ব্লেংক নয়জ (ইংৰাজী: Blank Noise) হৈছে ভাৰতত ৰাজপথত হোৱা হাৰাশাস্তি(ইভ টিজিং)ক প্ৰতিহত কৰিব বিচৰা এটা সম্প্ৰদায়/ৰাজহুৱা কলা প্ৰকল্প।[1][2] ২০০৩ চনৰ আগষ্ট মাহত জেচমীন পাথেজাই আৰম্ভ কৰা এই প্ৰকল্পটো বাংগালুৰুৰ সৃষ্টি স্কুল অৱ আৰ্ট ডিজাইন এণ্ড টেকন'লজিত ছাত্ৰ প্ৰকল্প হিচাপে আৰম্ভ হৈছিল আৰু তাৰ পিছৰ পৰা ভাৰতৰ অন্যান্য চহৰতো বিয়পি পৰিছে।[3]
ব্লেংক নয়জৰ নেতৃত্ব আৰু পৰিচালনা সম্পূৰ্ণৰূপে স্বেচ্ছাসেৱকৰ দ্বাৰা কৰা হৈছে। ভৌগোলিক স্থান আৰু বয়সৰ গোটৰ বিভিন্ন পুৰুষ আৰু মহিলা স্বেচ্ছাসেৱকৰ এটা দলে সামূহিকভাৱে কাম কৰে৷ ব্লেংক নয়জে ৰাজপথৰ যৌন নিৰ্যাতনৰ বিষয়টোৰ ওপৰত ৰাজহুৱা আলোচনা পথ প্ৰশস্ত কৰিব বিচাৰে। কথোপকথনসমূহত সামূহিকভাৱে "ইভ-টিজিং"ৰ সংজ্ঞা গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি "টিজিং", "হাৰাছমেণ্ট", "ফ্লাৰ্টিং"ৰ সীমা নিৰ্ধাৰণ কৰালৈকে অন্তৰ্ভুক্ত হৈ থাকে। এই গোটটোৱে ৰাজপথৰ যৌন হিংসা, হাৰাশাস্তি আৰু "ইভ-টিজিং"ৰ মূল্যাংকন কৰে আৰু সেইবোৰক ৰাজহুৱা স্থানত বিয়পাই দিয়ে, যাৰ ফলত ৰাজহুৱা তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়।[3]
ব্লেংক নয়জত মহিলাসকলক তেওঁলোকৰ চহৰৰ সৈতে থকা ভয়-ভিত্তিক সম্পৰ্কক পোনপটীয়াকৈ আৰু ৰাজহুৱা হস্তক্ষেপৰ জৰিয়তে সম্বোধন কৰা হয়, যিয়ে মহিলাসকলক ৰাজহুৱা স্থানত অচল হৈ নাথাকি "একছন হিৰো" হ'বলৈ প্ৰেৰণা দিয়ে।[3]তেওঁলোকক Blank Noise Guys বুলি কোৱা হয়। ব্লেংক নয়জে ‘ইভ-টিজিং’ৰ দিশত মনোভাৱৰ পৰিৱৰ্তন হোৱাত সহায় কৰে আৰু বিষয়টোৰ সামূহিক দায়িত্ব ল’বলৈ জনসাধাৰণক জড়িত কৰে। যদিও ব্লেংক নয়জৰ প্ৰতিষ্ঠা বাংগালুৰুত হৈছিল, তথাপিও ই আন চহৰ যেনে: মুম্বাই, দিল্লী, চেন্নাই, কলিকতা, চণ্ডীগড়, হায়দৰাবাদ, লক্ষ্ণৌলৈ বিয়পি পৰিছে। ই "মই কেতিয়াও ইয়াক বিচৰা নাই" (I never ask for it) আদি অভিযানৰ জৰিয়তে লাজ আৰু দোষৰ ধাৰণাটোক মোকাবিলা কৰে।[4] ইয়াৰ দ্বাৰা দূৰ কৰিব বিচৰা এটা গুৰুত্বপূৰ্ণ ধাৰণা হ’ল:মহিলাসকলে পিন্ধা কাপোৰৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন হয়। ৰাজপথৰ কাৰ্যসূচী আৰু আলোচনাৰ জৰিয়তে ব্লেংক নয়জে ৰাজপথত মহিলাসকলৰ বাবে এক নিৰাপদ আৰু মুক্ত পৰিৱেশ লাভ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ আশা কৰিছে, আৰু সাধাৰণতে নাৰীৰ প্ৰতি সমাজখনক অধিক সমতাবাদী হ’বলৈ সক্ষম কৰাৰ পথত অগ্ৰসৰ হৈছে।
২০১২ চনৰ ডিচেম্বৰ মাহত দিল্লীত চলন্ত বাছত এগৰাকী যুৱতীক নিৰ্মম দলবদ্ধ ধৰ্ষণৰ পিছত ব্লেংক নয়জে ছেফ চিটি প্লেজ আৰম্ভ কৰে, যিটো পদক্ষেপে নাগৰিকক মহিলাসকলৰ বাবে চহৰসমূহক সুৰক্ষিত কৰিব পৰা উপায়ৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়।[5]
এই প্ৰকল্পটোৱে বাৰ্তা স্প্ৰে পেইণ্টিং কৰা, ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বলি হোৱা লোকৰ সাক্ষ্য লিপিবদ্ধ কৰা, হাৰাশাস্তি বিৰোধী বাৰ্তা লিখা, টি চাৰ্ট ছপা কৰা আদি কাম হাতত লৈছে। ইয়াৰ উপৰিও ই বিক্ষোভ প্ৰদৰ্শন কৰিছে।[6]