ভাৰতীয় সাম্ৰাজ্য | |
---|---|
১৮৫৮–১৯৪৭
| |
![]() ১৯০৯ চনৰ ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ মানচিত্ৰ- ব্ৰিটিছ ভাৰত গুলপীয়া ৰঙত আৰু দেশীয় ৰাজ্যবোৰ হালধীয়া ৰঙত দেখুওৱা হৈছে
| |
Status | ব্ৰিটিছ সাম্ৰাজ্য (ভাৰতৰ ভাইচৰয় আৰু গৱৰ্ণৰ-জেনেৰেলৰ যোগেদি ব্ৰিটিছ শাসকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰা প্ৰেচিডেন্সি আৰু দেশীয় ৰাজ্যৰ গোট ব্ৰিটিছ শাসিত ভাৰত, আৰু ভাৰতীয় শাসকে শাসন কৰা কৰতলীয়া দেশীয় ৰাজ্য)[1] |
ৰাজধানী | কলকাতা (১৮৫৮-১৯১১) নতুন দিল্লী (১৯১১-১৯৪৭) |
সাধাৰণ ভাষা | |
ধৰ্ম | হিন্দু ধৰ্ম, ইছলাম, খ্ৰীষ্ট ধৰ্ম, শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, জ'ৰ'ষ্ট্ৰিয়ান, ইহুদী |
Government | ব্ৰিটিছ ঔপনিবেশিক চৰকাৰ |
যুক্তৰাজ্যৰ শাসক আৰু ভাৰতৰ সম্ৰাট/সম্ৰাজ্ঞীa | |
• ১৮৫৮-১৯০১ |
ভিক্টোৰিয়া |
• ১৯০১-১৯১০ |
সপ্তম এডৱাৰ্ড |
• ১৯১০-১৯৩৬ |
পঞ্চম জৰ্জ |
• ১৯৩৬ |
অষ্টম এডৱাৰ্ড |
• ১৯৩৬-১৯৪৭ |
ষষ্ঠ জৰ্জ |
ভাইচৰয়b | |
• ১৮৫৮-১৮৬২ (first) |
চাৰ্লছ কেনিং |
• ১৯৪৭ (last) |
লুই মাউণ্টবেটেন |
ৰাষ্ট্ৰসচিব | |
• ১৮৫৮-১৮৫৯ (first) |
এডৱাৰ্ড ষ্টেনলী |
• ১৯৪৭ (last) |
ৱিলিয়াম হেয়াৰ |
বিধানমণ্ডল | সাৰ্বভৌম বিধানীয় কাউন্সিল? (Imperial Legislative Council) |
ইতিহাস | |
• পলাশীৰ যুদ্ধ আৰু ভাৰতীয় বিদ্ৰোহ |
২৩ জুন ১৭৫৭ আৰু ১০ মে' ১৮৫৭ |
২ আগষ্ট ১৮৫৮ | |
১৮ জুলাই ১৯৪৭ | |
১৪ আৰু ১৫ আগষ্ট ১৯৪৭ |
ব্ৰিটিছ ৰাজ (/rɑːdʒ/; rāj, সংস্কৃত আৰু হিন্দুস্তানী ভাষাত "শাসন") বুলিলে ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসনক বুজায়।[2][3][4] ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোক প্ৰচলিত ভাষাত ইণ্ডিয়া বা ভাৰত বোলা হৈছিল। ব্ৰিটিছ ইণ্ডিয়া বুলি কোৱা প্ৰত্যক্ষভাৱে যুক্তৰাজ্যৰ শাসনত থকা অঞ্চল আৰু স্থানীয় শাসকে শাসন কৰা ব্ৰিটিছৰ কৰতলীয়া ৰাজ্যবোৰ ইয়াৰ অন্তৰ্গত আছিল। গোটেই অঞ্চলটোক আনুষ্ঠানিকভাৱে ভাৰতীয় সাম্ৰাজ্য বুলি অভিহিত কৰা হৈছিল। .[5][6] ভাৰত নামেৰে ই লীগ অৱ নেচন্ছ আৰু United Nationsৰ প্ৰতিষ্ঠাপক সদস্য আছিল। এই নামেৰেই ই ১৯০০, ১৯২০, ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক অংশগ্ৰহণ কৰিছিল।[7]
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ৰানী ভিক্টোৰিয়াৰ হাতলৈ স্থানান্তৰিত হোৱাৰ পাছত শাসনৰ এই পদ্ধতি ১৮৫৮ চনৰ ২৮ জুনৰ পৰা আৰম্ভ হয়।[8] ৰাণিক ১৮৭৬ চনত ভাৰতৰ সম্ৰাজ্ঞী ঘোষণা কৰা হৈছিল। ১৯৪৭ চনত ভাৰতৰ বিভাজন হৈ ভাৰতীয় অধিৰাজ্য (পাছলৈ ভাৰতীয় গণৰাজ্য) আৰু পাকিস্তান অধিৰাজ্য (পাছলৈ পাকিস্তান আৰু বাংলাদেশ) নামৰ দুখন দেশ গঠন হওঁতে এই শাসনৰ অন্ত পৰে। ১৮৫৮ চনত নামনি বাৰ্মা ব্ৰিটিছ শাসিত ভাৰতৰ অংশ আছিলেই, ১৮৮৬ চনত উজনি অংশকো সামৰি লোৱা হয়। ১৯৩৭ চনলৈকে এই মিলিত অঞ্চল ম্যানমাৰক স্বয়ংশাসিত অঞ্চল হিচাপে ৰখা হৈছিল। ১৯৪৮ চনত ম্যানমাৰেও স্বাধীনতা লাভ কৰে।
আন ইউৰোপীয় দেশে নিয়ন্ত্ৰণ কৰা গোৱা আৰু পুডুছেৰীৰ দৰে সৰু অঞ্চলবোৰৰ বাদে ব্ৰিটিছ ৰাজে বৰ্তমানৰ প্ৰায় গোটেই ভাৰত, পাকিস্তান আৰু বাংলাদেশক সামৰি লৈছিল।[9] এই সমগ্ৰ অঞ্চলটোৰ পৰিবেশ ভিন ভিন আছিল- এফালে হিমালয়ৰ পৰ্বতমালা, বানপ্ৰবল উৰ্বৰভূমি, আনফালে গংগাৰ সমতল, দীঘলীয়া সাগৰতীৰ আৰু থৰ মৰুভূমি।[10] ইয়াৰ লগতে বিভিন্ন সময়ত ইয়াত এডেন প্ৰদেশ (১৮৫৮ৰ পৰা ১৯৩৭),[11] নামনি ব্ৰহ্মদেশ (১৮৫৮-১৯৩৭), উজনি ব্ৰহ্মদেশ (১৮৮৬-১৯৩৭), ব্ৰিটিছ চোমালিলেণ্ড (১৮৮৪-১৮৯৮), আৰু ছিংগাপোৰ (১৮৫৮-১৮৬৭)। পাৰস্য উপসাগৰৰ চুক্তিবদ্ধ ৰাষ্ট্ৰসমূহ আৰু পাৰস্য উপসাগৰীয় আবাসৰ দেশবোৰ কাগজে-পত্ৰই দেশীয় ৰাজ্য আছিল। ব্ৰিটিছ ভাৰতৰ প্ৰেচিডেন্সি আৰু প্ৰদেশসমূহও ১৯৪৭ চনলৈকে ব্ৰিটিছ ৰাজৰ অংগ আছিল।[12]
এই অঞ্চলৰ আন দেশবোৰৰ ভিতৰত ১৮০২ চনত এমিয়েন্ছ সন্ধিৰ যোগেদি চেয়লন (এতিয়াৰ শ্ৰী লংকা)ক ব্ৰিটিছৰ হাতত গতাই দিয়া হৈছিল। ১৭৯৩ চনৰ পৰা ১৭৯৮ চনলৈকে ই মাৰ্দাছ প্ৰেচিডেন্সিৰ অংশ আছিল।[13] নেপাল আৰু ভূটানে ব্ৰিটিছৰ লগত যুদ্ধ কৰাৰ পাছত সন্ধি কৰি ব্ৰিটিছে তেওঁলোকক স্বাধীন ৰাজ্য বুলি মানি লয়।[14][15] ১৮৬১ চনত এংলো-চিক্কিমিজ সন্ধিৰ পাছত চিক্কিম ৰাজ্যক দেশীয় ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল; কিন্তু সাৰ্বভৌমত্বৰ কথা স্পষ্ট কৰা নাছিল।[16] ১৮৮৭ চনৰ পৰা ১৯৬৫ চনলৈকে মালদিভ দ্বীপপুঞ্জ ব্ৰিটিছৰ সুৰক্ষিত অঞ্চলহে আছিল, কিন্তু ব্ৰিটিছ ভাৰতৰ অংশ নাছিল।