, যেনে ভাৰতৰ টেলিকম বজাৰ, বিশ্বৰ কমিক বুক বজাৰ আদি। এই বজাৰৰ অধ্যয়নত খেল তত্ত্বৰ প্ৰয়োগ কৰা হয় কাৰণ এই বজাৰত বিক্ৰেতাসকলে এজনে আনজনৰ ৰণনীতি মনত ৰাখি নিৰ্ণয় গ্ৰহণ কৰিবলগীয়া হয়। কুৰ্ণ' আৰু বাৰ্ট্ৰেণ্ড দুই মুখ্য আৰ্হি যাৰ সহায়ত এই বজাৰ ব্যৱস্থা অধ্যয়ন কৰা হয়।[55][56]
ইয়াৰ বিপৰীতে স্বল্প ক্ৰেতাৰ বজাৰ। এই বজাৰত কম সংখ্যক ক্ৰেতাই বৃহৎ সংখ্যক বক্ৰেতাৰ পৰা পণ্য ক্ৰয় কৰে। এনে দেখা যায়, উদাহৰণ স্বৰূপে, কোনো কোনো শ্ৰমৰ বজাৰত, য'ত বহু লোকে কেইটামান কোম্পানীৰ চাকৰীৰ বাবে আৱেদন কৰে।
একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰত বৃহৎ সংখ্যক বিক্ৰেতা আৰু ক্ৰেতা থাকে কিন্তু প্ৰত্যেক বিক্ৰেতাই বিক্ৰী কৰা পণ্য আন বিক্ৰেতাৰ পণ্যতকৈ কিছু পৃথক।[57] এনে অৱস্থাত বিক্ৰেতাই নিৰ্ণয় কৰিব লাগে যে তেওঁ তেওঁৰ পণ্যৰ গুণাগুণ কি ৰাখিব আৰু সেই পণ্য কিমান দামত বিক্ৰী কৰিব। হ'টেলিঙৰ আৰ্হি এই বজাৰৰ অধ্যয়নৰ বাবে ব্যৱহৃত এক বিখ্যাত আৰ্হি, যাৰ ব্যৱহাৰ ৰাজনেতিক নিৰ্বাচনৰ ফলাফল বুজিবলৈকো কৰা হয়।
প্ৰায়োগিক ব্যষ্টিবাদী অৰ্থনীতিৰ মূল উদ্দেশ্য হ'ল ব্যষ্টিবাদী স্তৰত কাৰণগত সম্বন্ধৰ সন্ধান কৰা। এনে প্ৰায় আংশিক সাম্যাৱস্থাৰ স্তৰত কৰা হয়। এনে কৰিবলৈ কাৰণগত অনুমানৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, যাৰ বাবে propensity score matching, difference in difference, regression discontinuity আদি প্ৰাকৃতিক পৰীক্ষণ-ভিত্তিক পদ্ধতি ব্যৱহাৰ কৰা হয়।[58] য'ত সম্ভৱ, randomised control trialsৰো ব্যৱহাৰ কৰা হয়।[59]
প্ৰায়োগিক ব্যষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা বিষয়ৰ পৰিসৰ অতি বহল: ই কৰৰ মূল্যৰ ওপৰত প্ৰভাৱৰ পৰা মোবাইলেৰে পঠিওৱা মেচেজৰ ক'ভিডত মাস্ক পিন্ধাৰ প্ৰভাৱলৈকে সকলো বিষয় সামৰে। এই সকলো বিষয়ৰ গুড়িতে মাথো এই ধাৰণা থাকিব লাগে যে এই সকলোতে মানৱ নিৰ্ণয় গ্ৰহণৰ প্ৰশ্ন থাকে। উদাহৰণ স্বৰূপে, কৃষি বিজ্ঞানীয়ে কম পানী খোৱা বীজ উদ্ভাৱন কৰিব পাৰে। কিন্তু সম্ভৱপৰ যে এই বীজত পানী কম লগা দেখি খেতিয়কে অধিক খেতি কৰিবলৈ লয় যাৰ বাবে পানীৰ মুঠ উপভোগ হ্ৰাস নাপায়। সেয়েহে মুঠ পানীৰ উপভোগ কেৱল বীজৰ পানী খোৱা গুণাগুণেই নহয়, খেতিয়কৰ ব্যৱহাৰ আৰু নিৰ্ণয়ৰ ওপৰতো নিৰ্ভৰ কৰে। এনে প্ৰশ্ন প্ৰায়োগিক ব্যষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা হয়।