বৰ থেকেৰা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malpighiales |
পৰিয়াল: | Clusiaceae |
গণ: | Garcinia |
প্ৰজাতি: | G. pedunculata |
বৈজ্ঞানিক নাম | |
Garcinia pedunculata Roxb. ex Buch.-Ham. |
বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।
বৰ থেকেৰাৰ গা-গছ লেহুকা আৰু জোপোহা। পাতবোৰৰ স্পষ্ট মধ্যসিৰা দেখা যায়। পুং স্তৱক শেঁতা সেউজীয়া ৰঙৰ আৰু পুষ্পসজ্জা পানিচিল(panicles)৷ স্ত্ৰী স্তৱক অকলশৰীয়াকৈ থাকে। ফলবোৰ প্ৰায়ে ঘূৰণীয়া আৰু ব্যাস ৮ৰ পৰা ১২ ছেঃমিঃ। ইয়াৰ ভিতৰচোৱা ৰসেৰে পৰিপূৰ্ণ[1]
থেকেৰাৰ পকা ফলসমূহ কেঁচাই বা সিজাই খোৱা হয়। সাধাৰণতে ফলবোৰ কাটি ৰদত শুকুৱাই সংৰক্ষণ কৰা হয়। শুকান থেকেৰা অসমৰ খাদ্য প্ৰণালীত বহুলভাৱে ব্যৱহাৰ কৰা হয়। মাছৰ টেঙা, মাটিমাহ আৰু থেকেৰা, আদিৰ দৰে অসমীয়া খাদ্যত থেকেৰা ব্যৱহাৰ কৰা হয়। লগতে আন শাক পাচলি আৰু ডাইলৰ লগতো থেকেৰা ব্যৱহাৰ কৰা হয়।[2][3] থেকেৰাৰ ঔষধি গুণো আছে। সাধাৰণতে পেটৰ অসুখত থেকেৰা খাবলৈ দিয়া হয়।